কুকুৰাৰ মাংসৰ ভিতৰত ব্ৰ’য়লাৰ সকলোতকৈ জনপ্রিয়। বহু ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে ব্ৰ’য়লাৰ কুকৰাৰ উৎপাদনৰ বাবে কৃষকসকলৰ লগত চুক্তি স্থাপন কৰিছে। গতিকে আজিকালি বজাৰকৰণৰ সমস্যা নাই। ব্ৰ’য়লাৰ হ’ল মূলতে ৮ সপ্তাহৰ ভিতৰত ডেৰ কিলোগ্ৰামৰ পৰা দুই কিলোগ্ৰাম ওজন প্ৰাপ্ত হ’ব পৰা কম বয়সীয়া কোমল মাংসৰ কুকৰা।
উৎকৃষ্ট পৰিচালন ব্যৱস্থাপনা
- প’ল্ট্ৰি পামৰ তাপমাত্রাঃ প্রথম সপ্তাহত ৯৫ ডিগ্রিত ফা.ত বেছ আৰামদায়ক আৰু প্রত্যেক সপ্তাহত ৫ ডিগ্রি ফা.হাৰত কমাই ষষ্ট সপ্তাহলৈকে ইয়াৰ তাপমাত্রা ৭০ডিগ্রি ফা.লৈকে কৰা হয়।
- বায়ু চলাচলঃ বায়ু চলাচল ভাল হোৱা উচিত, কুকৰাৰ শ্বাস-প্রশ্বাস সঠিকভাবে চলিবলৈ নিয়মিত ভাবে এম’নিয়া দুৰ কৰিব লাগে।
- পোহৰৰ ব্যৱস্থাঃ ২০০ বর্গফুট মজিয়াৰ বাবে ৬০ ওয়াটৰ বাল্বৰ প্রয়োজন।
- প্রয়োজনীয় স্থানঃ প্রত্যেকটো কুকুৰাৰ বাবে ১ বর্গফুট ঠাইৰ প্রয়োজন।
- ডি-বীকিং: এদিনায়া পোৱালিৰ ডি- বীকিং কৰা হয়।
ব্ৰ’য়লাৰৰ স্বাস্থ্যৰ পৰিচার্য্য
- ৰোগ বিহীন কুকৰাৰে আৰম্ভ কৰিব লাগে।
- মাৰেক ৰোগৰ প্ৰতিষেধক চিটা হেচ্চাৰিতে দিব লাগে।
- RDVF1 ভেকচিন-৪-৫ দিনত দিব লাগে।
- দানাত ককছিডিঅ’ছিছ প্রতিৰোধক ঔষধ দিব লাগে।
- কুকৰাৰ দানা আফলাট’ক্সিছ মুক্ত ৰাখিব লাগে।
- প্রত্যেক উৎপাদন চক্ৰৰ পিছত মজিয়া অন্ততঃ ৩ ইঞ্চি ডাঠ পৰিষ্কাৰ লিটাৰৰ দ্বাৰা ঢাকি ৰাখিব লাগে।
বজাৰকৰণ:
- ৬ৰ পৰা ৮ সপ্তাহ বয়সীয়া কুকুৰা বিক্ৰীৰ বাবে উপযোগী।
- কুকৰা ধৰাৰ সময়ত কোনো ধৰনৰ আঘাত নেলাগিবৰ বাবে দানা আৰু পানীৰ পাত্র আতঁৰাই ৰখা হয়।
- পৰিবহন কালত প্ৰতিকূল জলবায়ুৰ পৰা ৰক্ষা কৰিব লাগে।
প’ল্ট্ৰি বা প’ল্ট্ৰিজাত পন্যৰ ব্যৱসায়ৰ লগত যুক্ত কিছুমান ব্যাক্তিগত কোম্পানি হ’ল- চগুনা, কোয়িম্বাট’ৰ,ভি.এইচ.এল,পুনে, পায়োনিয়াৰ, ব্রুমার্ক ইত্যাদি।
নিম্নলিখিত বিস্তাৰিত তথ্যসমূহ
- উত্তম প্রজাতিৰ কুকুৰাৰ সহজলভ্যতা
- প’ল্ট্ৰিপামৰ ঘৰৰ প্রয়োজনীয়তা আৰু নির্মান
- কুকৰাক সঠিক পদ্ধতিত খুওৱা
- স্বাস্হ্যবান কুকুৰাৰ উত্পাদন আদিৰ বাবে
অনুগ্রহ কৰি নিকটৱর্তী পশু চিকিত্সা কেন্দ্র অথবা কৃষি বিভাগৰ লগত যোগাযোগ কৰক।
উৎস: আইএনডিজি দল (বিকাশপেডিয়া)
Share your comments