1. পশুপালন

হাতী-মানুহৰ সংঘাত প্ৰতিহত কৰিবলৈ অসমত প্ৰকল্প RE-HAB

KJ Staff
KJ Staff
RE_HAB
RE_HAB

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC)ৰ উদ্যোগত আৰু বন বিভাগৰ সহযোগত হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ লক্ষ্যৰে অসমত পোন প্ৰথম বাৰৰ বাবে RE-HAB নামে এটা প্ৰকল্প আৰম্ভ কৰিছে । RE-HAB ৰ অৰ্থ হৈছে Reducing Elephant-Human Attacking Using Bees অৰ্থাৎ মৌমাখি ব্যৱহাৰ কৰি হাতী-মানুহৰ সংঘাত হ্ৰাস কৰা । এই প্ৰকল্প ব্যৱহাৰ কৰি কৰ্ণাটকত সফল হোৱাৰ পিছত অসমতো মৌ-মাখি ব্যৱহাৰ কৰি হাতী-মানুহৰ মাজত সৃষ্টি হোৱা সংঘাত প্ৰতিহত কৰিবলৈ এনে প্ৰকৃতিক ব্যৱস্হাৰ পৰিকল্পনা কৰা হৈছে ।

 

প্ৰকল্প RE-HAB হৈছে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC) ৰ ৰাষ্ট্ৰীয় মৌ অভিযানৰ এক উপ-অভিযান । খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC) কয় যে অসমৰ মৰিয়নি আৰু দহিকতা গাৱঁত এই প্ৰকল্প আৰম্ভ হ’ব । গাওঁখনত ৩৩০ টা অন্তৰ্নিহিত মৌমাখিৰ বাকচ ৰখা হ’ব । বাকচবোৰ গাওঁবোৰৰ হাতী আক্ৰমণৰ দ্বাৰা প্ৰভাৱিত হোৱা ৩৩ জন কৃষক আৰু শিক্ষিত যুৱক KVIC দ্বাৰা যোগান ধৰাৰ লগতে তেওঁলোকক পৰ্যাপ্ত প্ৰশিক্ষণৰ ব্যৱস্হা কৰিব । উল্লেখ্য যে, উপৰোক্ত গাওঁসমূহত হাতীৰ উপদ্ৰৱ ইমানেই বেছি যে কেইবছৰমানৰ পৰা গাওঁবাসীয়ে হাতীৰ আক্ৰমণৰ আশংকাত তেওঁলোকে খেতি কৰা বন্ধ কৰি দিছিল ।

 

বৈজ্ঞানিকভাৱে প্ৰমানিত যে, হাতী মৌ মাখিৰ দ্বাৰা বিৰক্ত হয় । হাতীয়ে এইটোও আশংকা কৰে মৌমাখিৰ জাকবোৰে তেওঁলোকৰ শুঁড় আৰু চকুৰ সংবেদনশীল ভিতৰৰ ফালটো কামুৰিব পাৰে । মৌমাখিৰ সামূহিক গুঞ্জন হাতীৰ বাবে বিৰক্তিকৰ যি হাতীবোৰক ঘূৰি আহিবলৈ বাধ্য কৰে ।

Project RE-HAB
Project RE-HAB

সাধাৰণতে গাওঁবোৰত ধান, লিচু আৰু কঁঠালৰ প্ৰচুৰ উৎপাদন হয় যি হাতীক আকৰ্ষিত কৰে । সেয়েহে মৌ মাখিৰ বাকচবোৰ হাতী গাওঁবোৰলৈ প্ৰবেশ কৰিব পৰা পথসমূহত এটা সূতাৰ সৈতে সংযোজিত কৰা হ’ব । যেতিয়া হাতীয়ে সেই পথেদি যাবলৈ চেষ্টা কৰে তেতিয়া সূতাত টান লাগে, যাৰ ফলত মৌ মাখি জাকবোৰে হাতীলৈ আক্ৰমণাত্মক হৈ পৰে । হাতীৰ ওপৰত মৌমাখিৰ প্ৰভাৱ আৰু এই অঞ্চলবোৰত তেওঁলোকৰ আচৰণ নথিভুক্ত কৰিবলৈ কৌশলগত স্হানত উচ্চ ৰিজলিউশ্বন, নাইট-ভিজন কেমেৰা স্থাপন কৰা হ’ব । উল্লেখ্য যে, হাতী-মানুহৰ সংঘাত হোৱা অসমৰ আন এটা অতি বেছি স্পৰ্শকাতৰস ঠাই গোৱালপাৰা জিলাৰ মৰ্নোই গাঁৱত শুকুৰবাৰে KVIC য়ে RE-HAB প্ৰকল্পৰ শুভাৰম্ভ কৰে ।

খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষ ভি কে চাক্সেনাই কয় যে, কৰ্ণাটকত প্ৰকল্প RE-HAB যথেষ্ট সফল হৈছে, ইয়াক অধিক দক্ষতা আৰু উন্নত কাৰিকৰী জ্ঞানেৰে অসমত আৰম্ভ কৰা হৈছে । অনাগত সময়ত অসমতো হাতীৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰি গাওঁবাসীসক তেওঁলোকৰ খেতিপথাৰলৈ ঘূৰাই আনিবলৈ পাৰিব বুলি তেওঁ যথেষ্ট আশাবাদী । লগতে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC) য়ে কৃষকসকলক বিতৰণ কৰা মৌ-মাখিৰ বাকচবোৰে মৌপালনৰ জৰিয়তে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিববুলি তেওঁ উল্লেখ কৰে ।

 

মন কৰিবলগীয়া যে, ঘন অৰণ্যৰ দ্বাৰা আৱৰি থকা অসমৰ এটা বৃহৎ অংশ হাতীৰ দ্বাৰা আক্ৰান্ত হয় । ২০১৪ ৰ পৰা ২০১৯ ৰ ভিতৰত হাতীৰ আক্ৰমণৰ ফলত ৩৩২ জন মানুহৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

 

খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC) যে প্ৰকল্প RE-HAB ৰ য়ে বিগত ৬ মাহত হাতীৰ আক্ৰমণ ৭০ শতাংশতকৈও অধিক হ্ৰাস কৰিছে বুলি দাবী কৰে । এক তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০২০ চনলৈ দেশত হাতীৰ আক্ৰমণত প্ৰায় ২,৫০০ লোকে প্ৰাণ হেৰুৱাইছে । ইয়াৰ বিপৰীতে, এই সংখ্যাৰ প্ৰায় এক-পঞ্চমাংশ, অৰ্থাৎ যোৱা পাঁচ বছৰত মানুহৰ প্ৰতিশোধ স্বৰূপে প্ৰায় ৫০০ হাতীৰো মৃত্যু হৈছে । এনে প্ৰেক্ষাপতত প্ৰকল্প RE-HAB কাৰ্যকৰী হলে জীৱ-জন্তুৰ কোনো ক্ষতি নকৰাকৈ মানৱ-বন্যপ্ৰাণীৰ সংঘাত হ্ৰাস কৰাৰ এক উৎকৃষ্টতম উপায় হিচাপে বিবেচিত হ’ব পাৰে ।

লগতে পঢ়কঃ https://asomiya.krishijagran.com/farm-mechanization/best-agri-machinery-for-modern-farming/

English Summary: Project RE_HAB in Assam

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.