1. স্বাস্হ্য আৰু জীৱন

এবিধ বনৌষধি পনৌনোৱাৰ স্বাস্থ্যকাৰী গুণ জানো আহক

KJ Staff
KJ Staff
Shiny Bush Vegetable
Shiny Bush Vegetable

বাৰিষা কালত অতি সহজতে হোৱা থলুৱা বনৌষধি হৈছে পনৌনোৱা শাক। ঠাই বিশেষে ইয়াক অন্য নামেৰেও জনা যায়। বৈজ্ঞানিক নাম Peperomia pellucida ইংৰাজীত ইয়াক shiny bush বুলি কোৱা হয়। এইবিধ বনশাকৰ আঞ্জা খাবলৈও উত্তম। ঔষধি গুণেৰে ভৰপূৰ পনৌনোৱা শাকৰ গুণাগুণ তলত কিছুমান দিয়া হ'ল-

১. ইউৰিক এচিড সমস্যাত ই অতি উত্তম। যিসকল ব্যক্তি এই সমস্যাত ভুগি আছে তেওঁলোকে মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খালে উপকৃত হব ৷

২. কিডনি স্টোন সমস্যাটো ই উপকাৰী। কাৰণ ই কিডনিৰ কার্যক্ষমতা বৃদ্ধি কৰে আৰু পেচাবৰ পৰিমাণ বঢ়ায়।

৩. পেচাবৰ সংক্ৰমণত বা UTI তো পনৌনোৱা উপকাৰী। মহিলাৰ পেচাবৰ সংক্ৰমন বেছিকৈ হয়। গতিকে তেওঁলোকৰ বাবে ই বৰদান স্বৰূপ। শাকৰ আঞ্জা হিচাপে বা এচামুছ বা দুই চামুচ ৰসৰ লগত মিছিৰি দি কেইদিনমান খালে সুফল পাব।

৪. ই কলেষ্টৰল নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। গতিকে হাৰ্টৰ সুৰক্ষা কৰে।

৫. নিদ্ৰাহীনতাৰ সমস্যাতো পনৌনোৱা উপকাৰী। যিসকলৰ টোপনি কমকৈ হয় তেওঁলোকে পনৌনোৱা শাকৰ আঞ্জা খালে নিশ্চয় উপকৃত হব।

৬. চৰ্দি, কাহ, এলাৰ্জি বা অন্যান্য শ্বাস প্ৰশ্বাস জনীত ৰোগতো ই উপকাৰী।

৭. লিভাৰৰ বিভিন্ন সমস্যা যেনে জণ্ডিচ, ফেঁটি লিভাৰ আদিতো ই উপকাৰী।

৮. গাঁঠিৰ বিষ বা আৰথ্ৰাইটিছতো পনৌনোৱা উপকাৰী। কাৰন ইয়াৰ anti inflammatory গুণ আছে ৷

৯. ছালৰ বিভিন্ন সমস্যাতো ই উপকাৰী। কাৰণ আমাৰ শৰীৰৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থবা toxins নিষ্কাষণ কৰাত ই সহায় কৰে।

১০. বগাস্ৰাৱৰ সমস্যাতো পনৌনোৱা উপকাৰী। 

১১. পুৰুষ মহিলা প্ৰজনন তন্ত্ৰকো শক্তিশালী কৰে। গতিকে বাৰিষা আমিও মাজে মাজে পনৌনোৱা শাকৰ আঞ্জা খাব লাগে। ' 

১২. এইবিলাক গুণাগুণৰ উপৰিও আমি কিছুমান কথাত সাৱধনতা অৱলম্বন কৰা উচিত-

১৩. মাত্ৰাধিক পৰিমাণে কোনো বস্তু খাব নালাগে। কাৰণ ইয়াৰ পৰা অপকাৰ হব পাৰে। ৰস খাওঁতে সৰহকৈ নাখাব। এচামুছ, দুচামুছ কৈ আৰম্ভ কৰিলে ভাল।

১৪. গৰ্ভৱতী আৰু প্ৰসূতি সকলে মাত্ৰাধিক নাখাব অন্যথা অপকাৰ হব পাৰে।

ডাঃ ৰেইনী দেৱী, আয়ুৰ্বেদিক চিকিৎসক

English Summary: Some impressive health benefits of shiny bush vegetable

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.