1. কৃষি সঁজুলি

Seedling tray : ছিডলিং ট্রে’ কি! ছিডলিং ট্রে’ত কেনেকৈ অংকুৰিত বীজ কৰা হয়!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Seedling tray
Seedling tray

সাহিত্য, সাংবাদিকতা, বিজ্ঞান আদি বিভিন্ন ক্ষেত্ৰলৈ নতুন কিছুমান বস্তুৱে ভূমিকি মাৰিছে। এইক্ষেত্ৰত কৃষিক্ষেত্ৰখনো পিছ পৰি থকা নাই। কৃষিক্ষেত্ৰখনতো প্ৰতিদিনে নিত্য-নতুন আধুনিক সা-সঁজুলিৰ আগমন ঘটিছে। কিন্ত এই আধুনিক সঁজুলিসমূহৰ বিষয়ে আমাৰ কৃষকসকলে প্ৰায় নাজানেই! কেনেকৈ কি কামত ব্যৱহাৰ কৰিব পাৰি। অৱশ্যে আমাৰ অসমৰ মুষ্টিমেয় কেইজনমান কৃষকে এইবোৰ ব্যৱহাৰ কৰি নিজক আগুৱাই নিছে। এই আধুনিক সঁজুলিসমূহৰ ব্যৱহাৰ কিছুমান কাম আমি খুৱ সহজে কৰি যাব পাৰো। ইয়াৰ বিপৰীতে আমি পৰম্পৰাগত পদ্ধতিৰে আমাৰ কামবোৰ আগবঢ়াই নিব কষ্ট, খৰচ আৰু অধিক সময়ৰ প্ৰয়োজন।

আজি আমি শস্যৰ বীজ ছিডলিং ট্রে’ত  কেনেদৰে অংকুৰিত কৰি মূল পথাৰত ৰোপন কৰিব সেই বিষয়ে জনাম। ছিডিলং ট্ৰে হৈছে এখন বীজ অংকুৰিত কৰাৰ এখন কৃত্ৰিম পথাৰ। ওপৰৰ ফটোত আপোনালোকে দেখিছেই বীজ বিলাক অংকুৰিত কৰিবৰ বাবে একোটাকৈ নিৰ্দিষ্ট গাত দেখিছে। সেই গাঁত সদৃশ কোঠাসমূহত কৃষকসকলে শস্য অংকুৰিত কৰিবৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ভৰাই তাত বীজটো অংকুৰিত কৰিবৰ বাবে দি দিব লাগে। এই পদ্ধতিৰে বীজ অংকুৰিত কৰিলে পুলিটো নিৰোগী হয় আৰু সম পৰিমানে সকলো পুলি ডাঙৰ হয়। এই পদ্ধতিৰে আমাৰ কৃষকসকলে জলকীয়া, বেঙেনা, কোমোৰা, কবি আদিৰ দৰে শস্যৰ বীজসমূহ অংকুৰিত কৰাব পাৰে।

লগতে পঢ়ক- 

Ginger Farming new tips : কম ঠাইতে বস্তাত আদা খেতি কেনেকৈ কৰিব!

এই ছিডলিং ট্রেত বীজ অংকুৰিত কৰিবলৈ হ’লে  প্ৰথমে বালিঅহীয়া মাটিখিনি মিহি কৰি তাত শুকান গোৱৰ আৰু কেঁচুসাৰৰ মিশ্ৰণ ঘটাই (পাৰিলে মাটিখিনি শোধন কৰি ল’ব লাগে।) ছিডলিং ট্রেখনৰ গাঁতবোৰ পূৰাই তাত বীজসমূহ অংকুৰিত কৰিবৰ বাবে দিব লাগে। পুলিবোৰ অকণমান ডাঙৰ অৰ্থাত চাৰিপতীয়া বা দুপতীয়া হোৱাৰ পাছতে মূল কৃষিভূমিত ৰোপন কৰিব লাগে। লগতে জনাও যে ছিডলিং ট্রে’ সমূহ ক্ৰয় কৰিবৰ বাবে পোনপটীয়া ৰদ আৰু বৰষুণ নপৰা ঠাইত থব লাগে। পৰাপক্ষত পলিহাউচ বা গ্ৰীন হাইচৰ ভিতৰত ৰাখিব পাৰিলে ভাল।

তলত চমুকৈ ছিডলিং ট্রে ব্যৱহাৰৰ কিছুমান সুবিধা উল্লেখ কৰা হ’ল-

  • বীজৰ সুৰক্ষা
  • সঠিক বৃদ্ধিৰ নিয়ন্ত্ৰণ
  • সুবিধাজনক স্থানান্তৰ
  • বীজৰ অপচয় কমায়
  • বৰষুণ আৰু পৰিৱেশৰ পৰা সুৰক্ষা
  • উৎপাদনশীলতা বৃদ্ধি

আমাৰ পাঠকসকলক জনাও যে এই ছিডলিং ট্রে’সমূহৰ দাম বৰ বেছি নহয়। যিকোনো বীজভাণ্ডাৰত গৈ ছিডলিং ট্রে’ প্ৰয়োজন হোৱা বুলি কলেই আপোনাক দিব। নাইবা আপোনালোকে এমাজন, ফিলিপকাৰ্ট আদিত অৰ্ডাৰ দিয়ো ক্ৰয় কৰিব পাৰে।

লগতে পঢ়ক- 

Drip Irrigation : ড্ৰিপ ইৰিগেশ্যন কি! ই কেনেদৰে সহায় কৰিব কৃষকক

English Summary: Many benefits of Seedling tray Use

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.