1. Government Schemes

মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি

KJ Staff
KJ Staff

NREGA ৰ বিষয়ে

  • ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনি (যাক এনৰেগা বুলিও জনা যায়) এই ভাৰতীয় আইনটো প্রণয়ন হয় আগষ্ট ২৫, ২০০৫ চনত| NREGA প্রতিটো বিত্তীয় বছৰত ১০০ দিনৰ কামৰ নিশ্চয়তা দিয়ে সাধাৰনতে গাঁ‌ৱৰ প্রাপ্তবয়স্ক মানুহক যিসকলে নিজা ইচ্ছাতেই এই কাম কৰিবলৈ সাজু থাকে এটা নির্দিষ্ট মজুৰিৰ বিনিময়ত গ্ৰাম্য উন্নয়নৰ মন্ত্রীজনে (MRD), ভাৰত চৰকাৰে এই আঁচনিৰ অর্ন্তগতত থকা এই গোটেই কামটো ৰাজ্য চৰকাৰৰ সহযোগিতাত তত্বাৱধান কৰে৷
  • এই আইনখন প্রকৃতপক্ষে গাঁওৰ মানুহৰ বিকাশ আৰু বস্তু কিনাৰ ক্ষমতাক বঢ়াবৰ বাবেহে তৈয়াৰ কৰা হৈছিল, সাধাৰনতে আংশিক আৰু একেবাৰেই অপার্গত মানুহৰ বাবে যি সকলে দৰিদ্র সীমাৰ তলত থাকে। এই আচঁনিয়ে ধনী-দুখীয়াৰ মাজত থকা এই সীমা ৰেখাটোৰ দূৰত্ব কমাই দিবৰ চেষ্টা কৰে। মুঠৰ ওপৰত তিনি ভাগৰ এভাগ তিৰোতা মানুহ হব লাগিব বুলি কোৱা হয়।
  • গাঁওৰ ঘৰৰ প্রাপ্তবয়স্ক মানুহে তেওঁলোকৰ নাম, বয়স আৰু ঠিকনা বিলাক ফটোৰ সৈতে গাঁও পঞ্চায়তত জমা দিয়ে। গাঁও পঞ্চায়তে এই নাম বিলাক চালিজাৰি চাই লৈ এটা জব কার্ড দিয়ে। এই জব কার্ডত প্রতিজন প্রাপ্ত বয়স্ক মানুহৰ বিষয়ে ফটোৰ সৈতে সম্পূর্নকৈ উল্লেখ থাকে। নথিভুক্ত মানুহ বিলাকে কাম বিচাৰি এখন লিখিত দর্খাস্থ (অন্ততঃপক্ষে ১৪ দিনৰ কামৰ বাবে) পঞ্চায়ত বা প্রগ্রাম অফিচাৰক জমা দিব পাৰে।
  • পঞ্চায়ত বা প্রগ্রাম অফিচাৰজনে তাৰিখৰ সৈতে সঠিক দর্খাস্থবিলাক গ্রহণ কৰে আৰু পিছত কাম জাৰি কৰাৰ চিঠিখন পঠিওয়া হয়। কামটো ৬৫ কি.মি. ব্যাসার্দ্ধৰ ভিতৰত দিয়া হয়, যদিহে এইটো ৫ কি.মি.ৰ ওপৰত হয় তেন্তে অতিৰিক্ত দিয়া হয়।

আর্থিক দুৰৱস্থাত আশাৰ জিলিকনি

ছত্তিচগঢ় ৰাজ্যত নির্মাণ কামত লাগি থকা মাদভি মাডকায়, বিশ্বব্যাপী আর্থিক দুৰৱস্থাৰ বাবে বেয়াকৈ ক্ষতিগ্রস্থ হয়। মাডকা এজন খেতিয়ক, যিজনে প্রতি দিনৰ মজুৰীত কাম কৰে। তেওঁ চিংগার্মা গাওঁত হাবিৰ কাঠ আৰু কৃষিজাত সামগ্রী বেচি ঘৰৰ খৰচ চলায়। কিন্তু এই আয়টো বছৰৰ চাৰিটা মাহ চলিবলৈ যথেষ্ট। বাকী থকা মাহ বিলাকত, মাডকায় চহৰলৈ যায় উপার্জ্জনৰ আশাৰে। চহৰলৈ গৈ তেওঁ নির্মাণ সংস্থাৰ অধীনত কাম কৰিবলৈ আৰম্ভ কৰে। যোৱা বছৰত তেওঁ চহৰত কাম বিচাৰে নেপালে। তেওঁ বুজি নেপালে যে অকস্মাতে অহা বিপদৰ কাৰন কি, কিন্তু মাডকা অকলেই নাছিল, এনেকুৱা আৰু বহুতো মানুহ মাডকাৰ দৰেই বিপদত পৰিছিল। কিন্তু মাডকা আৰু তাৰ পৰিয়ালটোয়ে ভাৰত চৰকাৰৰ অধীনত জাতীয় গাঁৱলীয়া নিশ্চয়তা নিযুক্তি আইন (NREGA) ৰ অধীনত যিটোক নিশ্চয়তা আইন বোলা হয়, তাৰ অধীনত এটা নিৰাপদ ঠাই পায়। ইউনাইটেড নেচনচ ডেভেলাপমেন্ট প্রগ্রাম (UNDP) আচনিৰ অর্ন্তগতৰ সহায়তাত তেওঁৰ গাঁওত এখন সচেতনতা বঢ়োৱাৰ বাবে আচঁনি লোৱা হয়, মাডকায় NREGAৰ অধীনত নিজৰ কামৰ অধিকাৰৰ বিষয়ে জানি লয় আৰু শিকে কিদৰে নিযুক্তি নিশ্চয়তা আচঁনিৰ অধীনত কাম পোৱা যায়। “এই আলোচনাত মই জানিছো যে কি দৰে NREGA ৰ অধীনত চৰকাৰৰ পৰা প্রতি দিনৰ কামৰ বাবে মজুৰী পোৱা যায় আৰু কি দৰে নিজৰ মাটি ডোখৰৰ উন্নতি সাধন কৰা যায়” - মাডকায় কৈছিল। তেওঁ জমা দিয়া এটা আচনিৰ বাবে টকা ৭,৩০০/- পায়। মাডকায় তেওঁৰ নিজৰ মাটিত আটা পুখুৰী তৈয়াৰ কৰে। আজিৰ দিনত মাডকায় সেই পুখুৰীৰ পানীৰ দ্বাৰা তেওঁৰ পথাৰত পানী দিয়াৰ ওপৰত ও পোহনীয়া জন্তু বিলাকক খোৱা পানীৰ যোগান দিব পাৰে, এই পানী পুখুৰীত থকা মাছৰ বাবেও কামত আহে, ফলত তেওঁৰ আর্থিক দিশত যথেষ্ট সহায় হয় আৰু ফল স্বৰূপে তেওঁৰ পৰিয়ালটোয়ে ভালকৈ জীৱণ নির্বাহ কৰিব পাৰে। মাডকায় ভাবে যে তেওঁৰ গাঁওৰ যিবিলাক মানুহে উপার্জ্জনৰ আশাৰে চহৰলৈ গৈ খালী হাতে উভতি আহিছে, তেওঁলোকেও মাডকাৰ পৰা এই বিলাক শিকি লৈ আর্থিক দিশাত উন্নতি ঘটাব পাৰে।

উৎস: আইএনডিজি দল।

English Summary: MGNREGA

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.