আমেৰিকান হাৰ্ট এছ'চিয়েচনৰ পত্ৰিকা 'হাইপাৰটেনচন'ত প্ৰকাশিত এক লেখাৰ মতে দৈনিক ২৫০ মিলিলিটাৰ বিটৰ ৰস সেৱন কৰিলে উচ্চ ৰক্তচাপ বাৰুকৈ হ্ৰাস পায় ৷ বিটত থকা ডায়েটেৰি নাইট্ৰেটৰ পৰা দেহত নাইট্ৰিক অক্সাইড নিৰ্গত হয় ৷ নাইট্ৰিক অক্সাইডে তেজৰ নলী বহলাই তুলি (Vasodilation) ৰক্তচাপ কমাই তোলে৷ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰা- বিটত থকা প'টেছিয়ামে তেজৰ নলী বহলাই ৰাখি ষ্ট্ৰ'ক আৰু আন হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ৷
তেজৰ অপকাৰী ক’লেষ্টেৰল হ্ৰাস কৰা- ক'লেষ্টেৰল, এল ডি এল ক'লেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইড বিটৰ সেৱনৰ ফলত হ্ৰাস পায় ৷ আনহাতে, উপকাৰী ক'লেষ্টেৰল এইচ ডি এল বৃদ্ধি পায় ৷ ইয়াৰ ফলতো হৃদৰোগ হোৱাৰ সম্ভাৱনা কমি যায় ৷ আকৌ বিটত থকা বিটেইন (Betain) নামৰ পদাৰ্থই তেজৰ হোমচিষ্টিনৰ (Homocysteine ) পৰিমাণ কমায় ৷ হোমচিষ্টিন বাঢ়িলে এথেৰস্কেৰচিচ, ষ্ট্ৰ'ক আদিৰ সম্ভাৱনা বৃদ্ধি পায় ৷
তেজৰ বিশুদ্ধিকৰণ- আমেৰিকান লিভাৰ ফাউণ্ডেচনে প্ৰকাশ কৰা তথ্যমতে, বিটে তেজৰ পৰা দূষিত তত্ত্ব শোধন কৰাত লিভাৰক সহায় কৰে ৷ পেক্টিন নামৰ পানীত ঘোলনশীল ফাইবাৰে এই ক্ষেত্ৰত লাগতিয়াল ভূমিকা পালন কৰে ৷
কৰ্কট ৰোগৰ পৰা সুৰক্ষা- হাওঁফাওঁ, চৰ্ম, বক্ষ, প্ৰষ্টেট, ক'লন আদিৰ কৰ্কট ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷ বিটত থকা বিটাচায়ানিন (Betacyanin) নামৰ পিগমেন্টে টিউমাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি হাংগেৰীত কৰা গবেষণাত এই কথাৰ প্ৰমাণ পোৱা গৈছে ৷
ডায়েবেটিজৰ নিয়ন্ত্ৰণ- বিটৰ গ্লাইচেমিক ইনডেক্স কম হোৱাৰ বাবে তেজত ছুগাৰৰ পৰিমাণ কম গতিতহে বাঢ়ে ৷ বিটত থকা পানীত ঘোলনশীল ফাইবাৰে খাদ্য হজম হোৱাত সহায় কৰাৰ উপৰি তেজৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখে ৷ ডায়েবটিজত আক্ৰান্তসকলে এগিলাচ বিটৰ ৰস দৈনিক খোৱাৰ অভ্যাস কৰক ৷ ছুগাৰৰ উপৰি ৰক্তচাপ ভাললৈ আহিব ৷
শক্তিবৰ্ধক আৰু ক্লান্তি আঁতৰায়- ভিটামিন আৰু এন্টিঅক্সিডেণ্টৰ উপস্থিতিৰ দ্বাৰা ৷
মস্তিষ্কৰ বাবে উপযোগী- বিটত থকা নাইট্ৰেটে তেজৰ নলী বহল কৰি দিয়াত মস্তিষ্কৰ ৰক্ত সঞ্চালন উন্নত হয় ৷ যাৰ ফলত ভবা-চিন্তাৰ শক্তি বাঢ়ে আৰু স্মৃতিশক্তিৰ উন্নতি হয় ৷
শৰীৰৰ প্রতিৰোধ ক্ষমতা বঢ়োৱাত সহায়ক হয় ভিটামিন আৰু এণ্টিঅক্সিডেণ্টৰ ফলত ৷
চকুৰ সুৰক্ষা- মেকুলাৰ ডিজেনৰেচন আৰু কেটেৰেক্ট ৰোধ কৰে ৷ বিটত থকা ভিটামিন-A আৰু বিটা-কেৰটিনৰ দ্বাৰা এয়া সম্ভৱপৰ ৷
হাঁডৰ সুৰক্ষা- বিটত থকা ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, প'টেছিয়াম, ক'পাৰ, চেলেনিয়াম, জিংক আদিয়ে হাঁড়ক শক্তিশালী কৰে আৰু ইয়াৰ ক্ষয় (Osteoporosis) ৰোধ কৰে ৷
এনিমিয়া আঁতৰায়- আইৰণ, ভিটামিন-চি আৰু ক'পাৰৰ ভূমিকাৰ বাবে ৷
মাহেকীয়াৰ সমস্যা- নিয়মীয়া বিট সেৱনে অনিয়মীয়া ঋতুস্ৰাৱৰ সমস্যা আঁতৰ কৰে ৷
জন্মগত বিসংগতি ৰোধ কৰে- বিটত থকা ফলেটে গৰ্ভস্থ সন্তানৰ স্পাইনা বাইফিডা বা আন জন্মগত বিসংগতি হ'বলৈ নিদিয়ে ৷
যৌন জীৱনত প্ৰভাৱ- বিটত থকা বৰন (Boron), নাইট্ৰিক এচিড, ভিটামিন-চি, আইৰণ, জিংক আদি লাগতিয়াল তত্ত্বই ছেক্স হৰমোন নিৰ্মাণত সহায়ক হয় ৷ ইয়াৰ ফলত পুৰুষৰ যৌন দুৰ্বলতা (Loss of Libido) আঁতৰ হোৱাত সহায়ক হয় ৷
দেহত বয়সৰ চপ নপৰাকৈ ৰখা (Anti aging)- বিটে শৰীৰৰ কমনীয়তা আৰু মুখমণ্ডলৰ উজ্জ্বলতা বঢ়ায় ৷ অকাল বাৰ্ধক্য ৰোধ কৰে ৷
এণ্টিইনফ্লেমেটৰী গুণ- বিটেইন আৰু অন্যান্য এণ্টঅক্সিডেণ্টৰ বাবে বিটৰ এণ্টইনফ্লেমেটৰী গুণ দেখা যায় ৷ সেয়ে বিট আৰ্থাইটিচ, ইৰিটেবল বাৱেল ছিনড্ৰম, মূৰৰ বিষ আদিত উপযোগী বুলি কোৱা হয় ৷
খেলুৱৈৰ সক্ৰিয়তা বৃদ্ধি কৰা- এয়া অনেক গবেষণাৰ দ্বাৰা প্ৰমাণিত হৈছে ৷ মানসিক অৱসাদ, ডিপ্ৰেচন আঁতৰ কৰে ৷ বিটৰ পাত বইল কৰি তাৰ ৰসেৰে মূৰ ধুলে ওকনি সৰে ৷
ল'বলগীয়া সাবধানতা–
তলৰ লোকসকল বিট গ্ৰহণত সতৰ্ক হোৱা বাঞ্ছনীয় :
কিডনীৰ পাথৰ থকা লোকে বিট খালে অক্সালেট ষ্টনৰ আকাৰ বঢ়াৰ সম্ভাৱনা থাকে ৷
তেজত খনিজৰ পৰিমাণ বেছি থকা লোক- কিছুমান মানুহৰ তেজত আইৰণ বা ক'পাৰ বৰ্ধিত পৰিমাণ থাকে ৷ তেনে লোকে বিট পৰিহাৰ কৰিব ৷
বেছি পৰিমাণত পেটৰ অসুখীয়া ৰোগীয়ে বিট, বিশেষকৈ কেঁচা বিট বৰকৈ নাখাব ৷
গৰ্ভাৱস্থাত যিকোনো উপযোগী খাদ্যও সীমাৰ ব্যতিৰেকে গ্ৰহণ কৰা অনুচিত ৷
থাইৰয়েডৰ যিকোনো অসুখত ভুগি থকা লোকে নিজৰ চিকিৎসকৰ পৰামৰ্শমতে বিট সেৱন কৰিব ৷
Share your comments