সুনিৰ্দ্দিষ্ট কিছুমান মাপ-কাঠিৰে চালি-জাৰি চাই দেশজুৰি চলোৱা সমীক্ষাৰ ভিত্তিত আমাৰ দেশৰ কেইবাখনো বহুল-প্ৰচাৰিত আলোচনী তথা বাতৰি-কাকতে ভিন-ভিন শৈক্ষিক ক্ষেত্ৰৰ ‘শ্ৰেষ্ঠ শিক্ষানুষ্ঠান’ কেইখন প্ৰতি বছৰে বাচনি কৰি তালিকা প্ৰকাশ কৰে।এই সমীক্ষাবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়ো আমি দেশৰ উৎকৃষ্ট শিক্ষানুষ্ঠানসমূহৰ বিষয়ে জানিব পাৰোঁ।
এই আপাহতে জনাওঁ যে , জনপ্ৰিয় আলোচনী ‘ইণ্ডিয়া টুডে’ ৰ ইং. ২০১৩ বৰ্ষৰ সমীক্ষাত ইঞ্জিনীয়াৰিঙৰ শাখাত ভাৰতৰ ভিতৰতে শ্ৰেষ্ঠ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত ৯ম স্থান দখল কৰিছে আমাৰ উত্তৰ গুৱাহাটীস্থ I.I.T., Guwahati য়ে । যোৱা ৫ বছৰ ধৰি এই শিক্ষানুষ্ঠানখনে প্ৰথম দহোটা স্থানত আছে ।ই আমাৰ বাবে গৌৰৱৰ কথা আৰু আমাৰ ল’ৰা-ছোৱালীয়ে এনে অনুষ্ঠানত পঢ়িবৰ বাবে যৎপৰোনাস্তি কৰা উচিত।
তদুপৰি, সাধাৰণ স্নাতক বা উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰমৰ বাবে যদি আমি অসমৰে মহাবিদ্যালয় কেইখনৰ ভিতৰত বাচনি কৰিবলগীয়াত পৰোঁ, তেন্তে যোৱা পাঁচ-ছয় বছৰত সেই অনুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ ফলাফল পৰ্যালোচনা কৰাটো যদিও প্ৰাৰম্ভিক আৰু মূল কথা, তথাপি আন দুই চাৰিটা কাৰকো অভিভাৱকসকলে চালি-জাৰি চোৱাটো বাঞ্চনীয়। ইয়াৰ ভিতৰত পৰে
১) মহাবিদ্যালয়খনৰ শিক্ষাগুৰু তথা প্ৰধান-শিক্ষকৰ সতে বাৰ্তালাপ
২) শিক্ষাৰ্থীজনৰ মহাবিদ্যালয়-চৌহদ ভ্ৰমণ
৩) থকা আৰু খোৱাৰ সা-সুবিধা
৪) সেই মহাবিদ্যালয়ৰ প্ৰাক্তন তথা বৰ্তমানৰ শিক্ষাৰ্থীৰ মতামত অধ্যয়ন।
কেতিয়াবা এনে হয়, ভাল ফলাফল হোৱাৰ লগে লগেই আমি সেই মহাবিদ্যালয়ৰ সকলো শিক্ষক ভাল হ’ব বুলি ধাৰণা কৰি লওঁ; কিন্তু এনে নহ’বও পাৰে। আপোনাৰ সন্তানে যি বিভাগত নামভৰ্তি কৰিব বিচাৰে ,সেই বিভাগৰ শিক্ষকসকলনো কেনে তাৰ এটা গম ল’বৰ বাবেই নামভৰ্তিৰ আগয়ে এবাৰ শিক্ষাগুৰুসকলক লগ ধৰাটো অতিকেই প্ৰয়োজনীয়। তেতিয়াহে আপুনি তেওঁলোকৰ মানসিকতা,ব্যক্তিত্ব,শিক্ষাদানৰ প্ৰতি আগ্ৰহ ইত্যাদিৰ বিষয়ে কিছু আভাস পাব।
পৰীক্ষাগাৰ-শ্ৰেণীকোঠা পৰিদৰ্শনো সমানেই দৰকাৰী। শিক্ষণৰ সা-সঁজুলী,আচঁ-বাব ভালদৰে নথকা এখন মহাবদ্যালয়ত পঢ়িলে আপোনাৰ সন্তানে বিষয়টোৰ খুঁটি-নাটি মাৰি জ্ঞান লাভ কৰিবলৈ অসুবিধা পাব পাৰে ।সেইদৰে থকা-খোৱাৰ সা-সুবিধাৰ প্ৰতিও মন দিয়া উচিত। যদিও আমি ছাত্ৰাৱাস বা ছাত্ৰীনিবাসৰ আহাৰ ঘৰৰ দৰে বিচৰাটো অমূলক কথা, তথাপিও ন্যূনতম পৰিষ্কাৰ-পৰিচ্ছন্নতা তথা স্বাস্থ্যসন্মত খাদ্যাভাসৰ প্ৰতি সজাগতা আমাৰ সকলোৰে একান্তই কাম্য।
আমাৰ বহু ল’ৰা-ছোৱালীয়ে আকৌ বন্ধু-বান্ধৱীৰ অধিকাংশই যিখন মহাবিদ্যালয়ৰ প্ৰ-পত্ৰ পূৰণ কৰে, সেইখনতেই পঢ়িবলৈ খোজে আৰু নাচোৰবান্দা হৈ মাক-দেউতাককো সৈমান কৰে । ই এটা অতি অশুভ কাৰ্য । যদিও বিদ্যালয়ত লগপোৱা বন্ধুসকল বহু হেঁপাহৰ আৰু পৰস্পৰ সহায়কাৰী হয়, তথাপি ই এটা ভ্ৰান্ত ধাৰণা যে এইসকল অবিহনে এজন শিক্ষাৰ্থী নিজৰ জীৱনত আগুৱাই যাব নোৱাৰিব । এজন সমাজমুখী খোলা মনৰ শিক্ষাৰ্থীয়ে তেওঁৰ অনাগত জীৱনত প্ৰতিখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়তে বহু ভাল বন্ধু-বান্ধৱীৰ সান্নিধ্য লাভ কৰে, যিসকলে আনকি সঁচা বন্ধুত্বৰে তেওঁক জীৱনজুৰি উপচাই ৰাখে ।
কেতিয়াবা আকৌ উৎকৃষ্ট শিক্ষানুষ্ঠানত পঢ়িও কোনো কোনো শিক্ষাৰ্থীয়ে আশানুৰূপ ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰা দেখা যায়। এই কথাই প্ৰমাণ কৰে যে নিজাববীয়া প্ৰচেষ্টা আৰু মনোযোগিতা অবিহনে হাজাৰ সুযোগ-সুবিধা লাভ কৰিও পৰীক্ষাত ভাল ফলাফল অৰ্জন কৰা সম্ভৱ নহয় । অৱশ্যে , যিদৰে এটা গণিতীয় সমীকৰণৰ সোঁফালৰপৰা বাঁওফাল আৰু বাঁওফালৰ পৰা গৈ সোঁফালক প্ৰতিপন্ন কৰিব পাৰি ,সেইদৰে ওপৰৰ কথাটিৰ ক্ষেত্ৰটো আমি ক’ব পাৰো যে ; উপযুক্ত শিক্ষাগুৰু তথা শৈক্ষিক পৰিৱেশ পোৱা, নিয়মিত আৰু নিয়াৰীকৈ অধ্যয়ন কৰা শিক্ষাৰ্থী এজনৰ ভাল ফলাফলৰ বাবে ভাল শিক্ষানুষ্ঠানো অপৰিহাৰ্য নহয় ।
Share your comments