অসমীয়া খাদ্যভাসৰ এক উল্লেখনীয় থলুৱা খাদ্য হ’ল বাঁহ গাজ (Bamboo shoot)। বাঁহ গাজ হ'ল বাঁহ গছৰ গুৰিৰ পৰা ওলোৱা কুমলীয়া গজালি বা পুলি। এই বাঁহ গাজ্ কাটি আনি সৰুকৈ কূটি পাচলি হিচাপে খোৱা হয়। বাঁহগাজৰ সোৱাদ সুকীয়া। এই বাঁহ গাজ্ কাটি আনি সৰুকৈ কূটি পাচলি হিচাপে খোৱা হয়। বাঁহ গাজ পিহনাত পিহি কলহত বা চিচাৰ বৈয়ামত ভৰাই ৭/৮ দিন ৰখাৰ পিছত টেঙা হৈ যায়। সেই টেঙা বাঁহ গাজকে খৰিচা বোলে।
বাঁহ গাজৰ আমাৰ স্বাস্থ্যৰ পক্ষেও বহু উপকাৰিতা আছে-
-
মেদবহুলতা কমোৱাত সহায়ক: ১০০গ্ৰাম বাঁহগাজত থাকে ৮ গ্ৰাম ডায়েটেৰী ফাইবাৰ৷ ফাইবাৰ থকাৰ ফলত কলেষ্টেৰল কমাত সহায়ক হয়৷ সোনকলে উদৰ পূৰ্ণ হোৱাৰ ভাৱ আহে৷ বাঁহ-গাজত চুগাৰ, কাৰ্বহাইড্ৰেট আৰু কেলৰি কম থকাত ওজন কমোৱাত সহায়ক হয়৷
-
ৰক্তচাপ কমোৱাত গুৰুত্বপূৰ্ণ ভূমিকা: বাঁহ-গাজত থকা প’টেচিয়ামে ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰে৷
-
কৰ্কটৰোগৰ প্ৰতিৰোধত ভূমিকা: গবেষণামূলক অনুসন্ধানত গম পোৱা গৈছে যে বাঁহ-গাজত থকা ফাইটোষ্টেৰল নামৰ তত্বই কেঞ্চাৰ প্ৰতিৰোধক হিচাবে কাম কৰে৷ ক’লোনৰ কেঞ্চাৰ প্ৰতিৰোধ কৰে৷
-
শৰীৰৰ ইমিউনিটি বঢ়োৱাত সহায়ক: বাঁহ-গাজত থকা এন্টিঅক্সিডেন্ট,মিনাৰেল, ভিটামিন আৰু ট্ৰেচ এলিমেন্টৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়া পৰিলক্ষিত হয়৷
-
পাকপ্ৰণালীৰ উপকাৰিতা: ভোক লগাত সহায়ক, হজম ক্ৰিয়াত সহায় কৰে,ডায়েৰিয়া ভাল কৰে, শৌচৰ পৰিমাণ বূদ্ধি কৰি কৌষ্ঠৰোগ আতৰায়৷ পিত্তৰ বিষৰ উপশম ঘটায়৷পেলুৰ চিকিৎসাত, পেটৰ পুৰণি ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহৃতহৈ আহিছে৷
-
মহিলাৰ ঋতুস্ৰাৱৰ সমস্যা (বিষ) আৰু প্ৰসৱত বিলম্বত বাঁহ-গাজ উপযোগী৷
-
নিয়মীয়া বাঁহ-গাজ খাওঁতাৰ অপকাৰী ক’লেষ্টেৰল বিলাক কমে৷ গতিকে হৃদৰোগ প্ৰতিৰোধ কৰে৷
-
এন্টিইনফ্লেমেটৰী আৰু বিষহাৰক গুণৰ বাবে বাঁহ-গাজ কটা-চিঙা, খহু,ঘাত আদিত বাহ্যিক প্ৰয়োগ কৰি যোগাত্মক ফলাফল দেখা গৈছে।
-
বাঁহ-গাজৰ এন্টিভাইৰেল ক্ৰিয়া– মিজলচৰ চিকিৎসাত বাঁহ-গাজৰ চুপ খোৱাই ৰোগীয়ে কম সময়তে আৰোগ্য লভা দেখা গৈছে ৷ অসমৰ বিভিন্ন ঘৰত এতিয়াও আই (বসন্ত) ওলোৱাৰ পঞ্চম দিনত শুকনি হিচাপে শুকান খৰিছা -মাগুৰ মাছৰ আঞ্জা দিয়া হয়।
-
বিষহাৰক গুণৰ বাবে বাঁহ-গাজ বাত বিষৰ চিকিৎসাত উপযোগী৷
-
বৃশ্চিক আৰু সৰ্প দংশনৰ আয়ুৰ্বেদিক চিকিৎসাত বাঁহ-গাজৰ প্ৰয়োগ হৈ আহিছে৷ বৰলে বিন্ধা, বিছাই ডকা আদিটো বাঁহগাজ প্ৰয়োগ কৰি উপশম ঘটোৱা হয়৷
-
আয়ুৰ্বেদিক চিকিৎসকসকলে হাঁপানী আৰু আন শ্বাসজনিত বক্ষ ৰোগৰ চিকিৎসাত বাঁহ-গাজ ব্যৱহাৰ কৰে।
-
চুলি সৰাৰ চিকিৎসাতো বাঁহ-গাজ উপযোগী।
-
কেতিয়াবা সৰু সৰু ল’ৰা ছোৱালীৰ শৌচদ্বাৰেদি (বিশেষকৈ গ্ৰাম্যাঞ্চলত) জোক সোমাই যায়। তেতিয়া অলপমান খৰিচা খুৱাই দিলে জোক বাহিৰলৈ ওলাই আহে। হাল বাওতে গৰুৰ নাভিত জোক সোমালে খৰিচা খুৱালে জোক এৰাই বাহিৰ হয়৷
বাঁহ-গাজ খোৱাত কোনে সতৰ্কতা লব লাগে ?
গতিকে ওপৰৰ আলোচনাৰ পৰা গম পোৱা গ’ল যে বাঁহ-গাজ খালে পুৰণি ৰোগ বাঢ়িব, চুলি সৰিব, বাত বিষ হব, উচ্চ ৰক্তচাপ হব আদি ভুল ধাৰণাৰ কোনো বৈজ্ঞানিক ভিত্তি নাই৷ বাঁহ-গাজ খাই এলাৰ্জি হোৱা অতি দূৰ্লভ৷ স্তনপান কৰাই থকা মাতৃয়েও বাঁহগাজ নিৰ্ভয়ে খাব পাৰে৷
কেঁচাকৈ গৰম পানীৰে নোধোৱাকৈ বাঁহ-গাজ কেতিয়াও সেৱন কৰিব নালাগে৷
গৰল, থাইৰয়ডৰ টিউমাৰ আৰু হাইপোথাইৰইডৰ ৰোগীয়ে বাঁহ-গাজ নোখোৱাটোৱেই মংগলজনক৷
লেখক:-ডা০ ভূপেন শইকীয়া
Share your comments