
মিছামাছৰ প্ৰতি সমগ্ৰ বিশ্বৰ খাদ্যৰসিকসকলৰ আছে এক অন্য আকৰ্ষণ । পূৰ্বতকৈ আজিকালি ইয়াৰ চাহিদা বৃদ্ধি বাঢ়িছে। কাৰণ ই দেখাৰ খাবলৈয়ো অতি লোভনীয়।

মিছামাছৰ চাহিদা প্ৰতি লক্ষ্য ৰাখি ইয়াক পালন কৰা আৰু ইয়াৰ ব্যৱসায়েৰেও প্ৰসাৰতা লাভ কৰিছে। মিছামাছৰ পালন আৰু ইয়াৰ ব্যৱসায় লাভজনক হিচাপে চিহ্নিত হৈছে। অসমৰ খালে-বিলে মিছামাছ দেখিবলৈ পোৱা যায়।

বৰ্তমানেও অসমৰ মীনপালকে অন্য মাছপালন কৰাৰ দৰে মিছামাছ পালন কৰা দেখা নাযায়। কিন্তু এই মিছামাছ পালনৰ পৰাও মীনপালকসকলে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰে।

মিছামাছ পালনৰ বাবে পুখুৰীৰ পানীৰ গভীৰতা নিৰ্ভৰ কৰে মিছামাছৰ প্ৰজাতিৰ ওপৰত। মিছা মাছৰ বাবে পৰিস্কাৰ পানীৰ পুখুৰীৰ প্ৰয়োজন আৰু পানীৰ উষ্ণতা ২৫ ডিগ্ৰী চেলছিয়াছৰ পৰা ৩০ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত হ’ব লাগে।

মিছামাছ পালন কৰি বিক্ৰিব পৰা হয় ১২০ৰ পৰা ১৫০ দিনত ভিতৰত। প্ৰতি হেক্টৰত ২০ৰ পৰা ৩০ লাখ টকা উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- মিছামাছৰ উন্নত জাত আৰু যতন।
লগতে পঢ়ক-
Share your comments