1. স্বাস্হ্য আৰু জীৱন

কাজু বাদাম খায় ভাল পায় নেকি? তেন্তে এই কেইট উপকাৰিতাৰ বিষয়ে জানি লওক (cashew nuts benefit)

KJ Staff
KJ Staff
Cashew Nuts
Cashew Nuts

    কাজু বাদামক ইংৰাজীত Cashew nuts বুলি কোৱা হয়৷ কাজু বাদামক ড্ৰাই ফুদৰ ৰজা বুলিও কোৱা হয়৷ আপোনালোকে জনা উচিত যে কাজুবাদামত যথেষ্ট পৰিমাণৰ ভিটামিন, খনিজ তথা অন্য পুষ্টিকৰ উপাদান থাকে যেনে ছদিয়াম, পটাছিয়াম, ফছফৰাছ, জিংক, ভিটামিন B6, ভিটামিন K আদি পোৱা যায়৷ সেয়েহে আজি মই এই লিখনিটোৰ জৰিয়তে কাজু বাদামৰ এনে কেইটামান উপকাৰিতাৰ বিষয়ে কম যিকেইটা আমাৰ দৈনন্দিন জীৱনত যথেষ্টখিনি সহায় কৰিব৷

কাজুবাদামৰ উপকাৰিতাঃBenefit of Cashew Nuts

১) শৰীৰৰ ওজন সন্তুলিত কৰি ৰাখে 

 কাজুবাদামত থকা প্ৰটিন আৰু ভিটামিনৰ বাবে আমাৰ হজম শক্তি বা হজম প্ৰক্ৰিয়া যথেষ্ট শক্তিশালী কৰি ৰাখে আৰু আমাৰ ভোক নিয়ন্ত্ৰণ কৰি ৰাখে৷ হজম প্ৰক্ৰিয়া সুস্থিৰ হৈ থাকিলে কম ওজনৰ লোকক ওজন বঢ়োৱা আৰু বেছি ওজনৰ লোকৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷

২) হৃদৰোগ প্ৰতিৰোধ কৰে

আমাৰ শৰীৰত থকা হৃদযন্ত্রক পৰ্যাপ্ত মাত্ৰাত ৰক্ত নাপালে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে গতিকে কাজু বাদামত থকা উচ্চ মেগনেছিয়াম উপাদানৰ বাবে তেজৰ অতিমাত্ৰা বাঢ়ি অহা কলেষ্টলৰ পৰিমাণ হ্ৰাস তথা নিয়ন্ত্ৰণ কৰে৷

৩) শৰীৰৰ ওজন কমোৱাত সহায় কৰে

শৰীৰত বাঢ়ি অহা চৰ্বিক নিয়ন্ত্ৰণ কৰিবলৈ কাজু বাদামে যথেষ্ট সহায় কৰে কিন্তু ওজন কমোৱাৰ ক্ষেত্ৰত ইয়াক কেতিয়া আৰু কিমান পৰিমাণৰ খাব লাগে তাক জনাটো খুবেই প্ৰয়োজন৷ বিশেষজ্ঞ সকলৰ মতে ওজন কমোৱাৰ বাবে আমি খাদ্য খোৱাৰ আগত মাত্ৰ দুটা কাজু বাদাম খাব লাগে আৰু তাৰ পাছত এগিলাচ গৰম পানী খাব লাগে৷

৪) গৰ্ভৱৰ্তী মহিলাৰ কাৰণে অতি উপযোগী

এগৰাকী গৰ্ভৱৰ্তী মহিলাৰ পেটত যিহেতু এটি সন্তান লালিত হৈ থাকে গতিকে তেনে মহিলাৰ বাবে খাদ্যৰ গুণাগুণ যথেষ্ট গুৰত্বপূর্ণ আৰু সাধাৰণ মানুহতকৈ কিছু বেছি প্ৰয়োজন৷ যেতিয়া এগৰাকী গৰ্ভৱৰ্তী মহিলাৰ হৰমন সলনি হৈ থাকে তেতিয়া ভোক নালাগে আৰু খাদ্যও খাবলৈ মন নকৰে সেই সময়ত নিয়মীয়াকৈ কাজু বাদাম খালে শাৰীৰিক আৰু মানসিক ভাবে সুস্থ, সবল হৈ থাকে৷

৫) সৰু ল’ৰা-ছোৱালীৰ বাবে অতি উপযোগী খাদ্য

৬ ৰ পৰা ১৪ বছৰৰ বয়সৰ শিশুৰ ক্ষেত্ৰত তেওঁলোকৰ ভোক অতি অনিয়মীয়া হয় আৰু খাদ্যৰ পৰিমাণও কমি আহে গতিকে তেনে সময়ত শিশুক পুৱা গাখীৰ ৰ লগত কাজু বাদাম খাবলৈ দিলে ভোক বঢ়াই আৰু শক্তিশালী কৰি ৰাখে৷

৬) ডাইবেটিছ ৰোগীৰ বাবে অতি উপকাৰী

মধুমেহ বা ডাইবেটিছ ৰোগীৰ যিহেতু মিঠাই খোৱাত বাধা আছে গতিকে তেওঁলোকৰ মিঠা কিবা খাবলৈ মন গ’লে কাজু বাদামৰ আধা টুকুৰা মুখত ল’লে সেই ইচ্ছা পূৰণ হয় আৰু কাজু বাদামত থকা প্ৰাকৃতিক সেই মিঠা স্বাদে একো বিৰূপ প্ৰভাৱ নেপেলায়৷ কাজু বাদামত থকা মেগনেছিয়ামৰ বাবে ই ডাইবেটিছ ৰোগীৰ ৰক্তচাপ আৰু কলেষ্টলক নিয়ন্ত্ৰণ কৰি ৰাখে৷

 

  ইয়াৰ উপৰি কাজু বাদামৰ নিয়মিত আৰু সীমিত পৰিমাণৰ সেৱনে আমাক যথেষ্ট সহায় কৰে৷ যদি আপোলোকৰ এই লেখনিটো ভাল লাগিলে পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব৷

 

 

 

উৎস -নিৰিবিলি

English Summary: Know all about the cashew nuts in assamese benefits and ferming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.