1. কৃষি সঁজুলি

ITOTY- ইণ্ডিয়ান টেক্টৰ অফ দ্যা ইয়েৰ ২০২৩ ত বছৰ শ্ৰেষ্ঠ বঁটা ‘কুবোটা এম ইউ ৪৫০১ লৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Indian Tractor Of The Year Award (ITOTY) 2023
Indian Tractor Of The Year Award (ITOTY) 2023

বৃহস্পতিবাৰে নতুন দিল্লীৰ তাজ হোটেলত অনুষ্ঠিত হৈ গ’ল ইণ্ডিয়ান টেক্টৰ অফ দ্যা ইয়েৰ ২০২৩। এইবাৰ ইণ্ডিয়ান টেক্টৰ অফ দ্যা ইয়েৰ ২০২৩ ত বছৰ শ্ৰেষ্ঠ বঁটা লাভ কৰিলে ‘কুবোটা এম ইউ ৪৫০১ ( 'Kubota MU 4501) এ।  

বিভিন্ন শিতানত টেক্টৰ অফ দা ইয়েৰত বঁটা লাভ কৰা টেক্টৰ ব্ৰেণ্ড আৰু টেক্টৰসমূহ হ’ল-

বছৰৰ শ্ৰেষ্ঠ ট্ৰেক্টৰ ৰপ্তানিকাৰক হৈছে ‘সোনালিকা ইণ্টাৰনেশ্যনেল ট্ৰেক্টৰ লিমিটেড’।

বছৰৰ বিজয়ী ট্ৰেক্টৰ নিৰ্মাতা কোম্পানী ‘মহিন্দ্ৰা ট্ৰেক্টৰ’।

বছৰৰ অৰ্চাৰ্ড ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘কুবোটা বি ২৪৪১’।

দ্বিতীয় বছৰৰ বিজয়ী হৈছে অৰ্চাৰ্ড ট্ৰেক্টৰ ‘ফৰ্চ অৰ্চাৰ্ড ৪ এক্স ৪’।

কৃষিৰ বাবে শ্ৰেষ্ঠ ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘নিউ হলণ্ড ৩৬৩০ টিএক্স ছুপাৰ প্লাছ’।

বছৰৰ বাণিজ্যিক প্ৰয়োগৰ বিজয়ী হৈছে ‘মহিন্দ্ৰ অৰ্জুন ৫৫৫ ডিআই’ ট্ৰেক্টৰ।

বছৰৰ লঞ্চ ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘আইচাৰ প্ৰাইমা জি ৩ ট্ৰেক্টৰ ৰেঞ্জ’।

বছৰৰ শ্ৰেষ্ঠ ডিজাইন ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘য়ানমাৰ ৱাই এম ৩৪৮এ ৪ডব্লিউডি’।

বছৰৰ 4WD (ফোৰ হুইল ড্ৰাইভ) ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘ফাৰ্মট্ৰেক ৪৫ আল্ট্ৰামেক্স’।

বছৰৰ বহনক্ষম ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘স্বৰাজ ৭৪৪ এক্সটি’।

লগতে পঢ়ক- 

১০০ টকাৰে কৰা শস্য বীমাৰে ১৪,৯৬৪ টকা লাভ কৰিলে যোছেফ পেগুৱে

বছৰৰ ক্লাছিক ট্ৰেক্টৰৰ বিজয়ী হৈছে ‘মেচি ফাৰ্গুচন ১০৩৫ ডি আই’।

বছৰৰ উদ্ভাৱনীমূলক ট্ৰেক্টৰৰ বাবে বিজয়ী বিত্তীয় সমাধান হৈছে ‘টিভিএছ ক্ৰেডিট’।

আটাইতকৈ বহনক্ষম ট্ৰেক্টৰ ফাইনেন্সাৰ বিজয়ী হৈছে ‘মহিন্দ্ৰা ফাইনেন্স’।

শ্ৰেষ্ঠ ট্ৰেক্টৰ ফাইনেন্সিয়াৰ বিজয়ী হৈছে ‘চোলামণ্ডলম ফাইনেন্স’।

দ্ৰুততম বৃদ্ধি পোৱা ট্ৰেক্টৰ বিত্তীয় বঁটাৰ বিজয়ী হৈছে এছ কে ফাইনেন্স।

এইচ ডি এফ চি হৈছে আটাইতকৈ বিশ্বাসযোগ্য বিত্তীয় বঁটা বিজয়ী প্ৰতিষ্ঠান ।

ইণ্ডিয়ান টেক্টৰ অফ দ্যা ইয়েৰ ২০২৩ উদ্দেশ্য

এই বঁটাসমূহৰ জৰিয়তে ট্ৰেক্টৰ জংচনৰ প্ৰতিষ্ঠাপক ৰজত গুপ্তাই কৃষকসকলক অধিক কৃষিৃ-যন্ত্ৰপাতি, সঁজুলি আৰু ট্ৰেক্টৰ ব্যৱহাৰ কৰিবলৈ অনুপ্ৰাণিত কৰিব বিচাৰিছে। ২০১৯ চনৰ পৰা আৰম্ভ হোৱা এই চতুৰ্থ সংস্কৰণত ট্ৰেক্টৰ আৰু কৃষি যন্ত্ৰ নিৰ্মাতাসকলক প্ৰশংসা কৰা হৈছে। সংস্থাটোৱে কয় যে, "ট্ৰেক্টৰ জংচনে বিশ্বাস কৰে যে ভাল সেৱা আগবঢ়োৱা টেক্টৰসমূহৰ শলাগ লোৱা আৰু প্ৰচাৰ কৰা আৰু উৎপাদনকাৰী কোম্পানীসমূহে কাৰ্যকৰী কৰাটো গুৰুত্বপূৰ্ণ, কিয়নো তেওঁলোকে কৃষকক সন্তুষ্ট কৰিবলৈ নিজৰ ১০০% দিয়ে।

লগতে পঢ়ক- 

মাকৈৰ উৎপাদন দুগুণ কৰিবলৈ ব্যৱহাৰ কৰক Power Weeder আৰু পানী পাম্প

English Summary: Indian Tractor Of The Year Award (ITOTY) 2023 List of Winners

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.