1. স্বাস্হ্য আৰু জীৱন

সেউজীয়া শাক-পাচলিৰ উপকাৰিতা

KJ Staff
KJ Staff
  • সেউজীয়া শাক-পাচলিত প্ৰায় সকলো প্ৰয়োজনীয় উপাদান থকাৰ কাৰণে ই শৰীৰৰ পুষ্টি আৰু বৃদ্ধিত সহায় কৰে।

ভাৰতবৰ্ষ খন বিশাল সেউজীয়া শাক বনেৰে পৰিপূৰ্ণ এখন দেশ। ইয়াত হোৱা পালেং শাক, আমাৰা, গগু, মেথি, ছজিনা, পদিনা আদি বেচ জনপ্ৰিয়।

  • শাক জাতীয় খাদ্যত যথেষ্ট পৰিমাণে খনিজ পদাৰ্থ আৰু লৌহ পোৱা যায়।খাদ্যত লৌহৰ অভাৱ হ’লে ৰক্তহীনতাই দেখা দিয়ে। ৰক্তহীনতাত ভোগা গৰ্ভৱতী তিৰোতা, দুগ্ধপান কৰাই থকা মহিলা বা শিশুৰ শৰীৰত নানান ধৰণৰ শাৰিৰীক ব্যাধিয়ে দেখা দিবলৈ ধৰে।
  • নিয়মিত খাদ্যত সেউজীয়া শাক পাচলিৰ অন্তৰ্ভুক্তিয়ে শৰীৰটোক সুস্থ সৱল কৰি ৰাখে।
  • সেউজীয়া শাক-পাচলিত কেলছিয়াম, বিটা’কেৰটিন আৰু খাদ্যপ্ৰান গ উৎকৃষ্ট পৰিমাণত থাকে।
  • খাদ্যত খাদ্যপ্ৰান ক ৰ অভাৱৰ বাবে প্ৰতি বছৰে ভাৰতবৰ্ষত ৫ বছৰ বয়সৰ তলৰ প্ৰায় ৩০,০০০ হেজাৰ ল’ৰা-ছোৱালী অন্ধতাত ভোগে। সেউজীয়া শাক পাচলিত পোৱা কেৰটিন শৰীৰৰ ভিতৰলৈ গৈ ৰাসায়নিক ক্ৰিয়াৰ দ্বাৰা খাদ্যপ্ৰান ক লৈ পৰিৱৰ্ত্তিত হয় আৰু এই খাদ্যপ্ৰান ক ই চকুৰ অন্ধতা দূৰ কৰাত সহায় কৰে।
  • সেউজীয়া শাক পাচলিত খাদ্যপ্ৰান গ অক্ষুন্ন ৰাখিবৰ কাৰণে বেচি সময় ৰন্ধাতো অনুচিত কিয়নো বেচি দেৰীলৈকে ৰন্ধা খাদ্যত খাদ্যপ্ৰান গ ৰ অভাৱ ঘটে আৰু তেতিয়া এই খাদ্যই দাতঁৰ সুস্থতা ৰক্ষা কৰিব নোৱাৰে।
  • সেউজীয়া শাক-পাচলিত কিছু পৰিমাণে খাদ্যপ্ৰান খ কমপ্লেক্স  পোৱা যায়।
  • এগৰাকী বয়সস্থ মহিলাই প্ৰতিদিনে ১০০ গ্ৰাম সেউজীয়া শাক-পাচলি খোৱাতো জৰুৰী। এজন বয়সস্থ পুৰুষে প্ৰতিদিনে ৪০ গ্ৰাম, ৪ বছৰৰ পৰা ৬ বছৰৰ শিশু আৰু ১০ বছৰৰ ওপৰৰ ল’ৰা-ছোৱালীৰ বাবে প্ৰতিদিনে ৫০ গ্ৰাম শাক পাচলি খোৱাতো অতি প্ৰয়োজন।

 

সহজলভ্য সেউজীয়া পাচলিত থকা প্ৰয়োজনীয় উপাদানৰ মানদণ্ডসমূহ তলত দিয়া হ’ল:
পৰিপোষক খাদ্যত থকা ৰাসায়নিক পদাৰ্থসমূহ
পদিনা
আমাৰা
পালেং
ছজিনা পাত
ধনীয়া
গগু
কেলৰী
৪৮
৪৫
২৬
৯২
৪৪
৫৬
মাংসসাৰ (গ্ৰাম)
৪.৮
৪.০
২.০
৬.৭৩
৩.৩
১.৭
কেলছিয়াম ( মিলিগ্ৰাম)
২০০
৩৯৭
৭৩
৪৪০
১৮৪
১৭২০
লৌহ ( মিলিগ্ৰাম)
১৫.৬
২৫.৫
১০.৯
৭.০
১৮.৫
২.২৮
কে’ৰটিন (মাইক্ৰগ্ৰাম)
১৬২০
৫৫২০
৪৫৮০
৬৭৮০
৬৯১৮
২৮৯৮
থিয়ামিন ( মিলিগ্ৰাম)
০.০৫
০.০৩
০.০৩
০.০৬
০.০৫
০.০৭
ৰিব’ফ্লেভিন( মিলিগ্ৰাম)
০.২৬
০.৩০
০.২৬
০.০৬
০.০৬
০.৩৯
খাদ্যপ্ৰান গ (মিলিগ্ৰাম)
২৭.০
৯৯
২৮
২২০
১৩৫
২০.২
    • সেউজীয়া শাক-পাচলিৰ পৰা ল’ৰা-ছোৱালীৰ ডায়েৰীয়া হ্য় বুলি বহুতো মাকে ল’ৰা-ছোৱালীক এই প্ৰয়োজনীয় খাদ্যবিধৰ পৰা বঞ্চিত কৰে। বেক্টেৰিয়া, জীৱাণু, পোক ইত্যাদি মাটি আৰু পানীৰ পৰা শাক তৰকাৰীলৈ আহে আৰু ভালদৰে নোধোৱাকৈ গ্ৰহণ কৰাৰ ফলত এই বীজাণুবোৰ শৰীৰৰ ভিতৰলৈ গৈ ডায়েৰিয়া আদি বেমাৰৰ সৄষ্টি কৰে। সেইকাৰণে ৰন্ধাৰ আগতে সকলোবোৰ শাক-তৰকাৰী ভালদৰে ধুই-মেলি চাফা কৰি ল’ব লাগে।
    • সেউজীয়া শাক-পাচলি ভালদৰে ধুই, ৰান্ধি আৰু ভালদৰে পিটিকি আহঁবোৰ গুছাইহে কেঁচুৱাক খুৱাব লাগে। সেউজীয়া শাক-পাচলিত প্ৰয়োজনীয় ৰাসায়নিক উপাদানসমুহ মজুত ৰাখিবলৈ হ’লে বেচি দেৰী ৰন্ধাতো অনুচিত। ৰান্ধোতে পাচলিৰ পৰা ওলোৱা পানী কেতিয়াও পেলাই দিব নালাগে আৰু সদায় ঢাকনি থকা পাত্ৰতহে ৰাখিব লাগে। শাক-তৰকাৰী ৰ’দত শুকুৱালে তাত থকা কেৰ’টিন নষ্ট হ্য় সেইকাৰণে শাক তৰকাৰী তেলত ভজাতকৈ সিজাই খোৱা বেচি দৰ্কাৰী।
    • সৰ্বসাধাৰণ মানুহে সহজতে পোৱা শাক-পাচলিবোৰক পুষ্টি বৰ্দ্ধনকাৰী বুলি গণ্য নকৰে, কিন্তু ব্যয়বহুল বা দামী পাচলিবোৰকহে শৰীৰৰ প্ৰয়োজনীয় বুলি গ্ৰহণ কৰে আচলতে এই ধাৰণা একেবাৰে ভুল।
    • এইকাৰণেই সেউজীয়া শাক-পাচলিৰ খেতি কৰাত গুৰুত্ব আৰোপ কৰিব লাগে যাতে গোটেই বছৰটোৱেই ইয়াক খাদ্য হিচাবে মানুহে গ্ৰহণ কৰিব পাৰে। ৰান্ধনিশালৰ বাগিছা, স্কুলৰ বাগিছা আৰু ঘৰৰ চাদত কৰা বাগিছা ইত্যাদি শাক-পাচলি খেতি কৰাৰ কাৰণে উপযুক্ত ঠাই। ছজিনা, আগামি ইত্যাদি গছ এবাৰ ৰুই দিলেই হৈ যায়। এই গছৰ পাত আদি তেতিয়া সহজলভ্য হয়।
    • উৎস: আইএনডিজি দল।
English Summary: Benefits of Green Veggies

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.