1. শিক্ষা

উচ্চ শিক্ষাৰ বাবে জলপানিৰ সুবিধা

KJ Staff
KJ Staff

সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জলপানিৰ ব্যৱস্থা কৰে। শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছাত্ৰ-ছাত্ৰীৰ বাবেও সুকীয়া জলপানীৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰে সংখ্যালঘূ সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও সুকীয়াকৈ জলপানি দিয়াৰ ব্যৱস্থা কৰিছে। বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰৰ জলপানিৰ সুবিধা লৈ যাতে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰে। বাস্তৱ ক্ষেত্ৰত অসমত চৰকাৰী জলপানিৰ বিষয়ে বহুল প্ৰচাৰ হোৱা নাই। ৰাজ্যৰ শিক্ষা বিভাগে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জলপানি সম্পৰ্কীয় আঁচনিৰ কথা বহুল ভাৱে প্ৰচাৰ কৰিব লাগে। বিশেষকৈ শাৰীৰিক ভাৱে বাধাগ্ৰ্স্ত আৰু সংখ্যালঘূ ছাত্ৰ-ছাত্ৰীৰ বাবে থকা জলপানী সম্পৰ্কীয় বহুল প্ৰচাৰৰ প্ৰয়োজন আছে। তেনে প্ৰচাৰ অসমৰ শিক্ষা বিভাগে কৰা পৰিলক্ষিত হোৱা নাই।

কেন্দ্ৰীয় চৰকাৰে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীক জলপানি দিয়ে। যিবোৰ ৰাজ্যত হিন্দী ভাষা বহুলভাৱে প্ৰসাৰ বা ব্যৱহাৰ নাই সেই ৰাজ্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক শুদ্ধকৈ হিন্দী ক’ব পৰা শিক্ষা গ্ৰহণ কৰিবৰ বাবে জলপানি দিয়াৰ ব্যৱস্থা আছে। কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে বাধাগ্ৰস্ত ছাত্ৰক মহাবিদ্যালয় বা উচ্চ শিক্ষা গ্ৰহণৰ বাবে মাহে জলপানি দিয়াৰ আঁচনি আৰম্ভ কৰিছে। ৰাজ্যত থকা শাৰীৰিকভাৱে বাধাগ্ৰস্ত ছাত্ৰই অসমৰ সমাজ কল্যাণ বিভাগৰ লগতে যোগাযোগ কৰি মাহেকীয়া জলপানিৰ বাবে আবেদন কৰিব পাৰে।

ভাৰত চৰকাৰে ২০০৭ চনৰ পৰা ‘নেচনেল মেৰিট স্ক’লাৰশ্বিপ স্কীম’ৰ অধীনত শিক্ষাক জলপানি দি আছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা, স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰক, চৰকাৰী উচ্চ মাধ্যমিক, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত অধ্যয়ণ কৰি থকা ছাত্ৰক এই আঁচনিৰ অধীনত আৰ্থিকভাৱে সহায় কৰে। এই সুবিধা পাব লাগিলে পৰীক্ষাত সুখ্যাতিৰে উত্তিৰ্ণ হ’ব লাগিব। আৰু ছাত্ৰ-ছাত্ৰী গৰাকী কম আয় পৰিয়ালৰ সন্তান হ’ব লাগিব। উচ্চ মাধ্যমিকত উত্তীৰ্ণ হৈ অধ্যয়ণ কৰা সকলক বছৰে ৮২ হাজাৰ টকা জলপানি দিয়া। ইয়াৰ বাবে সংশ্লিষ্ট ৰাজ্যৰ শিক্ষা বিভাগৰ লগতে যোগাযোগ কৰিলেও হয়।

আনহাতে, প্ৰতিবন্ধী বা শাৰীৰিকভাৱে বাধাগ্ৰ্স্ত প্ৰতিবন্ধীৰ বাবে গঠন কৰা বিত্তীয় উন্নয়ন নিগমৰ জৰিয়তেও জলপানি দিয়া হয়। অনুৰূপ ধৰণে সামাজিক ন্যায় বিভাগৰ জলপানিৰ সুবিধাসমূহ আছে। তদুপৰি চিকিৎসা মহাবিদ্যালয়ত, অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবেও কেন্দ্ৰীয় চৰকাৰৰ সুকীয়া জলপানিৰ ব্যৱস্থা আছে। মৌলানা আব্দুল কালাম আজাদৰ নামত ভাৰতবৰ্ষত জলপানিৰ জনপ্ৰিয় আঁচনি আছে। বিশেষকৈ সংখ্যালঘূ পৰিয়ালৰ সন্তানক এই আঁচনিৰ জলপানী দিয়া হয়। হাইস্কুল শিক্ষান্ত বা হাইমাদ্ৰাছা পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ জলপানি দিয়া হয়।

English Summary: High education facilities, water supply facilities

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.