অসম ভাৰতৰ ভিতৰতে এখন পৱিত্ৰ ভূমি। ইয়াৰ ইয়াৰ প্ৰতিটো অঞ্চল দৌল-দেৱালয়, মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ আদি সবধৰ্মৰে পৰিবেষ্টিত। এই পৱিত্ৰ ভূমিৰে বিশাল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ অসমৰ উত্তৰ-পূব সীমাত অৱস্থিত লখিমপুৰ জিলাখনি অতি পৱিত্ৰ ভূমি। প্ৰত্নতত্ত্ববিদ প্ৰয়াত ৰাজমোহন নাথৰ মতে, এই ঠাইত হাবুং ৰাজ্য নামে বড়ো শাসক গোষ্ঠীৰ এখন ৰাজ্য প্ৰতিষ্ঠিত আছিল। এই ঠাই অতি প্ৰাচীন কালত স্বৰ্ণপীঠ নামে জনাজাত। 'কালিকা পুৰাণ' আৰু 'যোগিনী তন্ত্ৰ'ৰ মতে, প্ৰাচীন কামৰূপৰ পূবসীমা দিক্কৰবাসিনীয়ে এই স্থানকে বুজাইছিল। এই দিক্কৰবাসিনী বৰ্তমান শদিয়াৰ সমীপস্থ দিক্ৰং নৈ বুলি বহুতে বিশ্বাস কৰে। লখিমপুৰ জিলাৰ পূব সীমা আৰু শোণিতপুৰ জিলাৰ পশ্চিম সীমাৰ পৰা নাৰায়ণপুৰ মহকুমা আৰম্ভ হৈছে। কোনো কোনো পণ্ডিতৰ মতে এই অঞ্চলটি পুৰণি 'যোগিনীতন্ত্ৰ'ত উল্লিখিত 'মায়াপুৰ' নামে খ্যাত। বৰ্তমান ইটানগৰৰ পৰা খাৰৈ নৈলৈকে এই অঞ্চলটিত পোৱা ভগ্নাৱশেষ, শিলৰ দুৱাৰ, তাত খোদিত হাতী-ঘোঁৰা আদি জন্তুৰ ছবি আৰু গণেশ আদি মূৰ্তিবোৰলৈ লক্ষ্য কৰি ভূতপূৰ্ব এছিটেন্ট পলিটিকেল অফিচাৰ দ্বাৰিকানাথ দাসে এইখনেই 'মায়াপুৰী' নামেৰে অভিহিত কৰিছে। অৱশ্যে এসময়ত এই অঞ্চলটি যে এক উন্নত সভ্যতাৰ কেন্দ্ৰ আছিল ই সত্য। কিন্তু প্ৰয়াত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে, পুৰণি প্ৰাগজ্যোতিষপুৰেই মায়াপুৰ আছিল। 'বৃহৎ শিৱপুৰাণ' (প্ৰথম খণ্ড, ১৬শ অধ্যায়)ৰ পৰাও জনা যায় যে দক্ষৰ মায়াপুৰ কামৰূপ-কামাখ্যাত আছিল, য’ত তেওঁ যজ্ঞ পাতিছিল। তদপুৰি খাৰৈ নদীৰ পৰা বুৰৈলৈকে এই অঞ্চলটি কল্যাণপুৰ নামে পৰিচিত। ঐতিহ্যমণ্ডিত কল্যাণী দেৱালয় থকা বাবেই ইয়াৰ নাম কল্যাণপুৰ আৰু কল্যাণপুৰৰ পৰাই বৰ্তমান কলংপুৰ হৈছে। নাৰায়ণপুৰ অঞ্চলটি ইতিহাসৰ দিনৰ পৰাই মিশ্ৰিত জনগোষ্ঠীৰে অধ্যুষিত অঞ্চল। চুতীয়া, বাৰভূঞা, আহোম, খামটি, দেউৰী, চুতীয়া, মিছিং আদিৰ বাসভূমি নাৰায়ণপুৰ অঞ্চলটিত বিভিন্ন দৌল-দেৱালয় স্থাপন কৰা হৈছিল। ভূঞা আৰু চুতীয়াসকল ঘোৰ শাক্ত হোৱা বাবে ইয়াত শাক্তধৰ্মৰ প্ৰভাৱো মন কৰিবলগীয়া বিষয়। ইয়াতে অৱস্থিত মাঘনোৱা দ'ল, বৰকালিকা, হাৰ্হি, পেটুৱা গোঁসাই থান আদি আজিও জাগ্ৰত। শাক্তধৰ্মৰ লগতে শৈৱ আৰু বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱো বিদ্যমান।
এই লখিমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলৰ খেৰাজখাট মৌজাত অৱস্থিত মাঘনোৱা দ'ল আৰু সেই ঠাইৰ পৰা নি মানৰ আক্ৰমণৰ পৰা পৰিত্ৰাণৰ বাবে কলাবাৰীত পুনঃ প্ৰতিষ্ঠা কৰা বৰকালিকা থান বা ফুলবাৰী দেৱালয়ে অসমৰ শাক্তধৰ্মৰ ইতিহাসত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। পিচলা নদীৰ পাৰত এই দুই মন্দিৰ অৱস্থিত— ‘‘Narayanpur is remarkable for two temples, romantically situated on the banks of Pisola; which river those of Dhinggoan and Colabari, in Jakai Chook”। ইয়াৰে দিক্ৰং নৈ পূবে স্বৰ্ণদী (সোৱণশিৰী) নৈ বৈ গৈছে। ইয়াৰ পশ্চিমে ‘গৌতমস্য মহাফলা’ পিচলা নৈ, যি নৈৰ পাৰত এসময়ত গৌতম ঋষিয়ে তপস্যা কৰি মহাফল লাভ কৰিছিল। যোগিনীতন্ত্ৰৰ উত্তৰ খণ্ডৰ চতুৰ্থ পটলত দেৱী পাৰ্ৱতীয়ে স্বামী শিৱক তেওঁ কোন কোন স্থানত কি কি নামৰে প্ৰখ্যাত বুলি প্ৰশ্ন কৰোঁতে শিৱই কৈছিল— ''ধবলায়াং পিনাকী চ পিচ্ছিলায়াং ত্ৰিবিক্ৰমঃ''। সেইফালৰ পৰা পিচলা নদীৰ পাৰত ত্ৰিবিক্ৰম শিৱৰ মন্দিৰ বিদ্যমান, যিটো পৰৱৰ্তী যুগত ‘মাঘনোৱা দৌল’ নামেৰে জনাজাত হ'ল। তাৰ কাষতে ফুলবাৰী নামৰ দেৱীৰ মন্দিৰ আছিল, যিটো কালক্ৰমত প্ৰাকৃতিক দুৰ্যোগৰ ফলত আৰু মানৰ আক্ৰমণৰ সময়ত ধবংস হ'ল। প্ৰয়াত আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ মতে— ''সম্ভৱতঃ পিচলাৰ পাৰৰ ফুলবাৰী দেওঘৰত গৌতম ঋষিয়ে কোনো সময়ত আশ্ৰম পাতি বাস কৰিছিল। তেওঁ বোধকৰোঁ তাত থাকি ত্ৰিবিক্ৰম শিৱক তপস্যা কৰিছিল।'' এই প্ৰসঙ্গতে তেখেতে উল্লেখ কৰিছে, দক্ষ-জীয়ৰী শিৱ-পত্নী সতীৰ মূৰটো দিক্কৰবাসিনী বা দিক্ৰং নৈত পৰা বুলি কালিকা পুৰাণত লিখা আছে। সেই নিমিত্তে দিক্কৰবাসিনীক ললিতাকান্তা বা চণ্ডী বা বৰকালিকা বুলি কোৱা হয়। অতি পূৰ্বে দিক্ৰৰঙৰ পশ্চিমফালে দেৱীৰ মন্দিৰ আছিল আৰু তাৰ কিছু পশ্চিমে মাঘনোৱা বিলৰ দাঁতিত চণ্ডীশ্বৰ শিৱৰ মন্দিৰ আছিল। মন্দিৰ ভাগি যোৱাত কলাবাৰীলৈ শিৱৰ মূৰ্তিভাগ আনি স্থাপন কৰা হৈছে আৰু কলাবাৰীৰে দেউৰী গাঁৱত বৰকালিকা দেৱালয় পতা হৈছে। গৌতমাৰণ্যৰ কাষতে আছিল অহল্যা হ্ৰদ, বৰ্তমান ইয়াৰ নাম মাঘনোৱা বিল। পিছে এই বিলৰ পানীয়ে ৰাইজৰ খেতি-পথাৰ নষ্ট কৰা গুণে বৰ্তমান ই পোত গৈ পথাৰলৈ পৰিৱৰ্তিত হৈছে। মাঘনোৱা বিলৰ পূবে ধলপুৰৰ উত্তৰ ফালে কৌহিকৰ দলনি নামৰ যি বিল আছে. তাৰ নাম পূৰ্বতে কৌশিক মুনিৰ হ্ৰদ আছিল। পিচলাৰ কাষতে মাঘনোৱা বিলৰ ওচৰত ফুলবাৰী দেওঘৰ। মাঘনোৱা দ'লক কোনোৱে ফুলবাৰী দেৱালয় বুলি কয়। আহোম ভাষাত, মাক মানে গছৰ গুটি, নোৱা মানে মুকলি কৰা বা বৃদ্ধি কৰা। অৰ্থাৎ গছ-গছনিৰ উৎপাদন বৃদ্ধি কৰা। বৰ্তমান আমাৰ সমাজত মাঘ বিহুৰ দিনা পুৱা নৰ-মনিষ শোৱাৰ পৰা উঠাৰ আগতেই মূল গৃহস্থই নিজৰ বাৰীত থকা গছ-গছনিৰ উৎপাদন বৃদ্ধিৰ বাবে ধান খেৰৰে গছত একোটা গাঠি দিয়ে। এই প্ৰথাটোক আহোম ভাষাত 'মাকনোৱা' বুলি কয়। মাঘনোৱাৰ দ'লকো আহোম-চুতীয়া-বৰাহীসকলে তেনে অৰ্থতে বিশ্বাস কৰি পূজা-সেৱা আগবঢাইছিল বাবে ইয়াৰ নাম মাকনোৱা বা মাঘনোৱা হ'ল। ঐশ্বৰ্য-বিভূতিৰ গৰাকী হিচাপে লোৱা এই মাঘনোৱা দ'লৰ নামকৰণত আৰু এক বিশ্বাস প্ৰচলিত আছিল। মাঘ মাহত অতি পূবৰ্কালত দ'লৰ মূৰ্তিভাগ ৰাইজে অতি উলাহ-মালহৰে নোৱাই-ধুৱাই নি পুনৰ দ'লত স্থাপন কৰিছিল। মাঘত নোওৱা হৈছিল বাবেহে মাঘনোৱা দ'ল নামৰ উৎপত্তি হ'ল বুলি বিশ্বাস হয়।
Share your comments