অসমত পৰ্য্যাপ্ত পৰিমাণে বৰষুণ হয়৷ ইয়াৰ জলবায়ু উষ্ণতা আৰু সিক্ত৷ সেইবাবে ইয়াত প্ৰচুৰ পৰিমাণে সেউজীয়া ঘাঁহ গজে আৰু তৃণভোজী প্ৰাণী পোহাটো অতি সহজ৷ জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষিভূমি কমি যোৱাৰ ফলত কম মাটিতেই কৃষকে অধিক উৎপাদন কৰিবলগীয়া হৈছে৷ কৃষকৰ অৰ্থনীতিত গৃহপালিত ছাগলী পালনত কষ্ট কম আৰু খৰছো কম৷ যদিও অসম আৰু চুবুৰীয়া ৰাজ্য কেইখনত লেখত ল’বলগীয়া অনুমোদিত জাত নাই তথাপিও মাংস জাতীয় মাংস সাৰ (প্ৰ’টিন) উৎপাদনত অসমত ছাগলী পালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
ছাগলী পালনক কিয় লাভজনক ব্যৱসায় গণ্য কৰা হয়?
১)ছাগলী পুহিবলৈ অধিক মূলধনৰ প্ৰয়োজন নহয় ৷ আন ঘৰচীয়া জন্তুতকৈ কম কষ্ট আৰু কম খৰচতেই ছাগলী পালন কৰিব পাৰি৷
২)সৰু শাৰীৰিক গঠন আৰু শান্ত স্বভাবৰ বাবে পৰিয়ালৰ যি কোনো মানুহে সহজেই ৮-১০ জনী চোৱা মেলা কৰিব পাৰি ৷
৩)হজম শক্তি প্ৰচুৰ হোৱা বাবে ছাগলীয়ে গছৰ পাত, ঘাহঁ-বন আদিৰ উপৰিও গছৰ ঠানি, ফুল, ফল, আদি খায় জীয়াই থাকিব পাৰে ৷
৪)ছাগলীৰ ঘৰ অতি সাধাৰণ ভাবেই সাজি উলিয়াব পাৰি ৷ আকাৰ সৰু হোৱা বাবে ৰাখিবলৈ কম ঠাইৰ আৱশ্যক হয় ৷
৫)মাংস আৰু গাখীৰ দুয়োটাৰ বাবে ছাগলী পোহা হয় ৷
৬)ছাগলীয়ে সকলো ধৰণৰ জলবায়ুৰ লগত খাপ খাব পাৰে আৰু ইহঁতৰ বেমাৰ- আজাৰো কম৷
কেইটামান ভাৰতীয় ছাগলীৰ জাত
অসমৰ থলুৱা জাত (Assam Local) :
অসমৰ থলুৱা জাতৰ ছাগলী মাংসৰ বাবে পোহা হয়৷ ৬-১২ মাহৰ ভিতৰত প্ৰজননৰ ক্ষমতা প্ৰাপ্ত হোৱা দেখা যায় ৷ ইহঁতৰ দুটা বা ততোধিক পোৱালী দিয়াৰ ক্ষমতা আছে ৷ গাৰ গঠন সৰু যদিও এবছৰ বয়সত প্ৰায় ১৪ কিলোগ্ৰাম ওজনৰ হয়৷ এই ছাগলী বোৰ অসমৰ জলবায়ুৰ সৈতে সুন্দৰ ভাৱে খাপ খোৱা দেখা যায় ৷
বিটাল (Beetal):
পাঞ্জাৱ আৰু হাৰিয়ানাৰ এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগত সহজে খাপ খাব পাৰে ৷বিটাল ছাগলী মাংস আৰু গাখীৰ দুয়োৰে বাবে পোহা হয় ৷ ইহঁতৰ ওজন প্ৰায় ২১ কিলোগ্ৰাম হয় আৰু প্ৰতিদিনে ৫০০-৮০০ মিলিলিটাৰ গাখীৰ দিয়াৰ সামৰ্থ্য আছে৷
বাৰবাৰী (Barbari) : বাৰবাৰী ছাগলী উত্তৰ প্ৰদেশত পোৱা যায়৷ এই ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবে পোহা হয় ৷ গাৰ গঠন সৰু আৰু এবছৰত প্ৰায় ১৫ কিলোগ্ৰাম ওজনৰ হয় ৷ বাৰবাৰী ছাগলীয়ে ৭০০-১৩০০ মিলিলিটাৰ গাখীৰ দিব পাৰে৷
যমুনাপাৰী (Jamunapari): ভাৰতবৰ্ষৰ সবাতোকৈ জনপ্ৰিয় এইজাতৰ ছাগলীয়ে দৈনিক ১৫০০ মিলিলিটাৰ গাখীৰ দিব পাৰে ৷ যমুনাপাৰী ছাগলী উত্তৰ প্ৰদেশ আৰু বিহাৰত পোৱা যায় ৷ ইহঁতে এবাৰত এটাহে পোৱালী দিয়ে ৷ এবছৰত প্ৰায় ২৯ কিলোগ্ৰাম ওজনৰ হয় ৷এই ছাগলী বোৰ মুকলিকৈ চৰি-ফুৰি সোনকালে ডাঙৰ হয় ৷
বৰ্ণসঙ্কৰ ছাগলী (Crossbred Goats): কোনো সম্পৰ্ক নথকা দুটা জাতৰ ছাগলীৰ প্ৰজননৰ ফলত উৎপাদিত পোৱালীবোৰক বৰ্ণসঙ্কৰ ছাগলী বোলা হয় ৷ এই পদ্ধতিৰ সহায়ত উচ্চ্ক্ষমতা সম্পন্ন চৰিত্ৰ একত্ৰিত কৰি ভৱিষ্যত প্ৰজন্মত উৎপাদন বঢ়াব পাৰি ৷
কিন্তু অসমৰ থলুৱা জাতৰ ছাগলীত অকল গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে-অসমৰ থলুৱা জাতৰ মাইকী ছাগলীৰ লগত যমুনাপাৰী জাতৰ মতা ছাগলীৰ প্ৰজনন আৰু তাৰপৰা উৎপাদিত বৰ্ণসঙ্কৰ পোৱালীৰ মাজত প্ৰজনন কৰাব লাগে৷
Share your comments