1. স্বাস্হ্য আৰু জীৱন

তেজৰ_ইউৰিক_এচিড_নিয়ন্ত্ৰণৰ_উপায়

KJ Staff
KJ Staff
Control Uric Acid In Blood
Control Uric Acid In Blood
আমাৰ অজ্ঞতাৰ হেতু আজিকালি তেজত ইউৰিক এচিড বঢ়া ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িছে আৰু ভৱিষ্যতে হয়তো সামাজিক সমস্যা ৰূপে দেখা দিব। স্বাভাৱিকতে ৪০ বছৰ বয়সৰ পিছত এই ৰোগ হয় যদিও খাদ্যভ্যাস আৰু জীৱন ধাৰণৰ পৰিৱৰ্তনৰ বাবে কম বয়সীয়া পুৰুষ-মহিলা এই ৰোগত আক্ৰান্ত হয়। আমাৰ খাদ্য বিপাকৰ অন্তত স্বাভাৱিক ভাৱে উৎপন্ন হোৱা ইউৰিক এচিড তেজত মিহলি হৈ থাকে। তেজত থকা স্বভাৱিব ইউৰিক এচিডৰ পৰিমাণ হৈছে মহিলাৰ ক্ষেত্ৰত ২'৪- ৬ মি:গ্ৰা: /১০০ মিলি লিটাৰ তেজ আৰু পুৰুষৰ ক্ষেত্ৰত ৩'৪-৭ মি:গ্ৰা: /১০০মিলি লিটাৰ তেজ। ইয়াতকৈ পৰিমাণ বৃদ্ধি হোৱাক ইউৰিক এচিড ৰোগত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হয়।
 তেজত ইউৰিক এচিড বৃদ্ধিৰ সৈতে লিভাৰ আৰু কিডনীৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যদিও আন কিছুমান ৰোগ গৌণভাৱে জড়িত হৈ থাকে। এই ৰোগৰ কাৰণ আৰু প্ৰতিকাৰ সমূহ সংক্ষেপে তলত উল্লেখ কৰা হল ।
(১) ঘৰচীয়া জন্তুৰ মাংস, ব্ৰইলাৰ মূৰ্গী , কণী , গাখীৰৰ পৰা উৎপাদিত খাদ্য অত্যাধিক পৰিমাণে খোৱা আৰু কোনো ধৰণৰ শাৰীৰিক পৰিশ্ৰম নকৰিলে বিপাকৰ অন্তত তেজত ইউৰিক এচিভ বাঢ়ে। এই ক্ষেত্ৰত লিভাৰ সুস্থ অৱস্থাত থাকে যদিও উপচিতিৰ বাবে ইঊৰিক এচিড বাঢ়ে । সেয়েহে শাৰীৰিক পৰিশ্ৰম নকৰা ব্যক্তিয়ে এই ধৰণৰ খাদ্য খোৱাৰ ক্ষেত্ৰত সাৱধান হব লাগে ।
(২) আজিকালি চালানী মাছৰ পয়োভৰতা দিনকদিনে বাঢ়িব ধৰিছে। ছালানী মাছ নেগেলিব আৰু নপচিবৰ বাবে ফৰ্মেলডিহাইদ মাছৰ দেহত সানি সংৰক্ষণ কৰে। এই বিষাক্ত ছালানী মাছ খালে লিভাৰ আৰু কিডনীৰ নানানটা ৰোগ হয়। লিভাৰ আৰু কিডনী আক্ৰান্ত হলে শৰীৰত হঠাতে ইঊৰিক এচিড বাঢ়ে 
(৩) ফেটি লিভাৰ অথবা নানান ধৰণৰ পুৰণি লিভাৰ ৰোগত আক্ৰান্ত হৈ থকা অৱস্থাত ওপৰোক্ত খাদ্যসমূহ স্বাভাৱিক পৰিমাণে খালেও বিপাকত  বিসঙ্গতি আহি পৰে। ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে। সেয়েহে লিভাৰৰ ৰোগত আক্রান্ত হৈ থকা অৱস্থাত এই ধৰণৰ খাদ্য বৰ্জন কৰিব লাগে।
 (৪) ৰঙালাও কিছুমান মানুহৰ অতি প্ৰিয় খাদ্য। ৰঙালাওত পিউৰিণ নামৰ পদাৰ্থ বেছিকৈ থাকে আৰু বিপাকৰ অন্তত পিউৰিণ পদাৰ্থবিধ ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হবলৈ ধৰে‌ । সেয়েহে সদায় আৰু অত্যাধিক পৰিমাণে ৰঙালাও নাখাব।
(৫)  বেঙেনা, বিলাহী, ফুলকবি, পালেংশাক , বীট, বিনজাতীয় পাচলি এক লাভজনক খেতি। বেছিকৈ লাভ কৰাৰ উদ্দেশ্য খেতিয়কে জোখ-মাখ নোহোৱাকৈ জধেমধে অতি বিষাক্ত আৰু স্বাস্থ্য হানিকাৰক ৰাসায়নিক সাৰ তথা কীট নাশক ঔষধ প্ৰয়োগ কৰে । এনেধৰণৰ পাচলি খালে লিভাৰ আৰু কিডনীৰ ক্ষতি কৰাৰ লগতে তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে। পৰাপক্ষত এনে ধৰণৰ পাচলি খোৱাৰ ক্ষেত্ৰত সাৱধন হব।  হাইব্ৰীড পাচলি ক্ষতিকাৰক হোৱাৰ বিপৰীতে থলুৱা পাচলি বহুত উপকাৰী।
(৬) ৰঙা চাকি আটা ইউৰিক এচিড বৃদ্ধিৰ এটা মূখ্য কাৰণ বুলিও কব পাৰি। সেউজ বিপ্লৱৰ নামত আজিকালি জধেমধে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয় ‌। প্ৰায় ৭% ৰাসায়নিক সাৰ তথা কীটনাশক শস্যৰ বীজত সঞ্চিত হয়। শস্য সামৰাৰ পিছত পোক-পৰুৱাই নাখাবৰ  বাবে তথা  নপচিবৰ কাৰণে  পুনৰ অতি বিষাক্ত পদাৰ্থ  ডি,ডি,টি ; মালাথিয়ান ইত্যাদি ঘেহুত মিহলি কৰে। এই ঘেহু নোধোৱাকৈ বা শোধন নকৰাকৈ আটা বনোৱা হয় । এই আটা ব্যৱহাৰ কৰিলে লিভাৰ আৰু কিডণীৰ নানা ধৰণৰ জটিল ৰোগ হোৱাৰ লগতে তেজত ইউৰিক এচিড বৃদ্ধি হোৱাৰ উপৰিও কেঞ্চাৰ ৰোগ হয় । সেয়েহে আটা বৰ্জন কৰি থলুৱা জা-জলপান ব্যৱহাৰ কৰিব
 (৭) কিনা আচাৰ , চচ ,কাসুন্দী ইত্যাদিত বেছি পৰিমাণে ভিনেগাৰ দিয়া থাকে‌। ভিনেগাৰ হৈছে এচেটিক এচিড , এই এচেটিক এচিড খোৱাৰ পিছত শৰীৰৰ তেজত ইউৰিক এচিড বাঢ়িবলৈ ধৰে।পৰাপক্ষত এই ধৰনৰ কিনা বস্তু নাখাব , ঘৰতে বনাই খাব ।
 (৮) ক্ৰনিক ৰিনেল ফেইলাৰ, নেফ্ৰাইটিছ আদি কিছুমান কিডনী ৰোগ হলে ভালদৰে তেজ শোধন কৰিব নোৱাৰে। ফলস্বৰূপে তেজত ইউৰিক এচিডৰ পৰিমাণ বাঢ়িবলৈ ধৰে । গতিকে কিডনী ৰোগৰ লক্ষণসমূহ দেখা মাত্ৰেই চিকিৎসকৰ লগত পৰামৰ্শ কৰিব।
 (৯) আমাৰ শৰীৰৰ দুই-তৃতীয়াংশ পানী থাকে। সেয়েহে শৰীৰটো ভালদৰে শোধন হবলৈ প্ৰতিদিনে প্ৰায় তিনি-চাৰি লিটাৰ পানীখাব লাগে। পানী বেছিকৈ খালে বেছিকৈ পেচাব হয় আৰু পেচাবৰ সৈতে তেজৰ বৰ্জিত পদাৰ্থ তথা অতিৰিক্ত ইউৰিক এচিড নিৰ্গত হয় । কম পানী খোৱা ব্যক্তিৰ তেজত ইউৰিক এচিড বঢ়াৰ উপৰিও কিডনী ষ্টন ৰোগত আক্ৰান্ত হয় । সেয়েহে সদায় প্ৰচুৰ পৰিমাণে পানী খালে এই ৰোগৰ পৰা ৰক্ষা পাব পাৰি। 
 (১০)  বংশগত ভাৱে তেজত ইউৰিক এচিড বাঢ়িলে তাক নিৰাময় কৰাটো সম্ভৱপৰ নহয় । সেয়েহে এই সকল ব্যক্তি খোৱা-বোৱাৰ ক্ষেত্ৰত অধিক সচেতন হৈ থাকিব।
 (১১) হঠাতে শৰীৰৰ ওজন হ্ৰাস , শৰীৰৰ পদ্ধতিগত ৰোগ ,ৰক্তহীনতা ,জটিল অস্ত্ৰোপচাৰ , ৰক্ত কেঞ্চাৰ, হজ্কিন ৰোগ ,লচিকা গ্ৰন্থিৰ কৰ্কট আদি ৰোগত আক্ৰান্ত হলেও তেজত ইউৰিক এচিড বাঢ়ে।
 (১২) ঠাণ্ডা ঠাইত বহুত দিন থাকিলে অথবা একেৰাহে বহুত দিন শৰীৰত ঠাণ্ডা লগোৱা কাম কৰাৰ ফলত ইউৰিক এচিড বাঢ়ে‌।
 (১৩) বহুত দিন মূত্ৰল ঔষধ (diuretics) খাই থাকিলেও তেজত ইউৰিক এচিড বৃদ্ধি পায়। গতিকে জধেমধে মূত্ৰল ঔষধ নাখাব।
 (১৪) শোথৰোগ (সৰ্বশৰীৰ ফুলা) , উচ্চ ৰক্তচাপ আদি ৰোগত  আক্ৰান্ত হলেও তেজত ইউৰিক এচিড বৃদ্ধি হয়‌ । এই ৰোগত আক্রান্ত হলে চিকিৎসা গ্ৰহণ কৰিব।
(১৫) সদায় বেছিকৈ মদ্যপান কৰা , কঠোৰ শাৰীৰিক পৰিশ্ৰম কৰা আৰু প্ৰায়েই উপবাস কৰা ব্যক্তিৰ শৰীৰত জৈৱিক এচিড উৎপন্ন হয় । সময়ৰ পৰিৱৰ্তনৰ লগে লগে জৈৱিক এচিড ইউৰিক এচিডলৈ পৰিৱৰ্তন হৈ তেজত সঞ্চিত হয় । পৰাপক্ষত মদ্যপান, কঠোৰ পৰিশ্ৰম আৰু অপ্ৰয়োজনীয় উপবাসৰ পৰা বিৰত থাকিব। একেলগে মদ আৰু মাংস খোৱাটো অধিক ক্ষতিকাৰক।
(১৬)  গেষ্ট্ৰিক ৰোগৰ বাবে খোৱা পেন্টোপ্ৰাজল , ৰবিপ্ৰাজল টেবলেত আৰু বিষনাশক ঔষধ বেছিকৈ ব্যৱহাৰ কৰিলে কিডনী ফেইলাৰ নামৰ কিডনী ৰোগহয়। এই ৰোগত আক্রান্ত হলে শৰীৰৰ তেজ ভালকৈ শোধন হ'ব নোৱাৰে আৰু শৰীৰত ইঊৰিক এচিড দিনক দিনে বাঢ়িবলৈ ধৰে। উল্লেখযোগ্যযে নিউইয়ৰ্কৰ বেছেট মেডিকেল চেন্টাৰৰ প্ৰখ্যাত গৱেষক  চিকিৎসক চৰত থংপ্ৰায়ুনে চলোৱা গৱেষণা মূলক অধ্যয়ন মতে গেষ্ট্ৰিকৰ ঔষধ পেন্টোপ্ৰাজল আৰু ৰবিপ্ৰাজল টেবলেত বেছিকৈ খোৱা ব্যক্তিৰ ৩৩% কিডনী ফেইলাৰ আৰু দূইতৃতীয়াংশৰ পাকস্থলী কেঞ্চাৰ হয়।
ইঊৰিক এচিড ৰোগৰ উপসৰ্গ
ইউৰিক এচিড স্ফটিক আকাৰত থাকে। তেজত ইউৰিক এচিড বৃদ্ধি হলে ইঊৰিক এচিডৰ স্ফটিক শৰীৰৰ গাঁঠি নাইবা জোৰাত সঞ্চিত হবলৈ ধৰে । ক্ৰমান্বয়ে বাতৰক্ত বা Gout নামৰ গাঠি ফুলা আৰু বিষোৱা ৰোগ হয়। প্ৰথমে ভৰিৰ বুঢ়া আঙুলিত বিষ আৰম্ভ হয় আৰু শেষলৈ হাত-ভৰিৰ বিভিন্ন গাঁঠি ফুলি বিষাবলৈ ধৰে । তাৰোপৰি ইঊৰিক এচিডৰ স্ফটিক কিডনীত সঞ্চিত হৈ কিডনী ষ্টন গঠন কৰে।

আহাৰ-বিহাৰ

ইঊৰিক এচিড নিয়ন্ত্ৰণ কৰি সুস্বাস্থ্য ৰক্ষাৰ বাবে  আহাৰ ছবাৰ  খাব লাগে । দূপৰীয়া আৰু ৰাতি আহাৰ ১৫-২০% ‌কমাই খাব । পূৱা , আগবেলা, আবেলি আৰু সন্ধিয়া লঘূ আহাৰ খাব । এইদৰে আহাৰ খালে লিভাৰ, অগ্ণাশয় আদিত অত্যাধিক চাপ নপৰে বাবে বিপাকত আউল নালাগে। মাংস, কণী, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত প্ৰোটিন আৰু চৰ্বিযুক্ত আহাৰ কমকৈ খাব । বেঙেনা, বিলাহী , ফুলকবি, তিয়হ, পালেঙ, ৰঙালাও নাখাব। পানী চাৰিলিটাৰ খাব । শাৰীৰিক পৰিশ্ৰম কৰিব।

 চিকিৎসা

এই ৰোগৰ কাৰণ আৰু উপসম ইতিমধ্যে ওপৰত উল্লেখ কৰা হৈছে‌। লিভাৰ আৰু কিডনী সুস্থ-সবল কৰাৰ লগতে বিষ উপসমৰ চিকিৎসা কৰিলেহে সম্পূৰ্ণ ভাল হয় । 
(১) লিভাৰ সুস্থ সবল কৰাৰ বাবে Arogya vardhani দূটাকৈ তিনিবাৰ খাব । Kumaryasav নাইবা Rohitakarista নামৰ আয়ুৰ্বেদিক লিভাৰ ঔষধ চাৰি চামূচকৈ দিনে তিনিবাৰ আহাৰৰ পিছত খাব । আয়ুৰ্বেদিক পেটেণ্ট ঔষধ Liv52 , Livomyn, Amlycure , Beeliv , Livfit আদি ঔষধো খাব পাৰে।
(২) কিডনী সুস্থ সবল কৰি ৰখাৰ বাবে Chandra prabha vati অথবা vangeswar ras-দূটাকৈ দিনে তিনিবাৰ খাব । Chandanasav নাইবা  Punarnawarista- কিডনী সুৰক্ষাৰ বাবে ভাল ঔষধ , চাৰি চামুচকৈ দিনে তিনিবাৰ খাব।
(৩) গাঠিৰ বিষ উপসমৰ বাবে Kaishore gugulu নাইবা Yogaraj gygyu - দুটাকৈ দিনে তিনিবাৰ খাব। 
(৪) বিষ উপসমৰ বাবে saindhabadi toil নাইবা  Vishagarbha toil -দিনে তিনি-চাৰি বাৰ মালিছ কৰিব।
 উল্লেখযোগ্য যে আয়ুৰ্বেদিক চিকিৎসাত  ইউৰিক এচিড ৰোগী সম্পূৰ্ণ ভাল হয়।
( নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ২০১৭  প্ৰকাশিত)
ডা: মনোজ কুমাৰ শইকীয়া
হোৱাটৃএপ-94352097004
SWASTHYA--THE HEALTH SOLUTION
English Summary: way to control uric acid in blood

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.