1. কৃষি সঁজুলি

৬ মাহৰ প্ৰশিক্ষণ লৈ গ্ৰাম আৰম্ভ কৰক এই কাম, ভাল উপাৰ্জন হ’ব

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Firm mechanism and  establishment
Firm mechanism and establishment

শেহতীয়াকৈ কৃষি ক্ষেত্ৰখনলৈ অহা পৰিৱৰ্তনে কিছুমান জীৱিকাৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে ধান কটা মেচিন, টেক্টৰ চলোৱা ড্ৰাইভাৰ, ড্ৰোণৰ পাইলট আদিত  নিয়োজিত হৈ বহু নিবনুৱা সংস্থাপিত হৈছে। একেদৰে কৃষিক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে যুৱক-যুৱতীসকলকো কৃষিক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত কৰিছে আৰু বহু উচ্চশিক্ষিত যুৱকে কৃষিক জীৱিকা হিচাপে লবলৈ আগবাঢ়ি আহিছে। ইয়াৰ জৰিয়তে বীজ, সাৰৰ দোকান, পাচলিৰ ব্যৱসায় আদিৰ জৰিয়তেও দুই এজন ব্যক্তি সংস্থাপন লাভ কৰিছে। কিন্তু আজি আমি আলোচনা কৰিম কৃষিক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে প্ৰত্যেক্ষভাৱে সৃষ্টি কৰা সংস্থাপনসমূহৰ বিষয়ে আলোচনা কৰিম।

কৃষিক্ষেত্ৰখনলৈ অহা যান্ত্ৰিকীকৰণে মেকানিক বৃত্তিটোৰ বাবে আগ্ৰহীসকলৰ বাবে কৃষিযান্ত্ৰিকীকৰণে আনিছে আশাৰ বতৰা। তেওঁলোকে কোনো প্ৰতিষ্ঠানত ছমাহ বা এবছৰীয়া এটা প্ৰশিক্ষণ লৈ নিজৰ অঞ্চলৰ কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকলৰ মেচিনাৰী সামগ্ৰীসমূহ বিভিন্নসময়ত বেয়া হৈ যায়। এইবোৰ ৰিপায়েৰিঙৰ বাবে বহু দূৰৰ পৰা এই সামগ্ৰীসমূহ ভাল কৰিবৰ বাবে মেকানিকসকলক মাতিব লগা হয়। আৰু দূৰৰ পৰা আহিবলগীয়া হোৱাৰ বাবে অধিক দামো ৰিপায়েৰিঙৰ বাবে দিব লগীয়া হয়। আৰু এটা মন কৰিবলগীয়া কথা যে এই বৃত্তিটোৰ লগত জড়িত অধিকাংশ লোকেই বহি:ৰাগত। কিন্তু আমাৰ গ্ৰামাঞ্চলৰ নিৱনুৱা যুৱকসকলেও কৰিব পাৰে। বহি:ৰাজ্যৰ পৰা আহি যদি তেওঁলোকে কৰিব পাৰে অসমীয়া ডেকা ল’ৰাই নিজৰ ঘৰত থাকি কিয় নোৱাৰিব।

এই বৃত্তিটোৰ বাবে অৱশ্যে এবছৰৰ প্ৰশিক্ষণৰ বাবে প্ৰথমে অলপমান টকা খৰচ হ’ব। আৰু প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছতে কিছুমান সঁজুলি ক্ৰয় কৰিবৰ বাবে অলপমান টকা প্ৰয়োজন হ’ব। বিশেষ মূলধন নোহোৱাকৈ পৰৱৰ্তী সময়ত ব্যৱসায় আৰম্ভ কৰি উপাৰ্জন কৰিব কৰিব পাৰিব। আমাৰ গ্ৰামাঞ্চলসমূহলৈয়ো শেহতীয়াকৈ পানী মেচিন, টেক্টৰ, পাৱাৰ টিলা, ধানকটা মেচিন, ধান বনা মেচিন, আলু ৰোপন কৰা মেচিন আদিবোৰ আহিছে। প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত এই মেচিনবোৰ বেয়া হৈ গ’লে ভাল কৰিব পাৰিব আৰু উপাৰ্জন কৰিব পাৰিব। এইবোৰৰ লগতে পাৰিলে প্ৰশিক্ষণত ইলেকট্ৰিচিটি, মটৰ চাইকেল ভাল কৰা আদি কামবোৰ শিকি ল’লেও এটা ভাল উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

Seedling tray : ছিডলিং ট্রে’ কি! ছিডলিং ট্রে’ত কেনেকৈ অংকুৰিত বীজ কৰা হয়!

English Summary: Firm mechanism and establishment

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.