1. স্বাস্হ্য আৰু জীৱন

কেনেকৈ জানিব আপুনি কৰ্কট ৰোগত আক্রান্ত হৈছে নেকি? এই মাৰাত্মক ৰোগৰ পৰা পৰিত্রাণ কেনেকৈ পাব

KJ Staff
KJ Staff
Symptoms of Cancer
Symptoms of Cancer

কৰ্কট ৰোগ হৈছে মানুহে ভোগা ৰোগবোৰৰ ভিতৰত আটাইতকৈ মাৰাত্মক। এবাৰ কৰ্কট ৰোগত আক্রান্ত হলে, ৰোগীক ৰক্ষা কৰাৰ সম্ভাৱনা ক্ষীণ হয়। অৱশ্যে, যদি কোনোবাই প্ৰাথমিক পৰ্যায়ত এই মাৰাত্মাক ৰোগটোক চিনাক্ত কৰিব পাৰে, তেন্তে তেওঁক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰে।

2015 চনৰ তথ্য অনুসৰি, বিশ্বজুৰি কৰ্কট ৰোগীৰ সংখ্যা প্ৰতি বছৰে 14 নিযুত আছিল। কেৱল সেয়াই নহয়, এই সংখ্যা বছৰে বছৰে ক্রমাৎ বাঢ়ি আহিছে। গতিকে চিকিৎসকসকলে শংকিত হৈছে যে যদি এই মাৰাত্মক ৰোগ এই গতিত বৃদ্ধি হয় গৈ থাকে, 2022 চনলৈ, দেশৰ চিকিৎসালয় সমূহত প্ৰতিটো কোঠাত এজনকৈ কৰ্কট ৰোগী থাকিব। এতিয়া প্ৰশ্নটো হ'ল, যেতিয়া কৰ্কট ৰোগে মহামাৰীৰূপ ধাৰণ কৰিব, আপুনি মই কেনেকৈ জীয়াই থাকিম? সেইকাৰণে চিকিৎসকসকলে পৰামৰ্শ দিছে যে ইয়াক লৈ শংকিত হোৱাতকৈ নিজকে স্বাস্থ্যৱান ৰখাটো অধিক গুৰুত্বপূৰ্ণ। সেয়েহে, যদি শৰীৰত কোনো ৰোগ হয়, বিশেষকৈ যদি কোনো উদ্বেগজনক লক্ষণ দেখা পোৱা যায়, আপুনি শীঘ্রেই চিকিৎসকৰ পৰামর্শ ল'ব।

কিন্তু কৰ্কট ৰোগৰ লক্ষণবোৰ কেনেকৈ জানিব? এটা আন্তৰ্জাতিক স্বাস্থ্য ৱেবছাইটত ১০ টা মূল লক্ষণ উল্লেখ কৰা হৈছিল। যিবোৰৰ দুটা বা তাতোধিক লক্ষণ আপোনাৰ শৰীৰত দেখা দিলে কর্কট ৰোগত আক্রান্ত হোৱাটো নিশ্চিত, কিন্তু আপুনি ভয় আৰু নাৰ্ভাস নোহোৱাকৈ ডাক্তৰৰ প্ৰয়োজনীয় চিকিৎসা আৰু পৰামর্শ গ্রহণ কৰক। গতিকে জানো আহক সেই দহটা মূল লক্ষণ -

1. দীৰ্ঘসময় ভাগৰ লগা :

যদি আপুনি দীঘলীয়া সময় ধৰি ভাগৰুৱা বা অৱসাদত ভুগি আছে, ই বহুতো ৰোগ সৃষ্টি কৰিব পাৰে, হয়তো কৰ্কট ৰোগৰো কাৰণ হব পাৰে। মলাশয়ৰ কৰ্কট ৰোগ বা তেজৰ কৰ্কট ৰোগ হ'লে সাধাৰণতে এনে লক্ষণ দেখা যায়। সেয়েহে, যদি আপুনি স্বাভাৱিকতকৈ দীঘলীয়া সময়ৰ বাবে ভাগৰুৱা বা অৱসাদত ভুগিছে, তাৎক্ষণিক চিকিৎসা লওঁক।

2. হঠাতে ওজন হ্ৰাস:

যদি আপোনাৰ কোনো কাৰণ নোহোৱাকৈ হঠাতে দ্ৰুত গতিত ওজন হ্ৰাস পাইছে, তেন্তে পৰীক্ষা কৰাই লওঁক।কৰ্কট ৰোগে সাধাৰণতে হুটিং কৰি ওজন হ্ৰাস কৰে। গতিকে সদায় শৰীৰৰ ওজনৰ যত্ন ল'ব।

3. দীৰ্ঘম্যাদী বিষ:

যদি আপুনি কোনো কাৰণ নোহোৱাকৈ দীৰ্ঘদিন ধৰি বিষত ভুগি আছে, আনকি ঔষধ খোৱাৰ পিছতো উপশম পোৱা নাই, ইয়াৰ বিষয়ে চিন্তা কৰাৰ কাৰণ আছে। সাধাৰণতে শৰীৰৰ কোন অংশত বিষায় তাৰ ওপৰত নিৰ্ভৰ কৰি, ৰোগীজন মস্তিষ্কৰ টিউমাৰ বা ডিম্বাশয়, বা মলাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত বুলি চিনাক্ত কৰা হয়।

4. অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা:

যদি আপুনি শৰীৰৰ এটা অংশত অস্বাভাৱিক মাংসপিণ্ড বাঢ়ি অহা দেখা পায় বা এনে পৰিৱৰ্তন অনুভৱ কৰে, ই আপোনাৰ বাবে অবাঞ্ছিত কিবা ৰোগৰ লক্ষণ। আনকি আপোনাৰ শৰীৰৰ কোনো পৰিৱৰ্তন স্বাভাৱিক যেন লাগিলেও পৰ্যবেক্ষণ কৰক আাৰু চিকিৎসকক অৱগত কৰক।

5. সঘনাই জ্বৰ:

কৰ্কট ৰোগত আক্রান্ত হলে শৰীৰত স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্রাস পায়। ইয়াৰ ফলত সঘনাই জ্বৰ হয়। দুখজনক কথাটো হ'ল কিছুমান কৰ্কট ৰোগৰ অন্তিম পৰ্যায়ৰ লক্ষণবোৰ হৈছে সঘনাই জ্বৰ। অৱশ্যে, ইয়াৰে ব্লাড কৰ্কট ৰোগত প্ৰাৰম্ভিক পৰ্যায়ত শৰীৰত সঘনাই জ্বৰ হয়।

6. ছালৰ পৰিৱৰ্তন:

বহুলোকে ছালৰ কৰ্কট ৰোগৰ বিষয়ে অৱগত নহয়। এনে কৰ্কট ৰোগ চিনাক্ত কৰাৰ বাবে ছালৰ অস্বাভাৱিক পৰিৱৰ্তন হৈছে আটাইতকৈ সহজ উপায়। গতিকে ছালত অতিৰিক্ত তিল বা ফ্ৰিকল বা আঁচিল চাওক। যদি ইয়াৰ ৰং, দেখাত অস্বাভাৱিক পৰিৱৰ্তন হয়, তাৎক্ষণিক চিকিৎসা লওঁক। ৰঙা ছাল, চোকোৰা আৰু ৰক্তক্ষৰণ কৰ্কট ৰোগৰ লক্ষণ।

7. দীৰ্ঘম্যাদী কাহ:

যদি আপোনাৰ ঔষধ গ্ৰহণ কৰা পিছতো কাহৰ পৰা আৰোগ্য লাভ কৰা নাই আৰু যদি এই কাহৰ ফলত আপোনাৰ বুকু, পিঠি বা কান্ধত বিষ হয়, চিকিৎসকৰ পৰামৰ্শ লওঁক।

8. মলমূত্র ত্যাগৰ অভ্যাসৰ পৰিৱৰ্তন:

যদি আপুনি শৌচ বা প্ৰস্ৰাৱৰ বাবে সঘনাই শৌচাগাৰলৈ যাব লগা হয়, ই কৰ্কট ৰোগৰ কাৰণ হব পাৰে। মনত ৰাখিব ডায়েৰিয়া বা কোষ্ঠকাঠিন্যও মলাশয়ৰ কৰ্কট ৰোগৰ লক্ষণ। প্ৰস্ৰাৱৰ সময়ত অন্ত্ৰৰ বিষ বা ৰক্তক্ষৰণ হৈছে প্ৰস্ৰাৱৰ কৰ্কট ৰোগৰ লক্ষণ।

9. বিনা কাৰণত ৰক্তক্ষৰণ:

যদি কাহৰ সময়ত ৰক্তক্ষৰণ হয়, ই কৰ্কট ৰোগৰ এক মুখ্য লক্ষণ। এনে ধৰণৰ অন্যান্য অস্বাভাৱিকতা, যেনে- মহিলাৰ গুপ্তঅংগ (যোনি) বা মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ হৈছে কৰ্কট ৰোগৰ লক্ষণ।

10. খোৱাৰ সমস্যা:

যদি খাদ্য খোৱাৰ সময়ত নিয়মীয়াকৈ বদহজমত ভোগে, ই পেট, ডিঙিৰ কৰ্কট ৰোগৰ কাৰণ হব পাৰে। অৱশ্যে, এই লক্ষণবোৰ সাধাৰণতে অতি গুৰুত্ব সহকাৰে লোৱা নহয়। তথাপিও আপুনি কেতিয়াও আওকান কৰিব নোৱাৰে।

   শেষত, কৰ্কট ৰোগৰ বহুতো কাৰণ জানিব পৰা হোৱা নাই, আনকি এটা কৰ্কট ৰোগৰ চিকিৎসা কৰি থাকিলে আন এক কৰ্কট ৰোগ দেখা দিয়ে। সেয়েহে, এই মাৰাত্মক ৰোগটিৰ পৰা বাচি থাকিবলৈ শৰীৰৰ যিকোনো ৰোগ গুৰুত্বসহকাৰে ল'ব লাগিব আৰু চিকিৎসা গ্রহণ কৰিব। স্বাস্থ্য পৰীক্ষা প্ৰতি ছয় মাহত বা প্ৰতি বছৰে কৰিব লাগে, বিশেষকৈ 30-40 বছৰ বয়সৰ লোকসকলে। আশা কৰোঁ, প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে বেছিভাগ কৰ্কট ৰোগৰ চিকিৎসা কৰিব পাৰি।

English Summary: How you know if you affected by cancer most 10 symptoms of Cancer

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.