1. স্বাস্হ্য আৰু জীৱন

আমি কিয় কাঠফুলা খাব লাগে

KJ Staff
KJ Staff
Masroom
Masrom

মানুহ এজন সুস্থভাৱে জীয়াই থাকিবলৈ হ’লে, তেওঁৰ দেহত প্ৰটিনৰ প্ৰয়োজন অপৰিহাৰ্য্য। কাৰণ প্ৰটিন হ’ল, মানৱ দেহত শক্তি যোগোৱাৰ প্ৰধান উপাদান। সাধাৰণতে এই প্ৰটিন আমি ভাত, ৰুটি, মাংস, কণী ইত্যাদি খাদ্যবোৰৰ পৰা পাওঁ। বিজ্ঞানীসকলে পৰীক্ষা কৰি উলিয়াইছে যে, এই খাদ্যবোৰৰ উপৰিও আৰু এবিধ খাদ্য আছে য’ত এইবোৰতকৈ বহুত বেছি পৰিমানে প্ৰটিন থাকে সেইটো হ’ল কাঠফুলা। অৰ্থাৎ কাঠফুলা হ’ল সৰ্ব্বোচ্চ প্ৰটিনযুক্ত এবিধ আঁহযুক্ত খাদ্য। এইবিধ খাদ্যৰ আন এটা ডাঙৰ গুণ হ’ল ইয়াৰ হজমি গুণ বৰ বেছি। অতি সহজেই ই মানুহৰ পাকস্থলিত হজম হৈ যায়। আনহাতে ই ৰক্তহীনতা ৰোগৰ মহৌষধ। কাঠফুলাত ফলিক এচিড যথেষ্ট পৰিমাণে থকাৰ বাবে তেজ গঠন কৰাত সহায় কৰে আৰু ৰক্তহীনতা দূৰ কৰে। এজন মানুহে মাথোন তিনিগ্ৰাম কেঁচা কাঠফুলা প্ৰতিদিনে খালে ৰক্তহীনতা ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। উচ্চ ৰক্তচাপ আৰু বহুমূত্ৰ ৰোগৰ ক্ষেত্ৰতো কাঠফুলা যথেষ্ট উপকাৰী। কাঠফুলাত এগষ্টাৰ নামৰ এনে এবিধ বিশেষ পদাৰ্থ আছে। যিয়ে মানৱ দেহৰ শিৰাবোৰৰ মাজত কলেষ্টৰেল গঠন হ’বলৈ নিদিয়ে আৰু গঠিত হোৱা কলেষ্টৰেল দ্ৰবীভূত কৰি ৰক্তপ্ৰবাহী শিৰাবোৰ পৰিষ্কাৰ কৰি ৰাখে। সেয়ে উচ্চ ৰক্তচাপ আৰু হৃদৰোগী সকলক চিকিৎসক সকলে বেছিকৈ কাঠফুলা খাবলৈ দিয়ে।

বিভিন্ন ৰোগৰ মহৌষধ ৰুপে পৰিচিত কাঠফুলা হাতৰ কাষতে পোৱাৰ লক্ষ্যৰে ধুবুৰী জিলাৰ এক অগ্ৰনী বেচৰকাৰী সংস্থা চিলাৰায় কৃষি বিকাশ সমিতিৰ কাৰ্য্যালয়ত উৎপাদন কৰা হৈছে সতেজ কাঠফুলা। আনহাতে এই খেতিৰে স্বঃনিৰ্ভৰশীল হোৱাৰ বাবেও নিবনুৱা যুবক-যুবতীসকলক আহ্বান জনাইছে সমিতিখনে। অসমৰ জলবায়ু অইষ্টাৰ প্ৰজাতিৰ কাঠফুলা উৎপাদনৰ বাবে অনুকুল আৰু অতি কম খৰচতে উৎপাদন কৰিব পাৰি এই প্ৰজাতিৰ কাঠফুলা আৰু ৰ’দত শুকাই ৬-৭ মাহ পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি।

উৎসঃ চিলাৰায় কৃষি বিকাশ সমিতি, ধুবুৰী

English Summary: Why we should eat masrom

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.