1. স্বাস্হ্য আৰু জীৱন

ডায়েবেটিচ ৰোগীৰ বাবে সতৰ্কতা! এই আঠটা ফল খোৱা পৰিহাৰ কৰক

KJ Staff
KJ Staff
Fruits (Photo Credit: Google)
Fruits (Photo Credit: Google)

   ফল হৈছে ভিটামিন, খনিজ আৰু অন্যান্য আহাৰত থকা আঁহৰ দৰে একাধিক পুষ্টিৰ এক মুখ্য উৎস। ইয়াৰ দৈনিক ব্যৱহাৰে আমাক এন্টিঅক্সিডেন্ট, ফ্লেভোনইডৰ দৰে বিভিন্ন ধৰণৰ স্বাস্থ্য উপাদান প্ৰদান কৰিব পাৰে। সঠিক ফলৰ আহাৰে হৃদৰোগ, মধুমেহ, প্ৰদাহ আৰু কৰ্কট ৰোগকে ধৰি বহুতো ৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।

   ফলত প্ৰাকৃতিক শর্কৰা থাকে, কিন্তু ইয়াক লৈ আপুনি বা মই চিন্তা কৰাৰ প্ৰয়োজন নাই। ফলৰ প্রাকৃতিকচেনীৰ উপস্থিতি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক নহয়, কিন্তু ই নিয়ন্ত্রণত গ্রহণ কৰা প্রয়োজন ৷ সঠিক স্বাস্থ্য আৰু দীর্ঘায়ু জীৱনৰ বাবে যিকোনো ব্যক্তিয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰা প্রয়োজন। ইয়াৰ বাবে কোনবোৰ ফলত চেনী বেছি আৰু কোনবোৰ গ্ৰহণ কৰিব লাগে বা নালাগে, জনা আৱশ্যক৷

এই প্ৰবন্ধটোত আমি সেই ফলবোৰ তালিকাভুক্ত কৰিছোঁ, যিবোৰ ডায়েবেটিচ ৰোগী বা ওজন বৃদ্ধিৰ প্রতি সচেতন লোকসকলে সীমিত পৰিমাণে গ্ৰহণ কৰিব লাগে কিয়নো সেইবোৰত শর্কৰা পৰিমান বেছি।

আম: 

আম হৈছে পুষ্টি, আঁহ, এণ্টিঅক্সিডেণ্ট আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ, সঠিক ধৰণে গ্ৰহণ কৰিলে ওজন বৃদ্ধি নহয়। কিন্তু যদি আপুনি কম কেলৰিযুক্ত ফল গ্ৰহণ কৰিবলৈ বিচাৰে, তেনেহ'লে আম খোৱা পৰিহাৰ কৰিব কিয়নো আমত 45 গ্ৰাম চেনী থাকে (প্ৰতি মজলীয়া আকাৰৰ ফল)।

আঙুৰ: 

আঙুৰ মুখ্যতঃ বহুতো ৰঙত পোৱা যায়। এগিলাচ আঙুৰত প্ৰায় ২৩ গ্ৰাম চেনী থাকে। আপুনি সেইবোৰ খাবলৈ আধা টুকুৰা কৰি লাহে লাহে খাব পাৰে, তেনে কৰিলে শর্কৰা কমি যায়।

চেৰী: 

চেৰীৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টি-ইনফ্লেমেটৰী যৌগত বহুতো স্বাস্থ্য উপকাৰিতা আছে। যদি আপুনি চেৰী বেছিকৈ খায়, আপুনি 46 গ্ৰাম চেনী খাই আছে, যি দেহৰ বাবে ক্ষতিকাৰক। সেইকাৰণে যদি আপুনি ইয়াক কম পৰিমাণত সেৱন কৰে, তেন্তে ভাল হ'ব।

তৰমুজ: 

তৰমুজ দেখিলেই গম পাই যে তৰমুজত পানী যথেষ্ট থাকে। ইয়াত ইলেক্ট্ৰলাইট নামৰ বিশেষ খনিজ পদাৰ্থ পোৱা যায়। ডায়েবেটিচ ৰোগী থকা লোকসকলে তৰমুজ সুৰক্ষিত ভাৱে খাব পাৰে, কিন্তু ই কম পৰিমাণত হ'ব লাগে। স্বাস্থ্য বিশেষজ্ঞই স্বাস্থ্যকৰ চৰ্বি, আঁহ আৰু প্ৰ'টিন সমৃদ্ধ খাদ্যৰ সৈতে তৰমুজ খোৱাৰ পৰামৰ্শ দিয়ে। 

কল:

কল হৈছে ফলৰ ভিতৰত এক অন্যতম, যাক শক্তিৰ বাবে চুপাৰ ফুড বুলি জনা যায়। এটা মজলীয়া আকাৰৰ কলত 14 গ্ৰাম শর্কৰা থাকে। কল হৈছে এক সুৰক্ষিত আৰু পুষ্টিকৰ ফল যাক ডায়েবেটিচ ৰোগী আৰু ওজন হ্ৰাস কৰিব বিচৰা সকলে সঠিক পৰিমাণত খাব পাৰে।  

আভাকাডো: 

এটা আভাকাডোত মাত্ৰ ১.৩৩ গ্ৰাম শৰ্কৰা থাকে। আমি ইয়াক চালাডত ৰাখিব পাৰোঁ, ইয়াক টোষ্টত প্ৰয়োগ কৰিব পাৰোঁ, বা ইয়াক স্মুদি হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। অৱশ্যে, আভাকাডোত শর্কৰা কম কিন্তু কেলৰি অধিক। আভাকাডো সেই ফলবোৰৰ ভিতৰত অন্যতম য'ত শর্কৰা নাথাকে।

English Summary: Diabetics Alert Avoid Eating These Eight Fruits

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.