1. পশুপালন

Goats For Assam : অসমৰ জলবায়ু উপযোগী কেইটামান উন্নত ছাগলীৰ জাত

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Some Improved Breeds of Goats For Assam
Some Improved Breeds of Goats For Assam

ছাগলী পালন বৰ্তমান সময়ত এটা লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। কাৰণ বজাৰত ছাগলী মাংসৰ অধিক। ইয়াৰ মূলতে ই জাতি-বৰ্ণ নিৰ্বিশেষ সকলোৱে ইয়াৰ মাংস গ্ৰহণ কৰে। গ্ৰামাঞ্চলৰ গৃহিনীসকলে এই কামটো কৰি লাভান্বিত হ’ব পাৰে। কাৰণ অসমত পৰ্যাপ্ত পৰিমানে ছাগলীৰ কাৰণে চৰণীয়া পথাৰ আছে।এই চৰণীয়া পথাৰসমূহত ছাগলী পুহি এটা ভাল উপাৰ্জন কৰিব পাৰে গ্ৰাম্য মহিলাসকলে। কিন্তু ছাগলীৰ কিছুমান জাত আছে যিবোৰ পুহিল সোণকালে লাভান্বিত হ'ব। তেনে কিছুমান ছাগলীৰ উন্নত জাতৰ বিষয়ে এই লেখাটোত আলোচনা কৰিম।

অসমৰ থলুৱা ছাগলী জাত (Assam hill goat)

এই জাতটোৰ ছাগলী সাধাৰণতে মাংসৰ  বাবে পোহা হয়। প্ৰথম প্ৰজনন  ক্ষমতা ৬-৭ মাহৰ ভিতৰত দেখা যায়। ইহঁতে এবাৰত দুটা বা তাতোধিক পোৱালী জন্ম দিয়ে। গাৰ গঠন সৰু যদিয়ো এবছৰ বয়সতে প্ৰায় ১৪ কেজি ওজনৰ হয়।

বাৰবাৰী ( Barbari)

উত্তৰ-প্ৰদেশৰ এই জাতৰ ছাগলীবোৰ মাংস আৰু গাখীৰ দুয়োটাৰ বাবেই পোহা হয়। এদিনত ইহঁতে ০.৭-১.৩ লিটাৰকৈ গাখীংৰ দিব পাৰে।

বিটাল ( Beetal)

পাঞ্জাৱ-হাৰিয়ানাত পোৱা এই জাতৰ ছাগলীয়ে অসমৰ জলবায়ুৰ লগতো সহজে মিলি যাব পাৰে। ইহঁতৰ ওজন এবচৰ বয়সত ২১ কেজি পৰ্যন্ত হয়। প্ৰতিদিনে ইহঁতে আধালিটাৰ পৰা্ ৮০০ গাম পৰ্যন্ত গাখীৰ দিমব পাৰে। ইহঁতৰ কিছুমান বৈশিষ্ট্য এনেধৰণৰ-

  • ভাৰতৰ যিকোনো কৃষি জলবায়ুৰ অৱস্থাৰ লগত মিলি যাব পাৰে।
  • বীটল ছাগলী ডাঙৰ আৰু দীঘল আকাৰৰ ভাৰতৰ যমুনাপাৰী ছাগলীৰ পিছতে দ্বিতীয় স্থানত থাকে বিটল।
  • বেছিভাগ বিটাল ছাগলীৰ ৰং ৰঙা বা সোণালী বাদামী আৰু বগা দাগ থাকে।
  • সাধাৰণতে বীটল ছাগলীৰ ভৰি দুখন দীঘল, কাণ ওলমি থাকে আৰু ঠেং চুটি আৰু পাতল।
  • মতা ছাগলীৰ দাড়ি থাকে আনহাতে মাইকী দাড়িবিহীন।
  • এবছৰত বীটল ছাগলীয়ে দুটা পোৱালী দিয়ে।
  • আৰু ইহঁতৰ বৃদ্ধি তুলনামূলকভাৱে আন ছাগলীতকৈ দ্ৰুত

যমুনাপাৰী (Jamunapari)

গাখীৰ বাবে জনপ্ৰিয় এই জা্তটোৰ ছাগলীয়ে এদিমনত ডেৰলিটাৰ গাখীৰ দিব পাৰে। ইহঁতে এবাৰত এটা পুোৱালী জন্ম দিয়ে। আৰু এবছৰ বয়সত ওজন প্ৰায় ২৯ কেজি পৰ্যন্ত হয়। সম্প্ৰতি অসমতো এই ছাগলীৰ জাতটো পালন কৰি ভাল ফল পাবলৈ সক্ষম হৈছে ছাগলী পালকসকল।

বৰ্ণসংকৰ ছাগলী (Cross-bred Goat)

যেতিয়া কোনো সম্পৰ্ক নথকা কোনো দুটা বেলেগ জাতৰ ছাগলী  প্ৰজনন কৰা হয়, তাৰ পৰা জন্ম হোৱা পোৱালীক বৰ্ণসংকৰ বোলে। এই পদ্ধতিৰে উচ্চক্ষমতা সম্পন্ন চৰিত্ৰসমূহক একত্ৰিত কৰি প্ৰজনন আৰু উতপাদন দুয়োটাই বঢ়াব পাৰি।

লগতে পঢ়ক- 

khaki Campbell : ঘৰৰ ওচৰৰ পুখুৰী বা জান-জুৰিত এশজনী খাকী কেম্ববেল হাঁহ পোহক

English Summary: Some Improved Breeds of Goats For Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.