1. স্বাস্হ্য আৰু জীৱন

CHRONIC VENOUS INSUFFICIENCY ৰোগৰ লক্ষণ আৰু সমাধান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
CHRONIC VENOUS INSUFFICIENCY
CHRONIC VENOUS INSUFFICIENCY

CVI বা Chronic venous insufficiency হ’ল মানুহৰ ভৰিৰ সিৰাৰ লগত জড়িত এবিধ ৰোগ। য’ত এজন লোকৰ ভৰিৰ সিৰা বা vein সমূহৰ ভিতৰত তেজৰ চলাচল বাধাগ্ৰস্ত হয় আৰু ভৰিৰ তলৰ ফালে বা ankle joint ৰ ওচৰত বিষ, ফুলি উঠা, খোজকাঢ়োতে অসুবিধা আদি প্ৰাথমিক লক্ষণসমূহে দেখা দিয়ে।

আমাৰ ভৰিত তেজ পৰিৱহন কৰা যিবোৰ সিৰা থাকে, সেই সিৰাবোৰে তেজ ভৰিৰ পৰা হৃদযন্ত্ৰলৈ লৈ যায়। গতিকে ভৰিৰ পৰা তেজ ওপৰলৈ pump হোৱাৰ প্ৰয়োজন। ভৰিৰ পৰা হৃদযন্ত্ৰলৈ তেজ পাম্প হ’বৰ বাবে আমাৰ ভৰিৰ মাংসপেশীসমূহ সঠিকভাবে contract বা সংকোচন হোৱাৰ প্ৰয়োজন। তাৰোপৰি আমাৰ ভৰিৰ সিৰাবোৰৰ ভিতৰত কিছুমান valve থাকে। এই valve বোৰে ভৰিৰ সিৰাদি তেজ ওপৰলৈ উঠি যোৱাৰ পিছত যাতে তললৈ আহিব নোৱাৰে বা backward flow হ’ব নোৱাৰে, তাক বাধা দিয়ে।

কিন্তু কেতিয়াবা বিভিন্ন কাৰণ যেনে- বংশগত কাৰণেই হওঁক বা অত্যাধিক কাম বা বয়সৰ চাপৰ ফলতে হওক, ভৰিৰ সিৰাত থকা valve সমূহত বিসংগতিয়ে দেখা দিব পাৰে । ফলত ভৰিৰ সিৰাত তেজ জমা হৈ পৰে। কেতিয়াবা অধিক তেজৰ চাপ পৰি সৰু সৰু কেশিকাবোৰ ফাটি যাব পাৰে। ফলত ভৰিৰ সেই অংশ ৰঙচুৱা বা ক’লা পৰে। অত্যাধিক অৱস্থাত ছালৰ ওপৰত ঘা পৰ্যন্ত লাগিব পাৰে বা infection পৰ্যন্ত হ’ব পাৰে। এই অৱস্থাটোকে জনা যায় CVI বা Chronic venous insufficiency বুলি।

CVI ৰ প্ৰধান লক্ষণসমূহ-

(১) ভৰিৰ তল ফালে আৰু ankle joint ৰ ওচৰত বিষ।

(২) বিশেষকৈ বহুত দেৰি থিয় হৈ থাকিলে ভৰিত বিষে ধৰে আৰু থিয় হব নোৱাৰা হৈ পৰে।

(৩) ভৰি ফুলা

(৪) ভৰিৰ ছালৰ ওপৰত ৰঙচুৱা দাগ বা কলা পৰা।

(৫) দাগ হোৱা ঠাইত খজুৱতি বা itching

(৬) কেতিয়াবা বহুতৰে ভৰিত ঘা লগাৰ দৰে হয় বা infection হোৱাৰ chance থাকে।

CVI ৰ লক্ষণে দেখা দিলে কি কৰিব-

 (১) ইয়াৰ বাবে অতি সোনকালে চিকিৎসকৰ সহায়ত ঔষধ আৰু Exercise ৰ চিকিৎসা আৰম্ভ কৰা প্ৰয়োজন।

(২) অধিক সময় থিয় হৈ থকা অনুচিত।

(৩) অধিক সময় ধৰি বহি থাকিব লগা হ’লে প্ৰতি ৩০ মিনিটৰ মূৰে মূৰে ১০ মিনিটৰ বাবে ভৰি কোচোই আৰু চিধা কৰি movement কৰাৰ প্ৰয়োজন।

(৪) ভৰিৰ বিষৰ বাবে কেতিয়াও মালিচ কৰিব নালাগে, কাৰণ CVI অৱস্থাত ভোগা এজন লোকে ভৰিত মালিচ কৰিলে সাংঘাতিক বিপদত পৰাৰ সম্ভৱনা থাকে।ভৰিত জমা হৈ থকা তেজৰ সৰু টুকুৰা মালিচৰ ফলত এৰাই গ’লে এজন লোক emergency অৱস্থাত পৰিব পাৰে।

(৫) শুই বা বহি থকা অৱস্থাত ভৰি দুখন সদায় elevated position ত ৰখা প্ৰয়োজন অৰ্থাৎ গাৰু বা আন কোনো ওখ বস্তুৰ ওপৰত ৰখাটো প্ৰয়োজনীয়

(৬) ভৰিৰ আঙুলি, ankle joint, knee joint আৰু calf muscle ৰ বাবে কিছুমান exercise বা movement ঘৰতে কৰিব পাৰে।

লগতে পঢ়ক- 

ছাইনাছাইটিছ কিয় হয় আৰু ঘৰতে কিদৰে নিৰ্মূল কৰিব পাৰি এই ৰোগ!

English Summary: CHRONIC VENOUS INSUFFICIENCY (1)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.