1. Government Schemes

নিৰ্বাচন ২০২২: ভূমিহীন শ্ৰমিকসকলৰ বাবে ছত্তিশগড়ত কংগ্ৰেছৰ কল্যাণমূলক আঁচনি

KJ Staff
KJ Staff
Congress' started welfare scheme in Chhattisgarh for landless workers
Congress' started welfare scheme in Chhattisgarh for landless workers

বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গ্ৰাম্য অঞ্চলত ভূমিহীন শ্ৰমিকসকলৰ বাবে ছত্তীশগড় চৰকাৰী বিত্তীয় সাহায্য আঁচনি আৰম্ভ কৰে । এই আচঁনিৰ অধীনত  প্ৰায় ৩.৫৫ লাখ অংশগ্ৰহণকাৰীয়ে প্ৰথম কিস্তি হিচাপে তেওঁলোকৰ বেংক একাউণ্টত ২,০০০ টকা লাভ কৰে । ৰাজ্যখনলৈ দিনজোৰা ভ্ৰমণকালত ৰাহুল গান্ধীয়ে ৰায়পুৰৰ বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত 'ৰাজীৱ গান্ধী গ্ৰামীণ ভূমিহীন কৃষি মজদুৰ ন্যায় যোজনা'ৰ আৰম্ভ কৰে ।

অনুষ্ঠানটোত ৰাহুল গান্ধীয়ে ৰাজীৱ যুৱ মিতান ক্লাব' আঁচনিৰ উদ্বোধনৰ কথাও ঘোষণা কৰে । এই আচঁনিৰ অধীনত হিতাধিকাৰীসকলক ২৫,০০০ টকাৰ বিত্তীয় সাহায্য প্ৰদান কৰিব । গান্ধীয়ে কৰ্তব্যৰত অৱস্থাত নিহত সৈনিক আৰু নিৰাপত্তাকৰ্মীসকলৰ বাবে ছত্তীশগড় সশস্ত্ৰ বাহিনীৰ চতুৰ্থ বেটেলিয়নত নিৰ্মাণ কৰিবলগা চিৰন্তন শিখাৰে এটা স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজ্যখনৰ আহিবলগীয়া ৰাজধানী চহৰ নৱা ৰায়পুৰৰ 'গান্ধী সেৱাগ্ৰাম' আশ্ৰমৰ বাবে আধাৰশিলা স্থাপন কৰে ।

"এয়া এক আশ্চৰ্যকৰ কাকতালীয় ঘটনা যে মহাত্মা গান্ধী নিযুক্তি গেৰাণ্টি আঁচনি ১৬ বছৰ আগতে আজিৰ দিনটোতে আৰম্ভ হৈছিল । ছত্তীশগড়ত আজি 'ৰাজীৱ গান্ধী গ্ৰামীণ ভূমিহীন কৃষি মজদুৰ ন্যায় যোজনা' উদ্বোধন কৰা হয়" অনুষ্ঠানটোত ভাষণ দি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় ।

পঞ্জীভুক্ত গ্ৰাম্য শ্ৰমিক যিসকলৰ কৃষিভূমি নাই তেওঁলোকক 'ৰাজীৱ গান্ধী ভূমিহিন কৃষি মজদুৰ ন্যায় যোজনা'ৰ অধীনত কিস্তিত প্ৰতি বছৰি ৬,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব ।

Farmer (Symbollic)
Farmer (Symbollic)

২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটত ৰাজ্য চৰকাৰে ২০০ কোটি টকা ৰাখি এই ধৰণে লোৱা প্ৰথম পদক্ষেপটোৱে প্ৰায় ৩.৫৫ লাখ ভূমিহীন পৰিয়ালক সহায় কৰিব যাৰ ভিতৰত আছে শ্ৰমিক, নাপিত, লোহাৰ, পুৰোহিত, বন উৎপাদন সংগ্ৰাহক আৰু গৰখীয়া ।

ৰাজীৱ যুৱ মিতান ক্লাব কাৰ্যসূচীৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ যুৱ সকলক সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী কৰা আৰু নেতৃত্বৰ সামৰ্থ্য গঢ়ি তোলা লগতে তেওঁলোকৰ সামাজিক কৰ্তব্যৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ।

পঞ্চায়ত আৰু নগৰীয়া নাগৰিক সংস্থাত, আঁচনিখনৰ অংশ হিচাপে ১৩,২৬৯ টা ক্লাব প্ৰতিষ্ঠা কৰা হ'ব । এই গোটবোৰ ১৫ ৰ পৰা ৪০ বছৰ বয়সৰ যিকোনো লোকৰ বাবে মুকলি থাকিব । এই গোটবোৰে প্ৰতি বছৰে বিভিন্ন কাৰ্যকলাপৰ বাবে চাৰিটা পৰিশোধত মুঠ ১ লাখ টকা লাভ কৰিব ।

লগতে পঢ়কঃ মাত্ৰ ১০০০ টকাত চৰকাৰে দিব Tablet, কেনেদৰে কৰিব লাগিব আবেদন জানিবলৈ পঢ়ক

English Summary: Election 2022: Congress's welfare scheme in Chhattisgarh for landless workers

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.