1. শিক্ষা

CTET- 2021 পৰীক্ষাৰ পঞ্জীয়ন প্রক্রিয়া আৰম্ভ; কেনেদৰে অনলাইন আবেদন কৰিব চাওঁক -

KJ Staff
KJ Staff
Teaching
Teaching

কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষা (CTET-2021)ৰ বাবে পঞ্জীয়ন 20 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ, পৰীক্ষা পৰিচালনাকাৰী সংস্থাই ইয়াৰ সম্বন্ধে এক আনুষ্ঠানিক জাননী প্ৰকাশ কৰিছে। পৰীক্ষাৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 19 অক্টোবৰ, 2021।

উল্লেখযোগ্য যে দুটা স্তৰত অনুষ্ঠিত হব লগা CTET-2021 পৰীক্ষাত এজন প্রার্থীয়ে দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হব পাৰিব, যদিহে যোগ্যতা থাকে। যিসকল প্রার্থীয়ে প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ শিক্ষক হ'ব বিচাৰে তেওঁলোকে প্রথম কাকত অর্থাৎ প্রথম স্তৰৰ পৰীক্ষাত অৱতীৰ্ণ লাগিব আৰু যিসকল প্রার্থীয়ে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষক হ'ব বিচাৰে, তেওঁলোকে দ্বিতীয় কাকত অর্থাৎ দ্বিতীয় স্তৰৰ পৰীক্ষাত অৱতীৰ্ণ লাগিব। 

CTET- 2021 হৈছে প্ৰায় 20 টা ভাষাত অনুষ্ঠিত হব লগা এক কম্পিউটাৰ-আধাৰিত পৰীক্ষা। পৰীক্ষা কমিতিৰ এক আনুষ্ঠানিক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, পৰীক্ষাসমূহ চলত বর্ষৰ ডিচেম্বৰ মাহৰ পৰা অনুষ্ঠিত হ'ব আৰু জানুৱাৰী, 2022 লৈকে চলিব পাৰে। অৱশ্যে সঠিক তাৰিখবোৰ এতিয়াও প্রকাশ কৰা হোৱা নাই।

CTET- 2021 পৰীক্ষাৰ তাৰিখ আৰু অন্যান্য বিৱৰণ

পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হোৱা তাৰিখ- ছেপ্টেম্বৰ 20, 2021 

আবেদন কৰাৰ অন্তিম তাৰিখ- অক্টোবৰ 19, 2021 

পৰীক্ষাৰ আবেদন মাচুল পৰিশোধ কৰাৰ অন্তিম তাৰিখ- অক্টোবৰ 21, 2021 

CTET- 2021 পৰীক্ষাৰ তাৰিখ (Tentative)- 16 ডিচেম্বৰ, 2021 ৰ পৰা 13 জানুৱাৰী, 2021-ৰ ভিতৰত

CTET 2021-ৰ আবেদন কৰাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ: 

  1. দ্বাদশ শ্ৰেণী উত্তীৰ্ণ প্ৰমাণপত্ৰ 
  2. প্ৰাৰ্থীসকলে তেওঁলোকৰ সৰ্বোচ্চ অৰ্হতাৰ প্ৰমাণপত্ৰ সংলগ্ন কৰিব লাগিব 
  3. আধাৰ কাৰ্ডৰ স্কেন কৰা প্ৰতিলিপি। 
  4. .jpg বা .jpeg ফৰ্মেটত স্কেন কৰা ফটোগ্ৰাফ 
  5. আপোনাৰ স্বাক্ষৰৰ স্কেন কৰা ছবি। 

CTET- 2021: কেনেদৰে আবেদন কৰিব

  1. প্ৰাৰ্থীসকলে প্রথমে অফিচিয়েল ৱেবছাইট https://examinationservices.nic.in/examsys21/root/Home.aspx? দৰ্শন কৰিব লাগিব। 
  2. হোম পেজত, 'অনলাইন এপ্লাই 'ত ক্লিক কৰক 
  3. অনলাইন আৱেদন প্ৰপত্ৰ পূৰণ কৰক আৰু আপোনাৰ ভৱিষ্যত ব্যৱহাৰৰ বাবে পঞ্জীয়ন নম্বৰ / আবেদন নম্বৰ টুকি ৰাখক
  4. এতিয়া, প্ৰাৰ্থীসকলে ইয়াক সম্পূৰ্ণ কৰিবলৈ শেহতীয়া ফটোগ্ৰাফ আৰু স্বাক্ষৰৰ স্কেন কৰা ছবি আপলোড কৰিব লাগিব। 
  5. প্ৰয়োজনীয় আৱেদন মাচুল পৰিশোধ কৰক আৰু Submit ত ক্লিক কৰক। 
  6. এনেদৰে আপুনি CTET 2021ৰ আবেদন পত্ৰ দাখিল কৰিব পাৰে।
English Summary: CTET 2021 Registration process started Check How to Apply Online

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.