1. কৃষি সঁজুলি

কৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰকৃষিখণ্ডত AI, আৰু Drone Technologyৰ ব্যৱহাৰ : মোৰ কিছু ব্যক্তিগত অভিজ্ঞতাৰে

KJ Staff
KJ Staff

বিজ্ঞান-প্ৰযুক্তি আৰু গৱেষণাৰ ক্ষেত্ৰখনে বিশেষকৈ কৃষিৰ ক্ষেত্ৰত কিদৰে বৈপ্লবিক পৰিবৰ্তন আনিছে, মোৰ কিছু অভিজ্ঞতাৰ বিষয়ে আপোনালোকক জনাম। টেক্সাছ বিশ্ববিদ্যালয় আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ কৃষি বিভাগৰ বিজ্ঞানীসকলৰ সৈতে কাম কৰি Drone, Artificial Intelligence (AI), Machine Learning (ML), আৰু কম্পিউটাৰ ভিজনৰ ব্যৱহাৰে কৃষিক্ষেত্ৰত কিদৰে এক নতুন পৰিৱৰ্তন আনিবলৈ প্ৰধান ভূমিকা পালন কৰিছে, সেয়া লৈ মই এয়াই অনুধাৱন কৰিছো যে সাম্প্ৰতিক সময়ৰ বিজ্ঞানীসকল যথেষ্ট আশাবাদী আৰু দূৰদৰ্শী ।

এটা গুৰুত্বপূৰ্ণ দিশ এয়ে যে ইয়াত বিভিন্ন বিষয়ত অভিজ্ঞ বিজ্ঞানীসকলে Multidisciplinary Approach গ্ৰহণ কৰে। উদাহৰণস্বৰূপে- ইয়াত মাইক্ৰ’ইলেক্ট্ৰনিক্‌ছ চৰ্কিট ডিজাইন আৰু কম্পিউটাৰ ভিছনল  লগতে থাকে কম্পিউটাৰ বিজ্ঞানী, গৱেষক কৃষিবিদ, জীৱবিজ্ঞানী, উদ্ভিদ বিজ্ঞানী আৰু ইলেক্ট্ৰনিক্‌ছ ইঞ্জিনিয়াৰসকলে একত্ৰিত হৈ কোনো এটা কাম একেলগে সমাধান কৰে। আমাৰ গৱেষণাৰ মূল লক্ষ্য এয়ে যে Drone আৰু AIৰ প্ৰয়োগে কেনেকৈ কৃষিখণ্ডত সম্পূৰ্ণ স্বয়ংক্ৰিয়তা, উন্নত ডেটা বিশ্লেষণ, আৰু অধিক ফলপ্ৰসূ পদ্ধতি প্ৰচলিত কৰি উন্নত সমাধানৰ পথ মুকলি কৰিব পাৰি সেয়া বাস্তৱিকভাৱে প্ৰতিষ্ঠা কৰা ।

বিজ্ঞানীসকলৰ সৈতে একগোট হৈ কাম কৰি Drone প্ৰযুক্তিৰ সহায়ত মাটিৰ স্বাস্থ্য পৰ্যবেক্ষণ, ফচল আৰু অনাবশ্যক ঘাঁহৰ পৃথকীকৰণ, আৰু পতংগৰ আক্রমণ আগতীয়াকৈ চিহ্নিতকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰা দেখা গৈছে। এই অভিজ্ঞতাসমূহে কেৱল উন্নত দেশবোৰত গৱেষণাৰ ক্ষেত্ৰতে নহয়, অসমৰ কৃষিক্ষেত্ৰৰ পৰিসৰতো এক নতুন দিশ উন্মোচিত কৰিব বুলি মই ভাৱো। এই প্রণালীৰ মূল উদ্দেশ্য হৈছে যে ড্ৰোনৰ মাধ্যমৰে ডাটা সংগ্ৰহ কৰি তাত কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলবোৰ প্ৰয়োগ কৰে, যিয়ে বৃহৎ পৰিমাণৰ চিত্ৰ আৰু ডাটা বিশ্লেষণ কৰি সঠিক তথ্য দিয়াৰ সক্ষমতা বৃদ্ধি কৰে। উদাহৰণস্বৰূপে, কাম্পিউটাৰ ভিজনৰ সহায়ত মাটিৰ ধৰণ, ফচলৰ স্বাস্থ্য, আৰু ঘাঁহ-গছৰ পৃথকীকৰণ চিহ্নিত কৰা সম্ভৱ হৈছে। মেচিন লাৰ্নিংৰ মডেলবোৰে চিত্ৰ ডেটা প্ৰশিক্ষণ কৰি পতঙ্গৰ আক্রমণ বা ৰোগৰ আগতীয়াকৈ চিহ্নিতকৰণত সহায় কৰে। ড্ৰোনে শ শ একৰ মাটিৰ মানচিত্রকৰণ স্বয়ংক্ৰিয়ভাৱে কৰিব পাৰে, আৰু NDVI মানচিত্রৰ মাধ্যমে উদ্ভিদৰ স্বাস্থ্যৰ বিষয়ে তথ্য যোগায়। ইয়াৰ লগে লগে, মেচিন লাৰ্নিং মডেলবোৰে গাঁও, চহৰ বা পৰ্বতীয়া ঠাইৰ ক্ষেত্ৰতো সঠিকভাৱে কাৰ্যকৰী সিদ্ধান্ত লোৱাত সহায় কৰে।

তথাপি, এই প্ৰযুক্তিৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ কিছু বিশেষজ্ঞৰ প্ৰয়োজন হয়। Drone, AI আৰু মেচিন লাৰ্নিং মডেলবোৰৰ বাবে বৃহৎ পৰিমাণৰ গুণগত ডাটা, উচ্চ ক্ষমতাসম্পন্ন ছেন্সৰ, আৰু মডেল প্ৰশিক্ষণৰ বাবে উন্নত প্ৰচলিত ডাটাবেছৰ প্ৰয়োজন। এতিয়ালৈকে, আমি ড্ৰোন AI প্ৰযুক্তিৰ সহায়ত যুক্তৰাষ্ট্ৰৰ প্ৰেক্ষাপটত বহু কাৰ্য সফলতাৰে সম্পন্ন কৰিছো।

ভৱিষ্যতে, এই প্ৰযুক্তিৰ সহায়ত অসমতো সম্পূৰ্ণ স্বয়ংক্ৰিয় ফচল কৰ্তন, স্বয়ংক্ৰিয় জলসিঞ্চন, আৰু বানপানীৰ সময়ত পৰ্যবেক্ষণ আৰু মানচিত্রকৰণৰ লগতে সমাধানৰ বহুতো পথ মুকলি কৰিব পাৰি। ড্ৰোন আৰু AIৰ সহায়ত কৃষিখণ্ডত Manpowerৰ প্ৰয়োজন হ্ৰাস কৰি, উৎপাদন দুই-তিনিগুণ বৃদ্ধি কৰিব পৰা যে হ’ব তাত কোনো সন্দেহ নাই। কিন্তু অসমৰ প্ৰেক্ষাপটত বৰ্তমান চৰকাৰ, বিজ্ঞানী আৰু স্থানীয় কৃষকৰ সহযোগিতাইহে ভৱিষ্যতলৈ এই প্ৰযুক্তিৰ সৰ্বোত্তম ব্যৱহাৰ নিশ্চিত কৰিব।

লগতে পঢ়ক- 

MFOI 2024 ত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

English Summary: AI and Drone technology in agriculture sector

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.