ভাৰত পশুপালনৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে এখন চহকী দেশ। সভ্যতাৰ আদিতে ভাৰতত মানুহে পশুপালন আৰম্ভ কৰিছিল যদিও ই কেৱল নিজৰ প্ৰয়োজনীয় খাদ্য তথা কৃষি-কাৰ্যৰ আহিলা স্বৰূপে ব্যৱহৃত হৈছিল। পৰৱৰ্তী সময়ত মানুহে পশুপালনক এক জীৱিকা অৰ্জনৰ উপায়ৰূপে গ্ৰহণ কৰে আৰু বৰ্তমান সময়ত পশুপালন গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ হিচাপে পৰিগণিত হৈছে। গ্ৰামাঞ্চলৰ দুই-তৃতীয়াংশ মানুহক পশুপালনে জীৱিকা প্ৰদান কৰে। আমাৰ দেশৰ প্ৰায় ৮.৮ শতাংশ লোক পশুপালনত নিয়োজিত হৈ আছে। তদুপৰি ভাৰতবৰ্ষৰ ঘৰুৱা উৎপাদনৰ (জিডিপি) ৪.১১ শতাংশ তথা ক্ষেত্ৰৰ জিডিপিৰ ২৫.৬ শতাংশ পশুপালনে প্ৰদান কৰে।
ভাৰতত পশুধনৰ ক্ষেত্ৰত প্ৰধান হ’ল ম’হ, গো-ধন আৰু ছাগলী। উল্লেখনীয় যে গাখীৰ উৎপাদন তথা গাখীৰৰ পৰা তৈয়াৰী বিভিন্ন খাদ্যবস্তুৰ উৎপাদনত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰতে সৰ্বোচ্চ স্থানত উপনীত হৈছে। ভাৰতত ই এক পশুপালনৰ জয়যাত্ৰা বুলি অভিহিত কৰিব পাৰি। বৰ্তমান সময়ত আধুনিকতাৰ লগে লগে মাংসজাতীয় সামগ্ৰীৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু বৰ্ধিত চাহিদা পূৰণৰ বাবে চৰাই পালনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিজ্ঞানৰ অগ্ৰগতিৰ লগে লগে বিভিন্ন ব্যৱসায়িকভাৱে সফল প্ৰজাতি (ব্ৰইলাৰ কুকুৰা) মাংসৰ কাৰণে তথা কণী উৎপাদনৰ কাৰণে বহুলভাৱে ব্যৱহৃত হোৱা দেখা যায়।
পশুপালনক সফলভাৱে জীৱিকা অৰ্জনৰ উপায়ৰূপে অৱলম্বন কৰিবৰ বাবে বিজ্ঞানসন্মতভাৱে ইয়াক গ্ৰহণ কৰাটো আৱশ্যক। গো-ধনৰ শ্ৰীবৃদ্ধি তথা সঠিক পৰিমাণৰ গাখীৰ উৎপাদনৰ কাৰণে বিজ্ঞানসন্মত দানা-পনীৰ যোগান ধৰাতো আৱশ্যক। খাদ্যত বৃদ্ধিৰ কাৰণে আৱশ্যকীয় সকলো উপাদান থকাটো বাঞ্ছনীয়। তদুপৰি পোৱালি প্ৰতিপালনৰ ক্ষেত্ৰত এক সুকীয়া পদ্ধতি অৱলম্বন কৰিব লাগে। দানা পানী প্ৰস্তুত কৰোতে বিভিন্ন আৱশ্যকীয় খাদ্য উপাদানবোৰ ঘাইকৈ দেহৰ ওজন, বয়স তথা গাখীৰ উৎপাদনৰ পৰিমাণৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। গাভিনী গৰুৰ ক্ষেত্ৰত এই উপাদানবোৰ সৰহ পৰিমাণে যোগান ধৰা আৱশ্যক যাতে পৰৱৰ্তী সময়ত গাখীৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ উপৰি পোৱালিৰ সুস্বাস্থ্যত অৰিহণা যোগায়। সুস্বাস্থ্যৰ বাবে গোহালিবোৰো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা আৱশ্যক। সতেজ বায়ু চলাচলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা তথা সূৰ্যৰ ৰশ্মি সঠিকভাৱে পৰিবৰ কাৰণে গোহালিবোৰ উত্তৰ-দক্ষিণমূৱা হোৱাটো বাঞ্ছনীয়। তদুপৰি গোহালিবোৰত পৰিষ্কাৰ-পৰিচ্চন্নতা বজাই ৰাখিও গো-ধনক বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰিব পৰা যায়।
একেদৰে ব্ৰইলাৰ কুকুৰা পালনৰ ক্ষেত্ৰতো বৈজ্ঞানিক তথা লাভজনক উপায় অৱলম্বন কৰাটো দৰকাৰ। এইক্ষেত্ৰত উপযুক্ত পৰিমাণৰ দানা যোগান ধৰাটো প্ৰধান কাম। ব্ৰইলাৰ ফাৰ্ম এখনত হোৱা মুঠ ব্যয়ৰ ৭০ শতাংশৰো অধিক দানা যোগান ধৰোতে হয়। সেইবাবে উপযুক্ত লাভ অৰ্জনৰ বাবে মিতব্যয়ী হোৱাটো ভাল। যোগান ধৰা দানাত যাতে কোনো প্ৰয়োজনীয় উপাদান কম নাথাকে তাৰ প্ৰতি দৃষ্টি ৰখাটো আৱশ্যক। ব্ৰইলাৰ কুকুৰা ৪৫-৫৫ দিন বয়সত প্ৰায় ১.৫-১.৮ কিলোগ্ৰাম ওজনৰ হয় আৰু বিক্ৰীৰ কাৰণে উপযুক্ত হৈ উঠে। তেনে বয়স তথা ওজনত বিক্ৰী কৰিলে সঠিক লাভ অৰ্জন কৰাত সহায় হয়। আনহাতে কণাৰ পৰা হাঁহ-কুকুৰাৰ কাৰণে প্ৰস্তুত কৰা দানাত প্ৰয়োজনীয় উপাদানবোৰৰ লগতে বিভিন্ন খনিজ মৌল যেনে কেলছিয়াম আদি থকাটো প্ৰয়োজনীয় কিয়নো ই কণী উৎপাদনত সহায় কৰে। পশুধনক বিভিন্ন বেমাৰ-আজাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে নিৰ্ধাৰিত বয়সত টীকাকৰণ কৰাটো বাঞ্ছনীয়। পশুপালনক সফলভাৱে জীৱিকা অৰ্জনৰ আহিলাৰূপে গ্ৰহণ কৰিবলৈ হ’লে ইয়াক বৈজ্ঞানিক তথা সূক্ষ্মভাৱে গ্ৰহণ কৰাটো আৱশ্যক। এই ক্ষেত্ৰত পশুপালকসকলে উপযুক্ত দিহা-পৰামৰ্শৰ বাবে পশু চিকিৎসক তথা অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লব লাগে। তদুপৰি জিলাসমূহত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষিবিজ্ঞান কেন্দ্ৰসমূহত বিশেষজ্ঞসকলৰ দ্বাৰা পশুপালনসম্বন্ধে বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হয় আৰু ইয়াত প্ৰশিক্ষণ লৈ পশুপালকসকল বিভিন্ন ধৰণে উপকৃত হ’ব পাৰে। তদুপৰি কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা বিভাগেও এই ক্ষেত্ৰত সহায় কৰি এক বিশেষ ভূমিকা লোৱা পৰিলক্ষিত হয়।
সংক্ষেপে ক’বলৈ গ’লে পশুপালন অবিহনে ভাৰতবৰ্ষৰ গ্ৰাম্য অৰ্থনীতি কল্পনা কৰিব নোৱাৰি। সেইবাবে ইয়াক আৰু অধিক প্ৰতিষ্ঠিত কৰিবৰ বাবে পশুপালন ব্যৱস্থা সম্পূৰ্ণৰূপে বিজ্ঞানসন্মত তথা আধুনিক হোৱাটো বাঞ্ছনীয়। তেতিয়াহে ভাৰতীয় অৰ্থনীতিয়ে বিশ্বৰ অৰ্থনীতিত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ব বুলি ক’ব আশা কৰিব পাৰি।
(উৎসঃ অসমীয়া খবৰ, হিল্লোল প্ৰতীম চৌধুৰী)।
Share your comments