
পাঠকসকল, আজি আমি মহিলাৰ মাহেকীয়া সময়ছোৱাত হোৱা পেটৰ বিষ কেনেকৈ নিয়ত্ৰণ কৰিব পাৰো, কি কি খাব লাগে, কেনেকৈ প্ৰস্তুতি চলাব লাগে, কি কি কাম কৰিব লাগে আদি কথাবোৰ আলোচনা কৰিম। যিবোৰ কৰিলে কোনো চাইড এফেক্ট নহয়, সকলো মহিলাই ঘৰতে এই কামবোৰ কৰিব পাৰে আৰু কোনো খৰচ নহয়। মাহেকীয়া সময়ত পেটৰ বিষ সকলো মহিলাৰ নহয়। কিছুমানৰ মূৰৰ বিষ, ভৰিব বিষ, টপিনা বিষয়া, পিঠিৰ তলত বিষ হয় বা কিছুমানৰ একোৱেই নহয় আৰু কিছুমানৰ মাহেকীয়া খুব আৰামদায়ক হ’ব পাৰে। কিন্তু বহু মহিলাই মাহেকীয়া সময়ছোৱাত ভোগে পেটৰ বিষত। গতিকে আমি পেটৰ বিষৰ বিষয়েই আলোচনা কৰিম।
মাহেকীয়া সময়ত যিসকল মহিলাই পেটৰ বিষত ভোগে তেওঁলোকে বিষয় পৰা উপক্ষম পাবলৈ কৰিব লাগিব এইকেইটা কাম-
১। যেতিয়াই আপোনাৰ অনুভৱ হ’ব যে আপোনাৰ পেটৰ বিষ হৈছে তেতিয়াই আপুনি এটা হট ৱাটাৰ বেগ ল’ব। হট ৱাটাৰ বেগটো আপোনাৰ পেটৰ যিটো অংশত বিষ অনুভৱ হৈছে সেই অংশত লগাই দিব। ১০ পৰা ১৫ পোন্ধৰ মিনিট আপোনালোকে সেই হট ৱাটাৰ বেগটো বিষোৱা অংশত লগাই থলে বিষৰ পৰা যথেষ্ট উপক্ষম পাব। আপোনালোকক জনাও যে এটা হট ৱাটৰ বেগৰ দাম যথেষ্ট কম। কম অনলাইত ১৫০-২০০ টকাৰ ভিতৰত পাই যাব। বা ফাৰ্মাচিতো একেই দামত পাই যাব।
২। হটা ৱাটাৰ বেগৰ হেক দিয়াৰ পাছতে আপোনালোকে ওপৰলৈ মুখ কৰি বিচনাত বা মাটিত শুই দিব। গোটেই বডিটো ঢিলা কৰি এৰি দিব। এনেদৰে একমিনিট সময় শুবলৈ চেষ্টা কৰিব। আকৌ এক মিনিট সময় আপোনালোকে তেনেকৈ তললৈ পেট কৰি আৰামেৰে শুই দিব।
৩। তাৰ পাছতে ওপৰলৈ মুখ কৰি শুই ভৰিকেইটা চোফা বা চকিত তুলি এক মিনিট সময় ৰিলেক্স কৰিব। তাৰ পাছতে আপোনালোকে আপোনাৰ বিষ হোৱা অংশত মিঠাতেল, তিল তেল আদিৰ দুখন হাতেৰে খুব লাহেকৈ মাছাজ কৰিব লাগিব।
৪। এই কামখিনি কৰাৰ পাছতে আপুনি একাপ চাহ খাব লাগিব। এই চাহকাপ আপুনি নিজেই প্ৰস্তুত কৰিব পাৰিব। এই চাহকাপত ব্যৱহাৰ কৰিব লগীয়া বস্তুকেইটা হ’ল- আদা, জিৰা, চফ আৰু দালচেনী। চাহকাপ বনাই গৰমে গৰমে খাব।
এই গোটেই কাম যদি আপোনালোকে ৰাতিপুৱা এবাৰ কৰে আৰু আবেলি এবাৰ কৰে তেতিয়া আপোনালোকে পেটৰ বিষ বহুখিনি উপক্ষম পাইছে। লগতে আপোনালোকক জনাও যে আপোনালোকে ভাত খোৱাৰ পাছত প্ৰতিদিনে পাৰিলে ৰঙাগুটি ভাজি চফৰ দৰে খাবলৈ চেষ্টা কৰিব। এই সমস্যাটোৰ পৰা স্থায়ীভাৱে উপক্ষম পাবলৈ আপোনালোকে কিছুমান ব্যায়াম কৰিব লাগিব। বল খেলা, দৌৰা, ঘৰুৱা কামবোৰ কৰি থাকিলেও এই সমস্যাটোৰ পৰা সমাধান পাব।
লগতে পঢ়ক-
Share your comments