আপুনি বাৰু গুটখা বা পাণমচলা জাতীয় বস্তু ব্যৱহাৰ কৰে নেকি ? অত্যন্ত পেটৰ বিষ। ঔষধেও কাম কৰা নাই, খাব পৰা নাই, গা দুৰ্বল আদি ঘটনা যদি আপোনাৰ লগত হৈছে, তেনেহ’লে আপুনি নিশ্চিত হ’ব পাৰে ই আপুনি ইমানদিনে ব্যৱহাৰ কৰি অহা গুটখা বা পাণমচলাৰ পৰিণতি।
ই আপোনাৰ খাবলৈ আৰম্ভ কৰিছে। আপুনি যেনেদৰে গুটখাৰ পেকেটটো খুলি পাণমচলাৰ পেকেটৰ লগত জোকাৰি জোকাৰি মিহলাই খাইছিল, ইও আপোনাক পেটত ঘাঁৰ সৃষ্টি কৰি তাক বহল কৰি কৰি খুলি খাবলৈ আৰম্ভ কৰিছে। পৰিণতি- গুটখাৰ পেকেটটো শেষ হোৱাৰ দৰে আপোনাৰ জীৱনটোকো ই শেষ কৰিবলৈ আগবাঢ়িছে।
গুটখা বা পাণমচলা জাতীয় মুখৰোচকবোৰ সাধাৰণতে আমাৰ শৰীৰৰ বাবে কিমান অপকাৰী সেইটো ভুক্তভোগীসকলেহে ভালদৰে বুজে। যেতিয়া হাজাৰ হাজাৰ টকা খৰচ কৰাৰ পাছতো কোনো ঔষধৰ দ্বাৰাই পেটৰ বিষ ভাল নহয় বা পায়খানা খোলোচা নহয়, খাদ্য খালেই বমি হয়, তেতিয়াহে বুজা যায় কিয় গুটখা পাণমচলা জাতীয় বস্তুৰ পৰা আঁতৰত থাকিব লাগে।
সুগন্ধি আৰু মুখৰোচক কৰি তুলিবৰ বাবে গুটখা বা পাণমচলাত যি ধৰণৰ ৰাসায়নিক দ্ৰব্য মিহলোৱা হয়, সেই ধৰণৰ ৰাসায়নিক দ্ৰব্যই মানুহৰ শৰীৰত অধিক মাত্ৰাত জমা হ’লে, শৰীৰত বিভিন্ন ধৰণৰ ক্ৰিয়া কৰে। ওপৰত বৰ্ণোৱাখিনি এটা উদাহৰণহে। এনেকুৱা বহু পাৰ্শ্বক্ৰিয়া আছে, যিবোৰে আমাক লাহে লাহে মৃত্যুৰ পথলৈ ঠেলি দিয়ে
গুটখা পাণমচলা জাতীয় বস্তু খাদ্য নহয়, মুখৰোচক। এইবোৰ উৎপাদনত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰাৰ বাবে চৰকাৰৰ অনুমতি থাকে। কিন্তু তাত ব্যৱহাৰৰ অনুপাতৰো বাধ্যবাধকতা থাকে। কম মাত্ৰাত ব্যৱহাৰ কৰিলে ই শৰীৰত সাধাৰণতে প্ৰভাৱ পৰাকৈ ক্ৰিয়া নকৰে। কিন্তু পৰিমাণত বেছি হ’লে ই ইয়াৰ ক্ৰিয়া আৰম্ভ কৰে। মুখৰোচকৰ সাধাৰণতে কোনো কাৰণত মুখখন বেয়া লাগিলে কাচিৎ ব্যৱহাৰ কৰা হয়। সেই হিচাপে প্ৰত্যেক দিনে ১-২ গ্ৰাম এনে মুখৰোচক আমি ব্যৱহাৰ কৰিলে আমাৰ দেহে সহ্য কৰিব পাৰে। কিন্তু মুখৰোচকক যদি আমি খাদ্যৰ দৰে ব্যৱহাৰ কৰোঁ তেতিয়াই ই আমাৰ জীৱনলৈ বিপৰ্যয় মাতি আনে। গুটখা, পাণমচলা জাতীয় বস্তু খোৱা প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত দেখা যায় ই নিচালৈ পৰিৱৰ্তন হয় আৰু ১-২ পেকেটৰ পৰা বাঢ়ি বাঢ়ি প্ৰতিদিনে ৩০-৪০ পেকেট পৰ্যন্ত খোৱাৰ অভ্যাস কৰি পেলায়। ফলত শৰীৰত জমা হোৱা ৰাসায়নিক পদাৰ্থৰ পৰিমাণ শৰীৰত বিষ হিচাপে জমা হৈ থাকে আৰু ইয়াৰ ক্ৰিয়াৰ ফলত শৰীৰ ৰোগাক্ৰান্ত হৈ পৰে। এনে দ্ৰব্য অতিমাত্ৰাত খোৱাসকলে অইন খাদ্যবস্তুৰ সোৱাদ নোপোৱা হয়। খাবলৈ মন নোযোৱা হয়। পাকস্থলীত এচিড হিচাপে জমা হ’ব ধৰে। এচিডে প্ৰজ্বলক হিচাপে কাম কৰে। সাধাৰণ কথা এটা লক্ষ্য কৰিলে দেখা যায় যে গাড়ীৰ বেটাৰী বা ইনভাৰ্টাৰৰ বেটাৰীৰ পৰা কিবা কাৰণত অলপ এচিড যদি আপোনাৰ ঘৰৰ টাইলছত পৰিছে, তেতিয়াহ’লে ই টাইলছৰ ক্ষতি কৰে। তেনে অৱস্থাত তেনেধৰণৰ এচিড আমাৰ পেটত জমা হ’লে ই কি কৰিব পাৰে এবাৰ ভাবি চাওক।
গুটখা জাতীয় বস্তুৰ সেৱনে গোটেই শৰীৰটোৰ অপকাৰ কৰে যদিও প্ৰধানতঃ পাকস্থলী, যকৃত, বৃক্ক, হাঁওফাঁও, ছাল আদিত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। খাদ্যনলী, পাকস্থলী আদিত ঘাঁ হ’ব পাৰে আৰু লাহে লাহে কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনাই দেখা দিয়ে। যকৃত দুৰ্বল হয়, হজম শক্তি কমি যায়, বৃক্কত পাথৰ হিচাপে জমা হৈ ইয়াক বিকল কৰি দিব পাৰে। হাঁওফাঁওত ক্ৰিয়া কৰাৰ ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয়, ভাগৰুৱা অনুভৱ হয় আদি। যিসকল পুৰুষে অধিক মাত্ৰাত এনে দ্ৰব্য সেৱন কৰে, সেইসকলৰ যৌনশক্তি হ্ৰাস পায় আৰু পিছলৈ বীৰ্যদূষিত হোৱাৰ ফলত সুস্থ সন্তান জন্ম দিয়াৰ ক্ষমতা হ্ৰাস হৈ যায়। আজিকালি পুৰুষৰ লগতে বহু মহিলায়ো এনে দ্ৰব্য গ্ৰহণ কৰা দেখা যায়। মহিলাসকলৰ ক্ষেত্ৰতো দেখা যায় এনে দ্ৰব্যৰ অধিক ব্যৱহাৰে সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। দেখা যায় এনে দ্ৰব্য সেৱন কৰা বহু মহিলাই জৰায়ুৰ ৰোগত ভোগে। ই ক্ৰমাৎ বেয়া হ’বলৈ ধৰে আৰু সময়ত ইয়াক উঠাই পেলাব লগা হয়। ইয়াৰ অধিক ব্যৱহাৰে পুৰুষ-মহিলা সকলোৰে ওপৰত বয়সৰ চাপ পেলায়। চুলি পকে, ছাল কোঁচ খাই যায়, ৰং হালধীয়া হয়, এইবোৰ ইয়াৰ পাৰ্শ্বক্ৰিয়া।
আজিকালি গুটখা বা পাণমচলা জাতীয় দ্ৰব্য সেৱন কৰাটো সামাজিক সমস্যাৰূপে দেখা দিছে। এনে গুটখা খাই পিক পেলালে ঠাইডোখৰ গোন্ধাই থাকে। এনে লোকৰ লগত কথা পতাটোও অতি বিৰক্তিকৰ। এনে লোকৰ প্ৰস্ৰাৱ কৰা ঠাইডোখৰ পুৰি যোৱাৰ দৰে হয়। আনহাতে, গুটখা, পাণমচলা খাই পেলাই দিয়া পেকেটবোৰ বাট-পথ আদিত আৱৰ্জনা হৈ উৰি ফুৰে। সামাজিকভাৱে দায়বদ্ধ নোহোৱা এনে লোকে য’তে ত’তে গুটখা বা পাণমচলাৰ পেকেট খুলি থকা দেখিলে সাধাৰণ মানুহ বিৰক্তিত খঙাল হৈ পৰে। সৰু ল’ৰা-ছোৱালীয়ে ডাঙৰৰ এনে কাৰ্য অনুকৰণ কৰে। অৰ্থাৎ ক’বলৈ গলে গুটখা বা পাণমচলা সমাজৰ কাৰণে এক অভিশাপ। আমি ইয়াৰ প্ৰচলন বন্ধ কৰাত সহায় কৰা উচিত। ইয়াৰ বাবে আপোনাৰ কৰণীয়খিনি আজিয়েই আৰম্ভ কৰক।
গুটখা খোৱা মানুহ দেখিলেই সোঁৱৰাই দিব আপোনাৰ মুখখন বেয়া গোন্ধাইছে। আপোনাক ভাগৰুৱা আৰু বেমাৰী যেন লাগিছে। আপোনাৰ শৰীৰৰ ঘাম দুৰ্গন্ধময়। দেখিব আপোনাৰ প্ৰচেষ্টাত লাহে লাহে আপুনি সফল হৈছে।
(উৎসঃ নিয়মীয়া বাৰ্তা, ডাঃ নিতুল নাথ)।
Share your comments