1. শিক্ষা

ৰাষ্ট্ৰীয় শিক্ষানীতি, ২০১৯

KJ Staff
KJ Staff
National Education Policy 2019
National Education Policy 2019
১/ ৩ বছৰৰ বয়সৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ হ'ব।
২/ শিক্ষাৰ অধিকাৰ আইন ২০০৯- ক বিস্তাৰিত কৰি পূৰ্ব ৬--১৪ বছৰৰ শিক্ষাৰ্থীৰ পৰিৱৰ্তে এতিয়া ৩ বছৰৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীক আইনৰ অধীনত সাঙুৰি লোৱাৰ প্ৰস্তাৱ।
৩/ বিলুপ্তি সাধনৰ প্ৰস্তাৱ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
৪/ আৰম্ভ কৰা হ'ব পূৰ্ব ১০+৩ ব্যৱস্থাৰ পৰিৱৰ্তে ৫+৩+৩+৪ স্কুলীয়া শিক্ষাৰ নতুন ব্যৱস্থা।
৫/ নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ যোগ্যতাৰ ফলাফল ষাণ্মাসিক (Semester) পদ্ধতিত নিৰূপণ কৰা হ'ব। য'ত মুঠ ৮ টা ষান্মাসিক থাকিব।
৬/  মুঠ চাৰিটা স্তৰত হ'ব স্কুলীয়া শিক্ষা--
(ক) মৌলিক স্তৰ বা প্ৰাক্ প্ৰিপাৰেটৰী= ৫ বছৰ। য'ত প্ৰাক প্ৰাথমিক ৩ বছৰ আৰু  থাকিব প্ৰথম , দ্বিতীয় শ্ৰেণী। 
(খ) প্ৰিপাৰেটৰী বা প্ৰাথমিক স্তৰ= ৩ বছৰ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম শ্ৰেণী। 
(গ) মাধ্যমিক স্তৰ= ৩ বছৰ। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী।
(ঘ) উচ্চ স্তৰ= ৪ বছৰ। নৱম, দশম, একাদশ আৰু দ্বাদশ শ্ৰেণী।
৭/ সুকীয়া হায়াৰ ছেকেণ্ডাৰী বা জুনিয়ৰ কলেজৰ ব্যৱস্থা বিলুপ্তি সাধন হ'ব। চেকেণ্ডাৰী শিক্ষাৰ অধীনলৈ এই ব্যৱস্থা যাব ।
৮/ নতুন শিক্ষক অন্তভূক্তিৰ নূন্যতম যোগ্যতা ৪ বছৰীয়া বি,এড পাঠ্যক্ৰম ।
৯/ শিক্ষাৰ (education) বাহিৰে অন্য বিষয়ত স্নাতক প্ৰাৰ্থীসকলে কৰিব লাগিব ৪ বছৰীয়া পাঠ্যক্ৰমৰ অধীনত বি,এড।
১০/কেৱল প্ৰতিষ্ঠিত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত উপলব্ধ হ'ব ৪ বছৰীয়া বি, এড পাঠ্যক্ৰম ।
১১/ বন্ধ কৰা হ'ব নিম্নমানৰ  চৰকাৰী/বেচৰকাৰী বি,এড শিক্ষা প্ৰতিষ্ঠান ।
১২/ ডি,এল,এড অৰ্হতাৰ প্ৰতিষ্ঠান নাথাকিব। পূৰ্বৰ ২ বছৰীয়া ডি,এল,এড বা বি,এডক এতিয়াৰ পৰা কেৱল বি,এড নামেৰেহে জনা যাব। 
১৩/ শিক্ষক বা বিষয় শিক্ষকৰ বাবে টেট উত্তীৰ্ণ হোৱাতো বাধ্যতামূলক। টেটৰ লগত বাধ্যতামূলক সংলগ্ন থাকিব ৫--৭ মিনিটৰ এটা ডেমু ক্লাছ।
১৪/ UGC আঁতৰাই NHERA ( National Higher Education Regulatory Authority) গঠনৰ প্ৰস্তাৱ।
১৫/ Open & Distance Learning ( মুক্ত আৰু দূৰ শিক্ষা - ODL ) শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰম বাহাল থাকিব আৰু ODL এতিয়াৰে পৰা NAAC ৰ অধীনত যাব।
১৬/ স্কুলীয়া শিক্ষাত ষষ্ঠমানৰ পৰা দ্বাদশমানলৈ তিনিটা ভাষা বাধ্যতামূলক হ'ব। ইংৰাজী-হিন্দী-আঞ্চলিক ভাষা। 
১৭/ ছাত্ৰ - শিক্ষকৰ অনুপাত ৩০:২
১৮/ মিড-ডে মিলত প্ৰাতঃআহাৰৰ ব্যৱস্থা। 
১৯/Private বা ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে এতিয়াৰে পৰা Public শব্দটো স্কুলৰ নামৰ লগত ব্যৱহাৰ কৰিব নোৱাৰিব। Public-মানে কেৱল চৰকাৰী বা চৰকাৰী অনুমোদিত বিদ্যালয়কহে সাঙুৰি লোৱা হ'ব।
২০/কেন্দ্ৰৰ MHRD বা মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়ৰ নাম সলনি কৰি EM বা শিক্ষা মন্ত্ৰালয় কৰাৰ প্ৰস্তাৱ।
২১/ বিশ্বৰ শীৰ্ষ ২০০ খন বিশ্ববিদ্যালয়ক ভাৰতত শাখা খোলাৰ বাবে অনুমতি প্ৰদান। 
২২/ ৰাজ্য আৰু কেন্দ্ৰৰ মাজত সম্পৰ্ক ৰক্ষা কৰাৰ বাবে 'ৰাষ্ট্ৰীয় শিক্ষা আয়োগ' গঠনৰ পোষকতা। এই আয়োগৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে। আৰু য'ত পাৰিষদ হিচাপে থাকিব দেশৰ মুখ্য ন্যায়াধীশ, লোকসভাৰ অধ্যক্ষ, বিৰোধী দলপতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তথা একাংশ শিক্ষাবিদ।
  (দৈনিক অগ্ৰদূত'ৰ সৌজন্যত)
English Summary: National Education Policy 2019

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.