আমাৰ স্বাস্থ্যৰক্ষাৰ বাবে সন্তুলিত পুষ্টিকৰ খাদ্যৰ উপৰি কেতবোৰ ভিটামিন, খনিজ লৱণ আদি প্ৰয়োজনীয়। এই ভিটামিন আৰু খনিজ লৱণ আমি সাধাৰণতে নহয়।তৎসত্ত্বেও বহুতেই এই ঔষধসমূহ খোৱাৰ কথা চিন্তা কৰে। চিকিৎসকসকলেও এই ঔষধসমূহ খোৱাৰ পৰামৰ্শ দিয়ে।
গৱেষণাৰ পৰা জানিব পৰা গৈছে যে যদিও শৰীৰৰ সম্পূৰ্ণ পুষ্টিৰ বাবে ভিটামিন, খনিজ লৱণ আদি অতি প্ৰয়োজনীয়, এইবোৰ আমি পুষ্টিকৰ আহাৰৰ পৰাই পাওঁ। গতিকে ওপৰঞ্চিভাৱে এই দ্ৰব্যসমূহ সম্পূৰক ঔষধ হিচাপে খোৱাৰ প্ৰয়োজন প্ৰায়েই নহয়। আন এটা কথা মন কৰিবলগীয়া-যিসকলে এই সম্পূৰক ঔষধসমূহ খাবলৈ আৰ্থিকভাৱে সক্ষম, তেওঁলোকৰ খাদ্যও সাধাৰণতে পুষ্টিকৰ হয়। এনে ব্যক্তিয়ে ভিটামিন, খনিজ লৱণ আদি সম্পূৰক হিচাপে খোৱাটো বিপজ্জনক হ’ব পাৰে। কিয়নো তেনে কৰিলে শৰীৰত দ্ৰব্যসমূহৰ মুঠ পৰিমাণ প্ৰয়োজনকৈ অধিক হ’ব পাৰে। আমি কেইবিধমান ভিটামিন, খনিজ লৱণ আদি সম্পৰ্কে আলোচনা কৰিম।
ভিটামিন ‘চি’
আমাৰ শৰীৰে ভিটামিন ‘চি’ কেনেধৰণে ব্যৱহাৰ কৰে, সেই সম্পৰ্কে বিস্তৰ অধ্যয়ন হৈছে। কেতবোৰ অধ্যয়ন অনুসৰি ভিটামিন ‘চি’ য়ে কৰ্কট, হৃদ আৰু ৰক্ত সঞ্চালন পদ্ধতিৰ ৰোগ, চৰ্দি আদি প্ৰতিৰোধ কৰিব পাৰে। তেনেহ’লে নিয়মিত ভিটামিন ‘চি’ সম্পূৰক ঔষধ খাব লাগিব নেকি? আমাৰ প্ৰয়োজনীয় ভিটামিন ‘চি’ আমি খাদ্যৰ পৰাই পাব পাৰো। সুমথিৰা জাতীয় ফল, নেমু, সেউজীয়া আৰু ৰঙা জলকীয়া, ব্ৰকলি, ষ্ট্ৰবেৰী, আমলখি, মধুৰিআম আদিত যথেষ্ট পৰিমাণৰ ভিটামিন ‘চি’ থাকে। দেখা গৈছে দিনে ২০০ মিলিগ্ৰাম বা ততোধিক ভিটামিন ‘চি’ সম্পূৰক ঔষধ খালে চৰ্দি মাথোন কেইঘন্টামান সোনকালে ভৰ্তি হয়। অৱশ্যে চৰ্দিৰ লক্ষণসমূহ প্ৰকট হোৱাৰ পিছত খালে একো লাভ নাই।আমাৰ শৰীৰে ভিটামিন ‘চি’ ৰ মাত্ৰা কঠোৰভাৱে নিয়ন্ত্ৰণ কৰে। অতিৰিক্ত ভিটামিন ‘চি’ খালে শৰীৰে ব্যৱহাৰ কৰিব নোৱাৰে। অতিৰিক্ত ভিটামিন ‘চি’ কেইঘন্টামানৰ ভিতৰতে প্ৰস্ৰাৱৰ সৈতে নিৰ্গত হয়। তেনেহ’লে সম্পূৰক ভিটামিন ‘চি’ খোৱাৰ প্ৰয়োজন আছেনে? সম্ভৱত নাই। ভিটামিন ‘চি’ সমৃদ্ধ খাদ্য খালেই যথেষ্ট।
কেলচিয়াম
কেলচিয়ামে হাড় সুদৃঢ় কৰি ৰাখে আৰু স্নায়ু, মাংসপেশী, ৰক্ত আৰু হৰম’নক নিজস্ব ক্ৰিয়া কৰাত সহায় কৰে। বিভিন্ন খাদ্যত, যেনে-গাখীৰ, দৈ, ব্ৰক’লি, কমলাৰ ৰস, কণী, সৰু মাছ আৰু বীজ শস্য (ধান, ঘেঁহু, হাৱ ইত্যাদি)ত যথেষ্ট পৰিমাণে কেলচিয়াম থাকে। কেলচিয়ামৰ অভাৱ হ’লে হাড় ফোপোলা ৰোগ হয়; ফলত হাড় ঠুনুকা হয়। তেনেকুৱা হ’লে সম্পূৰক কেলচিয়াম ঔষধ খোৱাৰ প্ৰয়োজন হয়। সাধাৰণতে ৫০ বছৰৰ ওপৰৰ মহিলা আৰু ৭০ বছৰৰ ওপৰৰ পুৰুষৰ হাড় ফোঁপোলা ৰোগ হোৱাৰ সম্ভাৱনা থাকে। এনেকুৱা সময়ত সম্পূৰক কেলচিয়াম ঔষধ খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। শৈশৱ আৰু কৈশোৰ হাড় গঠন হোৱাৰ সময়। সেই সময়তো সম্পূৰক কেলচিয়াম ঔষধ খোৱাৰ প্ৰয়োজন হ’ব পাৰে। অৱশ্যে ওপৰত উল্লেখ কৰা খাদ্যসমূহ পৰ্য্যাপ্ত পৰিমাণ খালে সম্পূৰক কেলচিয়াম খোৱাৰ প্ৰয়োজন নহয়। মন কৰিবলগীয়া যে, প্ৰয়োজনতকৈ অধিক পৰিমাণৰ কেলচিয়াম খালে কোষ্ঠকাঠিন্য আৰু বৃক্কৰ পাথৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে পৰ্য্যাপ্ত পৰিমাণৰ (সৰ্বাধিক ২০০০ ৰ পৰা ২৫০০ মিলিগ্ৰাম) কেলচিয়াম প্ৰতিদিনে খাব লাগে। বহুতেই ধাৰণা কৰে সম্পূৰক কেলচিয়াম ঔষধ খালে হাড় ফোঁপোলা ৰোগ প্ৰতিৰোধ কৰিব পাৰি। অধ্যয়নৰ পৰা দেখা গৈছে এনে ধাৰণা তথ্যভিত্তিক নহয়। যদিহে হাড় ফোঁপোলা ৰোগ হোৱা নাই, তেনেহ’লে সম্পূৰক কেলচিয়াম ঔষধ খোৱাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে পৰ্য্যাপ্ত পৰিমাণৰ কেলচিয়াম সমৃদ্ধ খাদ্য নিয়মিতভাৱে খাওক।
ভিটামিন ‘ডি’
সাধাৰণতে সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ ছালখনে ভিটামিন ‘ডি’ তৈয়াৰ কৰে। শৰীৰত কেলচিয়ামৰ অৱশোষণ প্ৰক্ৰিয়াত ভিটামিন ‘ডি’ প্ৰয়োজনীয়। সাধাৰণতে সম্পূৰক ঔষধ হিচাপে ভিটামিন ‘ডি’ ৰ প্ৰয়োজন নাথাকে। বহুত ভাৱে যে শৰীৰত ভিটামিন ‘ডি’ ৰ মাত্ৰা হ্ৰাস পালে কেন্সাৰ, হাৰ্ট এটেক, সংক্ৰমণ এলজাইমাৰ ৰোগ, স্বপ্ৰতিৰোধী ৰোগ, হতাশা, মেদবহুলতা আদিৰ সম্ভাৱনা বৃদ্ধি পায়। কিন্তু অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে এনে ধাৰণা তথ্যভিত্তিক নহয়।
যিহেতু কেলচিয়ামৰ অৱশোষণৰ বাবে ভিটামিন ‘ডি’ ৰ প্ৰয়োজন হয়, সেইবাবে ঔষধ প্ৰস্তুতকাৰক কোম্পানীয়ে কেলচিয়াম আৰু ভিটামিন ‘ডি’ সংযুক্ত কৰি সম্পূৰক ঔষধ তৈয়াৰ কৰে। পিছে এনে ঔষধ খালে অধিক মাত্ৰাত ভিটামিন ‘ডি’ শৰীৰত প্ৰৱেশ কৰে। ভিটামিন ‘ডি’ ৰ সৰ্বাধিক প্ৰয়োজনীয় মাত্ৰা হ’ল ৪০০০ ইন্টাৰনেচনেল ইউনিট। ইয়াতকৈ অধিক ভিটামিন ‘ডি’ খালে ওকালি বমি, কোষ্ঠকাঠিন্য আৰু দুৰ্বলতা হ’ব পাৰে।
আমাৰ শৰীৰত সৰ্বনিম্ন ২০ নেন’গ্ৰাম/প্ৰতি মিলিলিটাৰ ভিটামিন ‘ডি’ হ’লেই যথেষ্ট। যিসকলৰ শৰীৰত এইখিনি ভিটামিন ‘ডি’ নাথাকে, তেওঁলোক সম্পূৰক ভিটামিন ‘ডি’ খোৱাৰ প্ৰয়োজন আছে। সূৰ্য্যৰ ৰশ্মি ভিটামিন ‘ডি’ প্ৰধান উৎস। ইয়াৰ উপৰি সমৃদ্ধ গাখীৰ, চৰ্বিযুক্ত মাছ, কণী, কাঠফুলা আদিতো ভিটামিন ‘ডি’ থাকে। দিনে অন্তত: দহ মিনিট হাত আৰু ভৰি নিৰাভৰণ কৰি ৰ’দত থাকিলে পৰ্য্যাপ্ত ভিটামিন ‘ডি’ পোৱা যাব।
ভিটামিন ‘এ’
এই ভিটামিন ঘাইকৈ চকুৰ দৃষ্টিৰ সৈতে জড়িত। ইয়াৰ অভাৱ হ’লে দৃষ্টি শক্তি বিকল হ’ব পাৰে। ভালেমান খাদ্যত ভিটামিন ‘এ’ থাকে-বিশেষকৈ বিটা কেৰ’টিনযুক্ত খাদ্যত। বিটা কেৰ’টিনৰ বিপাক হৈ ভিটামিন ‘এ’ সৃষ্টি হয়। খাদ্যৰ পৰা ভিটামিন ‘এ’ ৰ উপৰি সম্পূৰক ভিটামিন ‘এ’ ঔষধ খালে শৰীৰত অধিক মাত্ৰাত ভিটামিন ‘এ’ জমা হয়। ইয়াৰ ফলত মহিলাৰ হাড় ফোঁপোলা ৰোগ হ’ব পাৰে। তদুপৰি ধূমপায়ীসকলৰ হাঁওফাঁওৰ কেন্সাৰো হ’ব পাৰে। গতিকে পৰাপক্ষত সম্পূৰক ভিটামিন ‘এ’ ঔষধ নাখাব। বিটা কেৰ’টিনযুক্ত খাদ্য (যেনে-গাজৰ) অত্যাধিক পৰিমাণে খোৱাৰ পৰা বিৰত থাকক।
ভিটামিন ‘ই’
ভিটামিন ‘ই’ য়ে ছাল মসৃণ কৰে। তদুপৰি মদন গ্ৰন্থিৰ কেন্সাৰ প্ৰতিৰোধ কৰিব পাৰে বুলিও ভবা হয়। পিছে অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে দিনে ৪০০ ইন্টাৰনেচনেল ইউনিট ভিটামিন ‘ই’ খালে মদন গ্ৰন্থিৰ কেন্সাৰৰ সম্ভাৱনা ১৭ শতাংশ বৃদ্ধি পায়। আমাৰ শৰীৰত দিনে মাত্ৰ ২২.৪ ইন্টাৰনেচনেল ইউনিট ভিটামিন ‘ই’ৰ প্ৰয়োজন হয়। সম্পূৰক ভিটামিন ‘ই’ ঔষধত থাকে ৪০০ ইন্টাৰনেচনেল ইউনিট। আন এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে ভিটামিন ‘ই’ সম্পূৰক ঔষধ খালে হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়।
ওমেগা-৩ফেটী এচিড
ওমেগা-৩ফেটী এচিডে প্ৰদাহ প্ৰশমিত কৰে আৰু নিম্ন ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰা হ্ৰাস কৰে। তদুপৰি ধমনীত জমা হোৱা কলেষ্টেৰ’ল ফলক অভংগুৰ কৰি ৰাখে। ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আদি হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। তদুপৰি হতাশা দূৰ কৰে আৰু ছালক অতি বেগুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা দিয়ে। বিভিন্ন ধৰণৰ মাছত এই ফেটী এচিড পোৱা যায়-বিশেষকৈ চৰ্বিযুক্ত মাছত। তদুপৰি সম্পূৰক ঔষধ হিচাপেও উপলব্ধ। প্ৰশ্ন হ’ল এই সম্পূৰক ঔষধ খোৱাৰ প্ৰয়োজন আছেনে? আছে, যদিহে আপুনি মাছ নাখায়। তেনে ক্ষেত্ৰত দিনে দুই গ্ৰাম মাছৰ তেলৰ কেপছুল খাব পাৰে। বিশেষকৈ যদিহে আপোনাৰ হৃদৰোগ আছে আৰু আপোনাৰ বয়স ৪০ বছৰৰ অধিক; কিন্তু দুই গ্ৰামতকৈ অধিক নাখাব। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে অধিক পৰিমাণৰ ওমেগা-৩ফেটী এচিড খালে নিম্ন ঘনত্বৰ কলেষ্টেৰ’লৰ মাত্ৰা বৃদ্ধিহে হ’ব পাৰে।
সপ্তাহত অন্তত: দুদিন মাছ খালেই পৰ্য্যাপ্ত পৰিমাণৰ ওমেগা-৩ফেটী এচিড পোৱা যাব। অৱশ্যে তাতকৈ অধিক পৰিমাণৰ মাছ খালেও বিশেষ অপকাৰ নকৰে।
লিখক: ডা: জীৱন দত্ত বৰুৱা, দৈনিক অসম।
Share your comments