1. স্বাস্হ্য আৰু জীৱন

মধুৰি আমৰ পাতৰ উপকাৰিতা সমূহ জানো আহক (Most ten impressive health benefits of guava Leafs)

KJ Staff
KJ Staff
Guava Leafs
Guava Leafs

   মধুৰি আমৰ পাত চাহৰ দৰে সেৱন কৰিলে বহুত উপশম পোৱা যায় । মধুৰি আমৰ পাত চজিনা পাতৰ দৰে অলেখ গুণযুক্ত ।

১) মধুৰি আমৰ পাতৰ চাহ(চাহৰ দৰে) খালে ডায়েবেটিছ ৰোগ কমি যাব । অৱশ্যে এদিন দুদিন খালে নহয়, একেৰাহে তিনি মাহ খালে, চাব আপোনাৰ ডায়েবেটিছ নাইকিয়া হ’ব । মধুৰি আমৰ কোমল পাতৰ ৰস খালেও ডায়েবেটিছ ৰোগ উপশম হয় ।

২) সাধাৰণতে ষ্ট্ৰেচৰ পৰা হৃদৰোগ হয় বুলি ভৱা হয়, সেয়ে ষ্ট্ৰোকৰ পৰা হাত সাৰিবলৈ মধুৰি আমৰ পাতৰ ৰস নিয়মিত খাওঁক ।

৩) গৱেষকৰ গৱেষণাত দেখা গৈছে কেন্সাৰ ৰোগীক এই পাতৰ ৰস খোৱালে কেন্সাৰৰ কোষ গঠন প্ৰক্ৰিয়া বন্ধ হয়, বিশেষকৈ ব্ৰেষ্ট কেন্সাৰ ।

৪) পেটৰ আলচাৰ, গ্ৰহণী, পেটৰ বিষ, ডায়েৰীয়া আদিত কোমল মধুৰি পাতৰ ৰস অমৃত স্বৰূপ । তেজ গ্ৰহণী হলে ইয়াৰ পাতৰ ৰস বা কোমল পাত পাতত দি খালী পেটত খালে বহুত উপকাৰ পোৱা যায় ।

৫) এন্টিবেক্টেৰিয়েল মধুৰিৰ পাতৰ ৰসে পায়েৰীয়া, দাঁতৰ বিষ আদি মুখৰ ভিতৰৰ ৰোগ উপশম কৰে ।

৬) খাদ্য বিষক্রিয়া হলে মধুৰি আমৰ পাতৰ ৰস খোৱাব লাগে।

৭) ছালৰ বিভিন্ন বেমাৰত মধুৰিৰ পাতৰ ৰস লগাব ।

৮) অতিসাৰ বা পেটচলা ৰোগত মধুৰি আমৰ তিনি/চাৰিটা আগ খুন্দি পানীৰ সৈতে মিহলাই খালে সহজে উপশম পাব ।

৯) এলাৰ্জী আদিতো এই ৰস উপকাৰী ।

১০) মধুৰি আমৰ পাতৰ চাহ(চাহৰ দৰে) নিয়মিত খালে স্মৃতি শক্তি বাঢ়ে, মগজু শীতল হৈ থাকে, চুলি সৰা বন্ধ হয়, ডেঙ্গুৰ দৰে জ্বৰ ভাল হয় হাড়ৰ গাঁঠিৰ বিষ ভাল হয়, কলেষ্টৰেল কমাই আৰু স্বাস্থ্য নিৰোগী হৈ থাকে ।

 

 

English Summary: Most ten impressive health benefits of guava Leafs

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.