1. শিক্ষা

মালিনী থান

KJ Staff
KJ Staff
Malinithan Arunachal Pradesh
Malinithan Arunachal Pradesh

মালিনী থান এটি মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই । এই ঠাই ছিয়াং জিলাৰ দক্ষিণ সীমান্তত অৱস্থিত । চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ-পূবত অৱস্থিত । পাহাৰৰ পাদদেশত । ইয়াত একালত কেইটিমান মন্দিৰ আছিল, নতুবা একোটি মন্দিৰতে দুৰ্গা, শিৱ, গণেশ আৰু সম্ভৱতঃ লক্ষ্মী-সৰস্বতীৰো উপাসনা কৰা হৈছিল । কিন্তু কালক্ৰমত মন্দিৰটি ভাগি পৰিল আৰু আৰু মূৰ্তি বা বিগ্ৰহ পোত গ’ল । অনেক দিন এইদৰে থকাৰ পাছত এই শতিকাৰ তৃতীয় দশকত ডব্লিউ-এইছ-কালভাৰ্ট নামেৰে পাছিঘাটৰ সহকাৰী পলিটিকেল অফিচাৰ এজনে মালিনী থান পৰিদৰ্শন কৰে আৰু উক্ত ঠাইত থকা সন্যাসী এজনক তাৰ পৰা খেদি পঠায় । সেই সময়লৈকে উক্ত ঠাইত ভালেমান দেৱ-দেৱীৰ মূৰ্তি অক্ষত অৱস্থাত আছিল কিন্তু আগতে উল্লেখ কৰা সন্যাসীজনে কিছুমান মূৰ্তি ভাঙি পেলাই সম্ভৱতঃ তেওঁৰ নিজৰ বিশ্বাসসন্মত কোনোবা দেৱতাক প্ৰতিষ্ঠা কৰিব খুজিছিল । তাৰ পিছত বছৰচেৰেক নীৰৱতাৰ মাজেদি পাৰ হৈ যায় । ভাৰতবৰ্ষ স্বাধীনতা পোৱাৰ পিছত পুনৰ দুজনমান চৰকাৰী বিষয়াই মালিনী থান পৰিদৰ্শন কৰি যোনী-পীঠৰপৰা বিচ্ছিন্ন হৈ থকা থকা এটা শিৱলিঙ্গ, তিনিডোখৰ হৈ ভাগি থকা দুৰ্গাৰ দশভূজা মূৰ্তি, গণেশৰ মূৰ্তি আদিৰ উপৰিও কিছুমান ভগা-ছিগা মূৰ্তি দেখিবলৈ পায় । ১৯৬৮-৬৯ চনত অৰুণাচল চৰকাৰৰ বিভাগীয় কৰ্ত্তৃপক্ষ‍ই ঠাইডোখৰ পৰিষ্কাৰ কৰি প্ৰয়োজনীয় খনন কাৰ্য্য চলায় আৰু কিছুমান ঐতিহাসিক দিশৰপৰা গুৰুত্বপূৰ্ণ বস্তু উদ্ধাৰ কৰে । সেই সময়তে আমি মালিনী থান চাবলৈ গৈছিলোঁ আৰু ভগ্নাৱশেষৰ মাজত থকা শিলৰ ভাস্কৰ্য্য দেখি অভিভূত হৈছিলোঁ ।

মালিনী থানৰ সাম্প্ৰতিক ঐতিহাসিক গুৰুত্ব বিশেষ তাত্‍পৰ্য্যপূৰ্ণ । এই তাত্‍পৰ্য্যৰ ব্যাখ্যা দিবলৈ যাওঁতে স্বাভাৱিকতে অতীতলৈ তথা ইতিহাসলৈ উলটি যাব লাগিব । বৰ্তমান অৰুণাচল ৰাজ্যৰ ভিতৰত পৰশুৰাম কুণ্ড বা ব্ৰহ্মকুণ্ড, তাম্ৰেশ্বৰী মন্দিৰ, ভীষ্মক নগৰ, মালিনী থান, ইটানগৰ আৰু ভালুকপুং এই ছঠাইত প্ৰাচীন ঐতিহ্যৰ ধ্বংসাৱশেষ দেখা পোৱা যায় । মালিনীথানৰ লগতে বাকী পাচঁখন ঠাইৰ ঐতিহাসিক গুৰুত্বও পৰ্য্যবেশনযোগ্য।

অৰুণাচল আৰু দেশৰ বাকী অঞ্চলৰ মাজত বাধাৰ হৈ দেখা দিয়ে ১৮৭৩ চনত । যেতিয়া তেতিয়াৰ বৃটিছ চৰকাৰে ইনাৰ লাইন সৃষ্টি কৰে । ইয়াৰ আগতে অসম আৰু সীমান্ত প্ৰশাসনৰ মাজত তেনে কোনো ঢাপ বা সীমা নাছিল । মিচিমি গড়, ডফলা গড় বা ৰাজগড় আদি মাটি বা ৰাজ্যৰ সীমা নহয় । এই অঞ্চলৰ সকলো মানুহেই ঝুম খেতি কৰে । ঝুম খেতি কৰিবলৈ ঠাই সলনি কৰি থাকিব লাগে । গতিকে ভৈয়ামৰ মানুহৰ একেডোখৰ মাটিৰ প্ৰতি যি মোহ, সেই মোহ পৰ্বতীয়া মানুহৰ প্ৰকৃততে নাছিল । তদুপৰি পাৰ্বত্য-জনজীৱন সদায়েই বিপদসংকুল ; যিকোনো মুহূৰ্ততে বিৰোধী ফৈদে আক্ৰমণ কৰিব পাৰে, গতিকে পৰ্বতৰ গাত এনে ঠাইত গাওঁ পাতে য’লৈ মাত্ৰ এটা বাটহে থাকে । সেই বাটত থাকিয়েই থাকিয়েই আক্ৰমণকাৰীক প্ৰতিহত কৰিব পাৰি । গতিকে পাৰ্বত্য জনজাতীয় মানুহে পুৰণিকালত মুকলি , নিৰাপত্তাহীন ঠাইতকৈ হাবিতলীয়া পৰ্বতীয়া ঠাইহে বাছি লৈছিল । ফলত পাহাৰৰ পাদদেশ অঞ্চল উন্মুক্ত আছিল আৰু জনজাতীয় লোকসকল যথেষ্ট ভিতৰত বাস কৰিছিল ।

প্ৰাচীন কামৰূপত সৰহভাগ মঙ্গোলীয় জনগোষ্ঠীৰ মানুহৰে বসতি । ৰামায়ন-মহাভাৰত যুগৰে পৰা প্ৰাচীন কামৰূপৰ কিৰাত-চিন মানুহৰ কথা পোৱা যায় । সেয়ে হ’লেও এসময়ত ভাৰতীয় আৰ্য্য সংস্কৃতিৰ এটা সোঁতা উজাই আহি সুদূৰ পৰশুৰাম কুণ্ড পায়হি। আনপিনে ভাৰতীয় সংস্কৃতিৰ আৰ্য্যকৰণ কৰাত সহায় কৰোঁতা কৃষ্ণ-ভক্তি শাখাৰ মূল পুৰুষ শ্ৰীকৃষ্ণয়ো কুণ্ডিল নদীৰ পাৰত ভৰি দিয়া কাহিনীয়ে অসমৰ এই উত্তৰ-পূব অঞ্চল যে এসময়ত আৰ্য্য সংস্কৃতিৰে ধৌত হৈছিল তাৰ প্ৰমান পোৱা যায় । একালৰ হাবুং অঞ্চলত বসবাস কৰা কিছুমান বাহ্মণ মানুহ মিচিমি ৰাজ্যত সোমাই মিহলি হৈ যোৱাৰ কথাও শুনা যায় । ড: বাণীকান্ত কাকতিয়ে এই অঞ্চলত এখন কলিতা ৰাজ্য থকাৰ কথাও উল্লেখ কৰিছে । এইদৰে বৰ্তমান অৰুণাচল ৰাজ্যৰ দক্ষিণ সীমাৰপৰা অনেক ভিতৰলৈকে অ-জনজাতীয় মানুহৰ বসতি আছিল আৰু তাত নগৰ আৰু মঠ-মন্দিৰ নিৰ্মিত হৈছিল । কোনো পাৰ্বত্য জনজাতিৰ মানুহে এই ধ্বংসাৱশেষবোৰ তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ কীৰ্তিচিন আছিল বুলিও দাবী কৰে । সেয়ে হ’লে তেওঁবিলাক মূলতে অ-জনজাতীয় মানুহ আছিল, কালক্ৰমত সংমিশ্ৰিত হৈ জনজাতীয় মানুহত পৰিণত হ্য়।

ইটানগৰ আৰু ভীষ্মক নগৰৰ ইটাৰ গড় আৰু নগৰৰ পৰিকল্পনাৰ পদ্ধতি দেখিছোঁ । ইটাবোৰ আহোম যুগত ব্যৱহৃত ইটাৰ আকাৰ-প্ৰকাৰৰ লগত মিলে । ইটানগৰৰ ইটাৰ দুৱাৰ মুখকেইখনো দেখিছোঁ ।ভীষ্মক নগৰ নামে অভিহিত ঠাইখনৰ ইটাৰ গড়, আলি আৰু পুখুৰীও দেখিছোঁ । বুৰঞ্জীত আছে ৰজা চক্ৰধ্বজ সিংহ‍ই ১৫৯০ শকত অৰ্থাত্‍ ১৬৬৮ খৃষ্টাব্দত মণিপুৰলৈ (বৰ্তমান বৰদলনিৰ ওচৰত) গ’ল । টুৱা বিহিয়াৰ (ডফলা) গাঁৱৰ কোষত সোৱণশিৰীৰ কাষৰত ৺দেৱে নগৰ পাতিলে । তাতে বহুতো নগৰীয়া বৃত্তিয়াল নিলগাই পাতিলে । সোৱণশিৰীত মাঘ স্নান কৰি ৺দেৱো গড়গাঁৱলৈ আহিল ।সোৱণশিৰী অঞ্চলৰ দক্ষিণতে মাঘ-নোৱা সৰোবৰ। এই মাঘ-নোৱা সৰোবৰৰ উত্তৰতে ইটানগৰ ।সোৱণশিৰীৰ দক্ষিণ অঞ্চল টুৱা আৰু তিতা নামৰ দুজন ডফলা গামৰ অধীনত আছিল আৰু এওঁবিলাক বিহ-যোগনীয়া বিহিয়া বুলি জনাজাত আছিল। আনপিনে আজিকালি যাক ভীষ্মক নগৰ নাম দিয়া হৈছে, এইখনেই প্ৰকৃততে শদিয়াখোৱা গোহাঁইৰ ৰাজধানী শদিয়া । ছৈখোৱাৰ বিপৰীতে পতা শদিয়াখন ইংৰাজে পতা শদিয়াহে । পুৰণি শদিয়ালৈ অহা-যোৱা কৰা ৰাজগড় আলি এতিয়াও আছে । সেই ইটা আহোম যুগৰ ইটাৰ সৈতে একে । পুখুৰীতো খন্দাৰ পদ্ধতিও আহোম যুগৰ পুখুৰীৰ নিচিনা । ভীষ্মক ৰজাৰ সময় নাই বুলিও খৃষ্টপূৰ্বলৈ উজাই যাব । খৃষ্টপূৰ্বত বিশেষকৈ প্ৰাক্‌ আহোম যুগৰ মাজভাগৰ আগলৈকে অসমৰ স্থাপত্যত ইটাৰ ব্যৱহাৰ হোৱা নাছিল, শিলৰহে ব্যৱহাৰ হৈছিল । মালিনী থানৰ স্থাপত্য আৰু ভাস্কৰ্য্য শিলৰ । সেইবাবেই ইয়াৰ ঐতিহাসিক গুৰুত্ব মন কৰিবলগীয়া । মালিনী থানত আৱিষ্কৃত হোৱা সম্পদসমূহৰ ভিতৰত মন্দিৰৰ ভেটিৰ কাৰুকাৰ্য্যখচিত গাথঁনি, গণেশ- মূৰ্তি, অপ্সৰা, পাৰ্বতী, শিৱলিঙ্গ আদি পোৱা গৈছে । শিৱৰ বাহন নন্দী, পাৰ্বতীৰ বাহন সিংহ আৰু ইন্দ্ৰ নামেৰে অভিহিত প্ৰস্তৰ মূৰ্তিটোত সোঁহাতত ডম্বৰু আৰু স্পষ্ট লিঙ্গলৈ চাই শিৱমূৰ্তি যেন লগা মূৰ্তি কেইটাৰ যথাৰ্থতে কোনো ৰূপদক্ষ ভাস্কৰৰ নিপুণ হাতৰ পৰশ পৰা যেন লাগে।

মালিনী থানৰ মন্দিৰটো দেখ্‌ দেখকৈ প্ৰাক্‌-আহোম যুগৰ । মই নিজে এটা কথা লক্ষ্য কৰিছিলোঁ মালিনী থানৰ ধ্বংসাৱশেষৰ মাজত যি কেইটা হাতীৰ মূৰৰ মূৰ্তি পোৱা গৈছে, সেই মূৰ্তিৰ চানেকীৰ লগত বৰ্মন বংশীয় ৰজাসকলৰ ৰাজকীয় তামৰ ফলিসমূহৰ ছীল-মোহৰৰ সাদৃশ্য আছে । এনে হাতীৰ মূৰ উৰিষ্যা আৰু দাক্ষিণাত্যৰ মন্দিৰবিলাকৰ গাতো দেখা পোৱা যায় । উৰিষ্যাৰ বিখ্যাত কোনাৰক মন্দিৰটি হাতী আৰু সিংহৰ ’মতিফ’ দেখা যায় । মালিনী থানৰ ভাস্কৰ্য্যসমূহত খৃষ্টীয় নৱম-দশম শতিকাত নিৰ্মিত অসমৰ অন্যান্য ঠাইত আৱিষ্কৃত হোৱা ভাস্কৰ্য্য্সমূহৰ লগতো মিল দেখা যায় । বৰগঙ্গাৰ ভগ্নাৱশেষত পোৱা প্ৰস্তৰ বাসুদেৱঁৰ পাদশিলা, নুমলীগড়ৰ দেওপৰ্বতত পোৱা উৰণীয়া বিদ্যাধৰৰ সৌন্দৰ্য্যপূৰ্ণ ভাস্কৰ্য্য, বেতালৰ মূৰ্তি, ডবকাৰ পাদশিলা, গছতলৰ দ্বাৰস্তম্ভৰ, জীৱজন্তুৰ মূৰ্তি, প্ৰহৰীৰ মূৰ্তি আদিৰ লগত মালিনী থানৰ ভাস্কৰ্য্যসমূহৰ সাদৃশ্য মন কৰিবলগীয়া । ইয়াৰদ্বাৰা এইটো প্ৰতীয়মান হয় যে গুপ্ত সংস্কৃতিৰ প্ৰভাৱ লৈ ব্ৰহ্মপুত্ৰ উপত্যকাত যি সংস্কৃতিৰ বিকাশ সাধন হৈছিল তাৰ স্মৃতি পুৰাতত্বৰ বুকুতহে জীয়াই আছে । কিন্তু এইটো সত্য যে খৃষ্টীয় অষ্টম-দশম শতিকাৰ ভিতৰত অসমলৈ হিন্দুধৰ্ম আৰু আৰ্য্য সংস্কৃতিৰ এটি কোবাল ঢৌ আহিছিল । এই সময়তে ক্ষীণকৈ বৌদ্ধধৰ্ম আৰু বৈঞ্চৱ আদৰ্শ জীয়াই থাকিলেও তান্ত্ৰিক শাক্তধৰ্ম প্ৰৱল হৈ উঠিল। ইতিমধ্যে শাক্ত আৰু শৈৱৰ মাজত সন্ধি স্থাপিত হৈছিল । সেয়েহে দুৰ্গা, শিৱ, গণেশ, কাৰ্তিক, নন্দীৰ মূৰ্তি একে ঠাইতে পোৱা গৈছে। শাক্ত পূজাৰ অন্যতম তাম্ৰেশ্বৰীৰ অভ্যুত্থানৰ লগত মালিনী সম্বন্ধ অতি ওচৰ।

মালিনী থান কোন বংশীয় ৰজাসকলৰ কীৰ্ত্তি, এই বিষয়ে আলোচনাৰ থল আছে । চুতীয়াসকল শাক্ত-পন্থী।তামেশ্বৰী কেচাইখাতীৰ উপাসক। মালিনী থানত বাসন্তী দুৰ্গাপূজা অনুষ্ঠিত হ্য়। দুৰ্গা-পূজাৰ ইতিহাসত বাসন্তী দুৰ্গা-পূজাহে প্ৰাচীন । প্ৰাক-আহোম যুগৰ চুতীয়া ৰজাসকলৰ লগত কমতাৰ ৰাজবংশৰ বৈবাহিক সম্পৰ্ক সংঘটিত হৈছিল । আনপিনে পালবংশীয় ৰজাসকলে চুতীয়া ৰাজ্যৰ অনেক ভিতৰলোকে দখল কৰি লৈছিল। উত্তৰ-পূব অসমত ভূঞা সকলো প্ৰতাপী হৈ উঠিছিল আৰু বৰ্তমান লক্ষীমপুৰ জিলাত নাৰায়ণপুৰ, চলপুৰ, কলংপুৰ, লক্ষীমপুৰ, ৰতনপুৰ, মণিপুৰ আদি স্থাপন কৰিছিল ।শংকৰদেৱৰ পূৰ্ববৰ্তী ভূঞা সকলো দোৰ্ঘোৰ শাক্ত আছিল ।কিবা কাৰণত আহোম যুগত মালিনী থান এৰা পৰিছিল নতুবা আহোম যুগৰ শেষলৈকে মালিনী থান মন্দিৰ অক্ষত অৱস্থাত আছিল । মালিনী থানৰ কাষেদি ঘাগৰ নামেৰে এখন নৈ বৈ গৈছিল । কোনোবা প্ৰলয়ংকৰী ভূমিকম্পত এই নৈখন পোত যায় আৰু মন্দিৰটোও ভাগি পৰে । তদুপৰি দাঁতিকাষৰীয়া ঠাই জনশূন্য হৈ পৰাত মালিনী থান অৱহেলিত হৈ পৰে ।

মালিনী থানৰ ঐতিহাসিক গুৰুত্ব এই কাৰণেই যে হাবিতলীয়া অনাৰ্য্য অধ্যূষিত অঞ্চলত আৰ্য্য সংস্কৃতিৰ ধ্বজাবাহী এটা মন্দিৰ অৱস্থিত, যি মন্দিৰৰ পূজা-পৰম্পৰা হেৰাই গ’লেও তাৰ ভগ্নাৱশেষত সৰ্বভাৰতীয় মন্দিৰ-ভাস্কৰ্য্যৰ চানেকী আৰু সাদৃশ্য দেখিবলৈ পোৱা যায় ।একালত পৰ্বত-ভৈয়াম, জাতি-উপজাতি সামৰি এই মন্দিৰে ঐক্য আৰু সংহতিৰ পৰিবেশ সৃষ্টি কৰিছিল, উত্‍সৱ পাৰ্বনৰ যোগেদি মানুহৰ পাৰলৌকিক ধাৰণা পূৰণ কৰাৰ উপৰিও প্ৰচুৰ আনন্দ দিছিল । (উত্‍‍স: হাঁহি আৰু বাঁহী: লীলা গগৈ)

লিখক: ড০ লীলা গগৈ :: সংগ্ৰহ; যামিনী অনুৰাগ

English Summary: Malinithan is an archaeological site which consists of ruins of a Hindu temple of the early medieval period on the northern bank of the Brahmaputra River in the Indian state of Arunachal Pradesh

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.