1. Government Schemes

কৃষক উৎপাদক কোম্পানি কি! FPO সমূহক কেনেদৰে সহায় কৰে চৰকাৰে!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Farmer Producer Company
Farmer Producer Company

কৃষকৰ কোম্পানীৰ পোছাকী নাম হ’ল - Farmers Producer কোম্পানী ৷ ইয়াৰ আঁৰত থকা মুল সিদ্ধান্তটো হ’ল-  " প্ৰত্যেকঘৰ মানুহৰ গঁড়ালত যদি এজনীকৈ কুকুৰা থাকে তেন্তে কুকুৰাজনীয়ে পৰা এটাকৈ কনী লৈ বজাৰলৈ যোৱাটো অসম্ভৱ । কিন্তু দহঘৰ মানুহ যদি একগোট হৈ এটা গোট কৰি গোটৰ কাৰোবাক কনী কেইটা একেলগে গোটাই বজাৰলৈ লৈ যাবলৈ দিয়ে তেন্তে বজাৰত কণীকেইটা বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পৰা যাব । "

কোনো এটা স্থানৰ কৃষকসকলে একগোট হৈ একোটা Farmers producer কোম্পানী গঠন কৰিব পাৰে । একোজন কৃষকৰ কৃষিৰ বাবে প্ৰয়োজন হোৱা যন্ত্ৰপাতি তথা বিপণনৰ সামৰ্থ নাথাকিব পাৰে ৷ কিন্তু একত্ৰিত হ’লে তেওঁলোকৰ এই দুয়োটা কাৰ্যত সহায়ক হোৱাকৈ সমস্ত ভেলু চেইনটো সাজু কৰিব পাৰে ।

২০০২ চনৰ পৰা ভাৰত চৰকাৰে কৃষক উৎপাদক কোম্পানী গঠন কৰাৰ বাবে উৎসাহ প্ৰদান কৰি আহিছে । এটা কৰ্পৰেট কোম্পানী আৰু ক’-অপাৰেটিভ চ’চাইটিৰ হাইব্ৰীড ৰূপে নিৰ্মাণ কৰা এই বৰ্ণসঙ্কৰ মডেলটোৱে ইতিমধ্যে ভাৰতৰ লক্ষ লক্ষ কৃষকক উপকৃত কৰিছে । বহুজাতিক কোম্পানীবোৰৰ বিৰুদ্ধে কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰি ৰখা এই ব্যৱস্থাটোত সহযোগ কৰি আহিছে নাবাৰ্ডকে আদি কৰি বহুকেইটা অগ্ৰণী প্ৰতিষ্ঠান ।

দহজনতকৈ অধিক কৃষক অথবা দুটাতকৈ অধিক কৃষক সংগঠন অথবা দুটা কৃষক সংগঠন বা দহজন কৃষক একত্ৰিত হৈ একোটা Farmers producer company গঠন কৰিব পাৰে ৷ দুটা সংগঠন বুলি কওঁতে ইয়াত দুটা farmers producer organization বা Co-operative Societyৰ কথা কোৱা হৈছে । Farners producer Organizationৰ পঞ্জীয়ণ যিকোনো ধৰণৰ হ’ব পাৰে । কিন্তু Farmers producer companyৰ পঞ্জীয়ন companies act.ৰ দ্বাৰা নিশ্চিত হ’বই লাগিব ।

লগতে পঢ়ক- 

Advanced Marketing : এডভান্স মাৰ্কেটিং ফৰ্মুলাৰে কৃষকে পথাৰতো জিকক, বজাৰতো জিকক

 

এই Farmers Peoducer conpanyবোৰক মই উল্লেখ কৰা সাহাৰ্যকাৰী সংস্থাবোৰে বহুসময়ত আৰ্থিক সাহাৰ্য প্ৰদান কৰে ৷ ইয়াৰে তিনিবছৰৰ বাবে তেওঁলোকে গ্ৰাণ্টৰ ৰূপত প্ৰয়োজনীয় দা-দৰমহা তথা কাৰ্যালয় চলাবলৈ প্ৰয়োজন হোৱা অৰ্থসাহায্য লাভ কৰে । তিনিবছৰৰ বাবে লাভ কৰা এই অৰ্থসাহায্যক পৰ্যায় ক্ৰমে কমাই অনা হয় । এটা উদাহৰণ দিছোঁ - ধৰক কোম্পানীটোৰ ব্যৱসায় সুচাৰুৰূপে চলাবলৈ এজন CEO ৰ প্ৰয়োজন ।তেনে ক্ষেত্ৰত আৰ্থিক সাহাৰ্য প্ৰদান কৰা সংস্থাটোৱে প্ৰথম বছৰ CEO জনৰ বেতনৰ এশ শতাংশ সাহাৰ্য ,দ্বিতীয় বছৰ দৰমহাৰ সত্তৰ শতাংশ আৰু তৃতীয় বছৰ দৰমহাৰ পঞ্চাশ শতাংশ দিব ।  ইয়াৰ ওপৰিও তেওঁলোকে ব্যৱসায়টো চলাবলৈ প্ৰয়োজন হোৱা ঋণ অতি কম সূতত লাভ কৰে । মুলধনৰ ক্ষেত্ৰতো সদস্যসকলে সংগ্ৰহ কৰা মুঠ টকাৰ তিনিগুণ টকা সাহাৰ্য ৰূপে ভাৰত চৰকাৰৰ পৰা পায় ।

অসমত FPC ব্যৱস্থাটো এতিয়াও তেনেই চালুকীয়া হৈ আছে । ভাৰতৰ অন্য প্ৰান্তৰৰ তুলনাত অসমৰ কৃষকে বৰ্তমান পৰ্যন্ত কৃষক উৎপাদক কোম্পানীৰ ক্ষেত্ৰত বিশেষ অগ্ৰগতি লাভ কৰিব পৰা নাই । এই ব্যৱস্থাটো অসমত আৰম্ভ হোৱাৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা মই নিজে সংযুক্ত থকাৰ বাবে বাস্তৱটো জানোঁ । অসমৰ কৃষকে নিজৰ দোষতে ইমান সুন্দৰ ব্যৱস্থা এটাৰ সুবিধা ল’ব পৰা নাই ।

১) অসমৰ মানুহৰ ব্যক্তিকেন্দ্ৰিক মানসিকতা ৷

২) অন্যৰ পাতত কি আছে সেইটোত অধিক মনোনিৱেশ কৰাৰ বদ অভ্যাস ৷

৩) এলেহুৱা মানসিকতা ।

এই তিনিটা দোষৰ বাবেই অসমৰ কৃষকে এতিয়ালৈকে সফল Farmers company একোটা গঠন কৰিবলৈ সক্ষম হোৱা নাই । বহুসময়ত কোম্পানীটোৰ বাবে প্ৰয়োজন হোৱা শ্বেয়াৰ কেপিটেল দিবলৈও অধিকাংশ সদস্যই অনিচ্ছা প্ৰকাশ কৰে । তেওঁলোকে শ্বেয়াৰৰ টকাবোৰ কোনোবাই আত্মসাৎ কৰিব বুলি সততে সন্দিহান হৈ থাকে । অথচ এটা FPC য়ে একলাখ শ্বেয়াৰ কেপিটেল সংগ্ৰহ কৰিব পাৰিলে ভাৰত চৰকাৰৰ পৰা মুঠ তিনিলাখ টকাৰ অৰ্থসাহায্য লাভ কৰাৰ সক্ষমতা অৰ্জন কৰিব পাৰে । একত্ৰিত হৈ আগবাঢ়ি যোৱাৰ ব্যৱস্থাটো অসমৰ কৃষকে এতিয়াও ভালদৰে আয়ত্ত কৰিবই পৰাই নাই । শেহতীয়াকৈ ভাৰত চৰকাৰে এই FPC ব্যৱস্থাটোৰ পৰিসৰ অধিক বঢ়াই তুলিছে। তাঁতশাল ,কুটীৰ শিল্পৰ দৰে ক্ষেত্ৰলৈও একেটা মডেলৰ সংবৰ্ধন ঘটাই ভাৰত চৰকাৰে আৰম্ভ কৰিছে- OFPO ( Off farm producer organization ) ৷  সুবিধাবোৰ আহি আছে । সুবিধাবোৰ আছেই ।মাত্ৰ নিজে আগবাঢ়ি আহি কাম কৰিম বুলি একত্ৰিত হোৱাৰ হে প্ৰয়োজন ।

লগতে পঢ়ক- 

বান্দৰৰ বাবে একো কৰিব পৰা নাই নেকি! তেন্তে এই লেখাটো আপোনাৰ বাবে!

English Summary: what is Farmer Producer Company in Assamese

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.