1. পশুপালন

আমেৰিকান হোৱাইট পেকিন হাঁহ পালনেৰে স্বাৱলম্বী হওঁক

KJ Staff
KJ Staff
White packin duck farming
White packin duck farming

হাঁহপালন অসমীয়াৰ বাবে নতুন অধ্যায় নহয়। কিন্তু পৰম্পৰাগত হাঁহপালন ব্যৱস্থাত বহু সময়ত পালকসকলে লোকচানৰ সন্মুখীন হয়। হাঁহপালনৰ ক্ষেত্ৰত হোৱা লোকচানৰ কাৰণ সমূহ অধ্যয়ন কৰি দেখা গৈছে যে পাতি হাঁহ এটাৰ পৰা কণী নাইবা মাংসৰে লাভান্বিত হ’বলৈ প্ৰায় এবছৰ সময় লাগে। সময় আৰু খাদ্যৰ পৰিমাণৰ দিশৰ পৰা চালে পৰম্পৰাগত হাঁহপালম ব্যৱস্থা লাভজনক নহয়। সেয়ে নতুন চিন্তা কৰা হ’ল- হোৱাইট পেকিন হাঁহপালন।

ধনাত্মক দিশসমূহ:

১)কম সময়ত বিক্ৰীৰ বাবে সাজু: এই প্ৰজাতিৰ হাঁহ ৪৫ দিন বয়সত বিক্ৰীৰ বাবে উপযুক্ত হয়। ৪৫ দিনৰ প্ৰায় ২.৫ কেজি পৰ্যন্ত ওজন হয়।

২)কম ঠাইত অধিক পালন: তুলনামূলক ভাৱে কম ঠাইতে অধিক পৰিমাণৰ হাঁহ পালন কৰিব পাৰি। বতাহ চলাচলৰ সুবিধ থকা বন্ধ গঁৰালতো এই হাঁহ পালন কৰিব পৰা যায়।

৩)কৃত্ৰিম পানী যোগান: হাঁহ সাধাৰণতে পানীত চৰা প্ৰাণী। পৰম্পৰাগত ভাৱে হাঁহ পালনৰ ক্ষেত্ৰত খাল, বিল আদি জলাশয়ৰ প্ৰয়োজন হয়। কিন্তু পেকিন হাঁহ পালনৰ ক্ষেত্ৰত প্ৰাকৃতিক জলাশয় নহ’লেও কৃত্ৰিমভাৱে পানী যোগান ধৰি ইয়াক পালন কৰিব পৰা যায়।

৪)মাংসৰ চাহিদা: এই প্ৰজাতিৰ হাঁহৰ মাংসৰ অধিক চাহিদা দেখা যায়। ইয়াৰ সুস্বাদু মাংসৰ বাবে গ্ৰাহকসকলে অসমীয়া পাঁতি হাঁহতকৈ পেকিন হাঁহৰ মাংস বেছিকৈ বিচাৰে।

৫)কণীৰ মূল্য: অসমীয়া পাতি হাঁহতকৈ এই প্ৰজাতিৰ হাঁহৰ কণীৰ পৰিমাণ কম। সেয়ে কণী পৰাৰ উপযুক্ত কৰি তুলিব পাৰিলে কণীৰ মূল্য অধিক পোৱ যায়।

৬)ওজন: অন্য প্ৰজাতিৰ হাঁহসমূহ সাধাৰণতে ১.৩ কেজিৰ পৰা ২ কেজিতকৈ অধিক হোৱা দেখা নাযায়। কিন্তু পেকিন হাঁহ প্ৰায় ৬০ দিন বয়সত ৩-৪ কেজি হোৱা দেখা যায়।

খাদ্য-প্ৰণালী: এইবিধ হাঁহে কৃত্ৰিমভাৱে যোগান ধৰা খাদ্যৰ ওপৰিও প্ৰকৃতিৰ পৰা আহৰণ কৰা ধান-চাউল, মাছ, শামুক, জলজ পোক আদি খাদ্য হিচাবে গ্ৰহণ কৰে।

ৰোগ (Disease)

 তুলনামূলকভাৱে ৰোগ খুব কম। জন্মৰ পৰা প্ৰায় ২০ দিন বয়সলৈ কেতবোৰ ৰোগে দেখা দিয়ে যদিও সামান্য যতন ল’লেই এই প্ৰজাতিৰ হাঁহসমূহ ৰোগৰ পৰা পৰিত্ৰাণ পায়। প্ৰায় এমাহকাল পাৰ হোৱাৰ পিছত ইহঁতৰ ৰোগ প্ৰায় নাই বুলিবই পাৰি।

পালন ব্যৱস্থাপনা:

ক)ঘৰ নিৰ্মাণ: স্থানীয়ভাৱে উপলব্ধ বাঁহ-বেতৰ দ্বাৰাই ঘৰটো নিৰ্মাণ ব্যয় প্ৰতি বৰ্গ ফুটত ৫০ টকাৰে এটা সুচল পালনগৃহ সাজি উলিয়াব পাৰি। বতাহ চলাচলৰ সুব্যৱস্থাৰ বাবে ঘৰৰ বেৰৰ ওপৰ অংশৰ ৭৫% জালিৰে আৱৰি দিব লাগে। ইয়াৰ লগে লগে হাঁহক আক্ৰমণ কৰিব পৰা সাপ, নেউল আদিৰ পৰা ৰক্ষা পাবলৈ ব্যৱস্থা ল’ব লাগে। বিষ্ঠাবোৰ প্ৰতি দিনে পৰিষ্কাৰ কৰা প্ৰয়োজন।

খ)পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু ৰোগ ব্যৱস্থাপনা: ঘৰটো সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। মজিয়াখন পকী হ’লে পৰিষ্কাৰ কৰিবলৈ সুবিধা হয়। অলাগতিয়াল বস্তু বোৰ ওলাই যাবৰ বাবে নলৰ ব্যৱস্থা থকা দৰকাৰ। বেমাৰৰ লক্ষণ দেখিলে উক্ত হাঁহটো বেলেগ গৃহত আঁচুতীয়াকৈ ৰাখি পৰিচৰ্যা কৰিব লাগে অন্য হাঁহলৈ বেমাৰ নিবিয়পে।

গ)সংহত হাঁহ-মাছ পালন: নিজা পুখুৰী থাকিলে পালন ঘৰটো পুখুৰীৰ পাৰত নিৰ্মাণ কৰা প্ৰয়োজন। যিহেতু হাঁহৰ বিষ্ঠা মাছৰ উত্তম খাদ্য। সেয়ে বিষ্ঠাবোৰ নলৰ জৰিয়তে পোনে পোনে পুখুৰীত পেলোৱাৰ ব্যৱস্থা কৰি সংহত হাঁহ-মাছ পালনেৰে হ’ব পাৰি।

বজাৰৰ চাহিদা সন্দৰ্ভত অভিজ্ঞতা:

সুস্বাদু মাংসৰ বাবে বজাৰত ইয়াৰ চাহিদা যথেষ্ট। অসমৰ বজাৰৰ চাহিদা অনুপাতে যোগানৰ পৰিমাণ কমি থকা বাবে ইয়াৰ পালকসকল যথেষ্ট লাভান্বিত হ’ব পাৰে। বৰ্তমান অসমৰ মাংসৰ বজাৰত সৰ্বাধিক প্ৰচলিত ব্ৰইলাৰ মাংসৰ প্ৰতি গ্ৰাহকসকলে অনীহা প্ৰকাশ কৰা দেখা গৈছে। সেয়ে যদি পেকিন হাঁহৰ পালক সকলে বজাৰত চাহিদা অনুসৰি মাংসৰ যোগান ধৰিব পাৰো, তেতিয়া যথেষ্ট উপকৃত হম বুলি আশা কৰিব পাৰি।

 

English Summary: White packin duck farming

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.