1. স্বাস্হ্য আৰু জীৱন

গাঁৱৰ স্বাস্থ্য, অনাময় আৰু পুষ্টি

KJ Staff
KJ Staff

আজি এসপ্তাহ ধৰি আশা বাইদেউৰ গাত তত নাই, টাকুৰি ঘূৰাৰ দৰে গাঁও স্বাস্থ্য অনাময় আৰু পুষ্টি সমিতিৰ সদস্যসকলক লগ ধৰিছে। সকলোৱে মিলি অহা ৰবিবাৰে গাঁওৰ মুখিয়াল ব্যক্তি, বৰদৈচিলা ক্লাবৰ সদস্য আৰু নাববৰ গাঁওৰ মহিলা সমিতিৰ সদস্যাসকলক লৈ প্ৰথম ৰাজহুৱা সভা নামঘৰত পাতিবলৈ সিদ্ধান্ত কৰিছে। প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ হেলথ এডোকেটৰ, ডি এম ই, ডি চি এম য়েও আহিবলৈ সন্মতি দিলে। সভাৰ সময় তিনি বজাত ঠিৰাং কৰা হ’ল। নামবৰ উপস্বাস্থ্য কেন্দ্ৰৰ এ এন এম, এম পি ডব্লিউ আদি সময়মতে সভাত উপস্থিত হ’ল। আৰম্ভণিতে গাঁও স্বাস্থ্য অনাময় আৰু পুষ্টি কমিটিৰ সভাপতিয়ে ৰাইজক সদস্যসকলক চিনাকি কৰি দিলে আৰু নামবৰ গাঁওৰ সকলোৰে স্বাস্থ্য ভালে ৰখাত এই কমিটিখনৰ দায়িত্বৰ কথাও ক’লে। এ এন এম বাইদেউৱে সভাৰ উদ্দেশ্য ব্যাখ্যাত গাঁওখনৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহৰ কথা কৈ প্ৰত্যেক মাহৰ দ্বিতীয় বুধবাৰে আশা বাইদেউৱে আয়োজন কৰা গাঁও স্বাস্থ্য আৰু পুষ্টিৰ দিৱসত সকলোকে উপস্থিত থাকিবলৈ অনুৰোধ কৰিলে। বিশেষকৈ নামবৰ গাঁওৰ গৰ্ভৱতী মহিলা, এবছৰ তলৰ কেঁচুৱা থকা মহিলা, পৰিয়াল পৰিকল্পনাৰ কাৰণে যোগ্য দম্পত্তি সকল শাহু আইসকল, গাঁও পঞ্চায়তৰ সদস্যসকল, মুখিয়াল ব্যক্তি, কিশোৰীসকল উপস্থিত থকা বাঞ্ছনীয়।

সভাপতিৰ অনুৰোধত ডি এম ই য়ে সকলোকে ধন্যবাদ দি ক’লে যে টকাৰে ঔষধহে কিনিব পাৰি স্বাস্থ্য কিনিব নোৱাৰি। গাঁওৰ স্বাস্থ্য নিৰ্ভৰ কৰে ব্যক্তিগত চাফ-চিকুনতা, সামাজিক চাফ-চিকুণতা, চেনিটেৰি শৌচালয় ব্যৱহাৰ কৰা, বিশুদ্ধ পৰিষ্কাৰ পানী খোৱা, পুষ্টিকৰ খাদ্য খোৱা, পুষ্টিকৰ খাদ্য খোৱা আৰু ল’ৰা-ছোৱালী এবছৰ পূৰ্ণ নহওতে প্ৰতিষেধক ব্যৱস্থা লোৱা। পানীৰ পৰা হ’ব পৰা বেমাৰবিলাক হৈছে পনীয়া শৌচ বা ডায়েৰীয়া, টাইফয়েড, জ্বৰ, জণ্ডিচ, পেলু, পলিঅ’ আৰু কলেৰা। যোৱা বছৰ নামবৰ গাঁওত পনীয়া শৌচ বা ডায়েৰীয়া হৈ দুজন ৰোগীৰ মৃত্যু হৈছিল। আমি দেখিছিলো এই গাঁৱৰ প্ৰায়ভাগ মানুহেই দমকল আৰু কুঁৱা খোৱা পানীৰ বাবে ব্যৱহাৰ কৰে।

এতিয়া গৰ্ভৱতী মাতৃৰ স্বাস্থ্যৰ যতনৰ বিষয়ে অলপ আলোচনা কৰো।

আশা বাইদেউৱে গৰ্ভধাৰণ কৰাৰ লগে লগে ১২ সপ্তাহৰ আগে আগে পঞ্জীয়ন কৰিবলৈ উপস্বাস্থ্য কেন্দ্ৰ্লৈ লৈ আহে আৰু এ এন এম বাইদেউৱে যাৱতীয় পৰীক্ষা কৰে। মনত ৰাখিবলগীয়া নিয়মবিলাকহে আপোনালোকক জনাবলৈ লৈছো। ১ম পৰীক্ষা ১২ সপ্তাহৰ আগে আগে, ২য় ১৬-২০ সপ্তাহত, ৩য় ২৮ ৰ পৰা ৩২ সপ্তাহত আৰু ৪ ৰ্থ ৩৬ সপ্তাহত। দেখা গৈছে পৰীক্ষাৰ সময়ত দিয়া আইৰণ বড়ি মহিলাসকলে নিয়মমতে খাব নোখোজে। ইয়াৰ ফলত ৰক্তাল্পতা কাৰণে কম ওজনৰ সন্তান জন্ম দিয়াৰ উপৰিও প্ৰসৱৰ সময়ত মহিলাৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ ঘৰৰ সকলোৱে মহিলা গৰাকীৰ খাদ্যৰ প্ৰতি নজৰ দিব লাগে। কিয়নো গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণৰ পুষ্টিকৰ আহাৰৰ প্ৰয়োজন লগতে জিৰণিৰো। প্ৰসৱ সদায় চিকিৎসালয়তহে কৰাব লাগে।

ডি চি এমে গাঁও, স্বাস্থ্য অনাময় আৰু পুষ্টি কমিটিৰো দায়িত্বৰ বিষয়ে ক’ব।

এই সমিটিখনৰ প্ৰধান কাম হ’ল গাঁওখনৰ সকলো পৰিয়ালৰ বিতং তথ্য সংগ্ৰহ কৰা। ইয়াৰ বাবে সমিটি খনক গাঁও স্বাস্থ্য নামৰ ডায়েৰি এখন দিয়া হৈছে। এই ডায়েৰিখনত দিয়া তথ্য যোগাৰ কৰিব পাৰিলে কোন পৰিয়ালক কি ধৰণৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজন তাক জানিব পৰা যাব।

পৰিয়াল তথ্য:

  • ঘৰৰ নম্বৰ: ……………………………………
  • গৃহস্থৰ নাম: ……………………………………:জীৱিকাৰ উপায়:……………………….
  • পৰিবাৰৰ নাম:………………………………………
  • ল’ৰা: ……………..টা
  • ছোৱালী: …………… টা
  • গৰ্ভৱতী মহিলাৰ নাম: ……………………
  • ০-১ বছৰৰ শিশু টা: ……………………
  • ১-৫ বছৰৰ শিশু টা: ……………………
  • পৰিয়াল পৰিকল্পনাৰ পদ্ধতি গ্ৰহণ কৰিছেনে? কৰিছে যদি কি কৰিছে?

আৰু কেতিয়াৰ পৰা লৈছে …………………………….

  • খোৱা পানী ক’ৰ পৰা খাই ……………. দমকল/কুঁৱা/অন্যান্য
  • চেনিটেৰী শৌচালয় আছেনে? আছে/নাই

লিখকৰ নাম: ডা: পি এন বৰা (বিকাশপেডিয়া)

English Summary: Village Health, Sanitation, Nutrition etc...

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.