1. Government Schemes

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান

KJ Staff
KJ Staff

উদ্দেশ্য

প্রায় ৰৈ যোৱা খাদ্য পণ্য উত্পাদন আৰু বৃহত্‍ জনসংখ্যাৰ বাবে বাঢ়িব ধৰা খাদ্য শস্যৰ চাহিদাটোক বঢ়োৱাৰ বাবে, ভাৰত চৰকাৰে সম্পূর্ণৰূপে কেন্দ্রৰ দ্বাৰা পৰিচালিত “নেচনেল ফুড চিকিউৰিটি মিচন” নামৰ এই পৰিকল্পনাটো উত্থাপন কৰে৷

পৰিকল্পনাটোৰ প্রধান বৈশিষ্টটো হ’ল অধিক মাত্রাত ঘেহুঁ, চাউল আৰু দাইলৰ ফলন কৰি আৰু তাৰ উত্পাদন ইমানভাবে বঢ়াব লাভে যাতে দেশৰ সম্পূর্ণ চাহিদা পূৰণ হয়। এই বিষয়টোৰ গুৰূত্ব এই কাৰণেই বেছি যাতে উন্নতমানৰ প্রযুক্তিৰ মাধ্যমেৰে আৰু পৰিচালনাৰ অভ্যাসৰ জৰিয়তে ফলন আৰু উত্পাদনৰ মাজৰ এই ব্যৱধানটো মছি পেলাব পৰা যায়।

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ ক্ষেত্রত প্রধান প্রযুক্তি

  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - চাউল
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - ঘেঁহু
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - দাইল
  • দ্বাদশ পৰিকল্পনাত ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ বাবে সম্পূর্ণ আর্থিক খৰচ হ’বগৈ ৪৮৮২.৪৮ কোটি টকা (২০০৭-০৮ - ২০১১-১২)। লাভবান হোৱা খেতিয়কসকলে নিজা নিজা ক্ষেত্রত কামৰবাবে/ব্যক্তিগত খেতিৰ বাবে খৰচৰ ৫০ শতাংশ ভাগ দিব।
  • উপকৃত খেতিয়কসকলে বেঙ্কৰপৰা ইচ্ছা হ’লে ধাৰ লব পাৰে। এই ক্ষেত্রত কোনো এটা বিশেষ বিষয়ত টকা ধাৰ ল’লে ধন ৰাশি ৰেহাইৰ পৰিমাণ বেঙ্কে ঠিক কৰি দিব।
  • ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান জাৰী কৰাৰ ফলস্বৰূপে চাউলৰ উত্পাদন ক্ষমতা বাঢ়ি গৈ ১ কোটি টন হয়গৈ, ঘেঁহু ৮০ লাখ টন, দাইল হয়গৈ ২০ লাখ টন। ইয়াৰ ফলত অতিৰিক্ত কর্মসংস্থানৰো সৃষ্টি হয়।

ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযানৰ অধীনত থকা ৰাজ্যসমূহ

  • 15 খন ৰাজ্যৰ 142 খন জিলা (অন্ধ্র প্রদেশ, তামিলনাডু, অসম্, ছত্তিচগড়, কর্ণাটক, উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্রদেশ, আৰু পশ্চিমবঙ্গ, উৰিষ্যা, ঝাৰখণ্ড) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান-চাউলৰ আঁচনিৰ ভিতৰত পৰিব।
  • 9 খন ৰাজ্যৰ 142 খন জিলা (পাঞ্জাব, হৰিয়ানা, উত্তৰ প্রদেশ, বিহাৰ, ৰাজস্থান, মধ্যপ্রদেশ, গুজৰাট, মহাৰাষ্ট্ৰ, আৰু পশ্চিমবঙ্গ) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান - ঘেহুঁৰ আঁচনিৰ ভিতৰত পৰিব।
  • 16 খন ৰাজ্যৰ 468 খন জিলা (অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিচগড়, গুজৰাট, কর্ণাটক, মধ্যপ্রদেশ, মহাৰাষ্ট্র, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, পঞ্জাব, হৰিয়ানা, উত্তৰপ্রদেশ আৰু পশ্চিমবঙ্গ) ৰাষ্ট্ৰীয় খাদ্য নিৰাপত্তা অভিযান- দাইলৰ আঁচনিৰ ভিতৰত পৰিব।
  • ২ কোটি হেক্টৰ চাউল, ১ কোটি ৩০ লাখ হেক্টৰ ঘেঁহু আৰু ৪৫ লাখ হেক্টৰ দাইল এই কেইখন জিলাৰ ভিতৰত ধৰা হৈছে যিটো চাউল আৰু ঘেঁহুৰ আনুমানিক প্রায় ৫০ শতাংশ উত্পন্ন কৰে। দাইলৰ বাবে অতিৰিক্ত ২০ শতাংশ শস্যৰ খেতি কৰিব পৰা মাটি উলিওৱা হব।

উত্স; আইএনডিজি গোট।

English Summary: National Food Security Mission

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.