1. উদ্য়ানশস্য়

খৰাঙৰ বাবে আপুনি ৰুৱ নোৱাৰিলে নেকি! চিন্তা নকৰিব।

KJ Staff
KJ Staff

অসমত এতিয়াও ৰহৰ দাইলৰ খেতিৰ জনপ্ৰিয়তা নাই। অথচ অসমৰ জলবায়ু ৰহৰ মাহৰ খেতিৰ বাবে উপযোগী বুলি কৃষি বিশেষজ্ঞসকল নিশ্চিত হৈছে। অসমত ৰহৰ মাহৰ খেতিৰ জনপ্ৰিয়তা নাই অথচ ৰহৰ দাইলৰ চাহিদা আছে অত্যন্ত। পিছে চাহিদাৰ তুলনাত ৰহৰ দাইলৰ উৎপাদন একেবাৰে নগণ্য। এই ৰহৰ দাইলৰ খেতি অসমৰ খেতিয়কসকলে কৰিব পাৰে। বিশেষকৈ এতিয়া খৰাং বতৰ। ইফালে ধান ৰোৱাৰ সময় ইতিমধ্যে পাৰ হৈ যোৱাৰ অতিক্ৰম। চিন্তিত হৈ পৰিছে অসমৰ খেতিয়কসকল। মাটিখিনি ৰুৱ নোৱাৰিলে ইনেই পৰি থাকিব। কিন্তু চিন্তা কৰা বৰ এটা প্ৰয়োজন নাথাকে। ধান ৰুব নোৱাৰিলে কি হ’ল অন্য খেতিও সেই ঠাইত কৰিব পাৰে। অন্য ৰবিশস্যৰ খেতি কৰি ধানতকৈ আপুনি বেছি উপাৰ্জন কৰিব পাৰিব। তদুপৰি ৰহৰ দাইল খেতি ঘৰৰ চৌপাশৰ এনেয়ে পৰি থকা মাটি, ওখ পতিত মাটি, পুখুৰীৰ পাৰ, বাৰীৰ খালী মাটি আদিত ৰহৰ মাহৰ খেতি কৰিব পাৰি।

অন্যান্য দাইলজাতীয় শস্যৰ দৰে ৰহৰ মাহৰ খেতিত বৰ বিশেষ লাগিও থাকিব নালাগে, খৰচো বৰ কম। আনহাতে উত্পাদিত ৰহৰ দাইল অত্যন্ত লাভজনক দামত সহজে বিক্ৰী কৰিব পাৰি। গতিকে আমাৰ কৃষক ৰাইজে এইবিধ শস্যৰ খেতিত গুৰুত্ব দিলে যথেষ্ট লাভাৱান্বিত হব পাৰে।

অসমৰ জলবায়ুৰ বাবে  উপযুক্ত ৰহৰ দাইলৰ সঁচ :

অধিক উৎপাদনক্ষম বিভিন্ন থলুৱা জাতৰ উপৰি টি-২১ নামৰ জাতটোৰ খেতি কৰিলে লাভ হোৱাটো নিশ্চিত। এই জাতৰ বীজ সিঁচাৰ ১৭০-২০০ দিনৰ ভিতৰতে খেতি চপাব পৰা হয়।

খেতিৰ সময় :

জুন-জুলাই-আগষ্ট

ৰহৰ দাইলৰ খেতি
ৰহৰ দাইলৰ খেতি

পথাৰ প্ৰস্তুতি :

ৰহৰ খেতিৰ বাবে বাছি লোৱা মাটিডৰাত যাতে কোনো কাৰণতে পানী জমা হ’ব নোৱাৰে বা বানপানী নহয় সেই বিষয়ে আগতীয়াকৈ নিশ্চিত হ’ব লাগিব। উপযুক্ত মাটিডৰাত ৪-৫ বাৰ দকৈ হাল বাই অথবা কোৰ মাৰি, সম্ভৱ হ’লে মৈয়াই সমান কৰি ল’ব। বন-বাত, জাবৰ-জোঁথৰ আঁতৰাই মাটিডৰা পৰিষ্কাৰ কৰি ল’ব।

বীজ ৰোপণ  :

এবিঘা মাটিত খেতি কৰিবলৈ প্ৰায় দুই কিলোগ্ৰাম বীজৰ প্ৰয়োজন হয়। শাৰীবদ্ধ প্ৰণালীৰ ৭৫ ছেঃমিঃ×৩০ ছেঃমিঃ ব্যৱধানত বীজ সিঁচিব।

লগতে পঢ়ক-  বানে মৰা বা আগতীয়া ধান চপোৱা পথাৰখনত নাইবা কঠিয়ানীতলীডৰাত

English Summary: Ahar dal cultivate

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.