1. পশুপালন

কুকুৰাজাক সমগতিৰে বাঢ়িছে নে নাই জনাৰ বাবেঃ

KJ Staff
KJ Staff

ব্যৱসায়িক ভিত্তিত কুকুৰাপামৰ পৰা লাভজনক উৎপাদন পাবৰ বাবে বাঢ়নীয়া জাকটোৰ কুকুৰাবোৰৰ আকাৰ আৰু ওজন ওচৰা-ওচৰিকৈ সমান হোৱাটো বৰ আৱশ্যক। কুকুৰাবোৰ সমান জোখৰ হ’লে আটাইবোৰ কুকুৰাই প্ৰায় একে সময়ৰ ভিতৰতে কণী উৎপাদন আৰম্ভ কৰিব, নিৰ্দিষ্ট সময়ত ই উৎপাদনৰ চূড়া পাব আৰু উৎপাদন চক্ৰ একেলগে শেষ হ’ব। কিন্তু অ-সম বাঢ়নৰ জাক এটাৰ ক্ষেত্ৰত জাকটোৰ কেইটামান কুকুৰাই বহুদিন কণী পাৰি থকা অৱস্থাতো বাকীখিনিয়ে কণী পাৰিবলৈ আৰম্ভ নকৰিবও পাৰে। এনেক্ষেত্ৰত ইমানদিনে জাকটোৱে উৎপাদন চূড়া কিয় পোৱা নাই বুলি কেতিয়াবা দানা আৰু প্ৰায়েই কুকুৰা বিক্ৰী কৰা প্ৰতিষ্ঠানটোক গালি দিয়া দেখা যায়।

যিকোনো হাইব্ৰিড কুকুৰা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ তেওঁলোকৰ কুকুৰাৰ ওপৰত এখন প্ৰতিপালনৰ পুস্তিকা বা নিৰ্দেশনা থাকে। এই নিৰ্দেশনাখনত প্ৰতিটো সপ্তাহৰ শেষত কিমান ওজন হোৱা উচিত, প্ৰথম কণীটো পাৰিবৰ সময়ত কুকুৰাজাকৰ কিমান বয়স হ’ব, প্ৰতি সপ্তাহত কিমান দানা খাব আদি লিখা থাকে। পালকসকলে প্ৰতিপালন কৰোতে প্ৰতিমাহৰ অন্তত শতকৰা ২০টা মান কুকুৰা ওজন কৰি নিৰ্দেশনাত লিখিত ওজনৰ লগত মিলাই চোৱা উচিত।

এনেদৰে ৰিজাই চাওঁতে যদি দেখা যায় যে ওজন কৰা কুকুৰাখিনিৰ প্ৰতিটোৰ ওজন অথবা সিহঁতৰ গড় ওজন নিৰ্দেশনাত উল্লিখিত ওজনৰ শতকৰা দহ ভাগ সীমাৰ ভিতৰত আছে, তেনেহ’লে কুকুৰাজাক সঠিক জোখত বাঢ়িছে আৰু জাকটো সমজোখত আছে বুলি ধৰা হয়। উদাহৰণস্বৰূপে ধৰি লোৱা হওক যে কুকুৰা পোৱালি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ নিৰ্দেশ মতে ২০ সপ্তাহ বয়সত প্ৰতিটো কুকুৰাৰ ওজন ১৩৫০ গ্ৰাম হ’ব লাগে। এতিয়া যদি দেখা যায় যে সেই বয়সত কোনো এখন পামত কুকুৰাজাকৰ ওজন ১৩৩৫ গ্ৰামৰ পৰা ১৩৬৫ গ্ৰামৰ ভিতৰত আছে তেনেহ’লে কুকুৰাজাক সমগতিৰে বাঢ়িছে আৰু সঠিক জোখত আছে বুলি ক’ব পৰা যায়। কিন্তু তাকে নহৈ যদি সিহঁতৰ গড় ওজন ১৩০০ গ্ৰামহে হৈছে, তেতিয়া সিহঁতৰ দ্ৰুত ওজন বঢ়াবলৈ দানাৰ পৰিমাণ বঢ়াই দিয়া উচিত যাতে কিছুদিনৰ ভিতৰতে নিৰ্দেশনা অনুসৰি ওজন হয়গৈ। যদিহে আকৌ কুকুৰাজাকৰ গড় ওজন ১৩৫০ গ্ৰামৰ ঠাইত ১৪০০ গ্ৰাম হৈছে তেনেহ’লে দানাৰ পৰিমাণ কিছু কমোৱা উচিত যাতে কিছুদিনৰ পাছত সিহঁতৰ গড় ওজন নিৰ্দেশনাৰ লগত সমান হয়গৈ। পালকৰ প্ৰতিপালন এনে হোৱা উচিত যাতে জাকটোৰ কমেও শতকৰা ৮০-৯০টা কুকুৰা সমজোখৰ হয়।

                                                                                           (উৎসঃ অসমীয়া খবৰ)

English Summary: To ensuring the equal growth of your poultry pets

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.