1. পশুপালন

PMMSY Update 2022: মীন পালনৰ বাবে ৩ লাখ টকা ঋণ, ১৫ ফ্ৰেব্ৰুৱাৰীৰ পূৰ্বে কৰক আবেদন

KJ Staff
KJ Staff
PMMSY Update 2022
PMMSY Update 2022

কৃষকসকলৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (Pradhan Mantri Matsya Sampada Yojana) আৰম্ভ কৰিছিল । এই আঁচনিৰ অধীনত, মাছ খেতিয়ক সকলক বিভিন্ন ধৰণৰ সুবিধা যেনে বেংক ঋণ, বীমা আদি প্ৰদান কৰা হয়।

ইতিমধ্যে PMMSY আঁচনিখনত আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে । যদি আপুনিও এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিব বিচাৰে তেন্তে সোনকালেই কৰিব পাৰে আবেদন । আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে ১৫ফেব্ৰুৱাৰী, ২০২২।

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা কি (What is Pradhan Mantri Matsya Sampada Yojna)

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (PMMSY) হৈছে ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালিত এক আঁচনি, যাৰ উদ্দেশ্য হৈছে মীন ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লগতে তেওঁলোকৰ জীৱনধাৰণৰ মানদণ্ড উন্নত কৰা।

কোনে সুবিধা ল'ব পাৰে (Who Can Take Advantage) ?

PMMSY আঁচনিৰ অধীনত, চৰকাৰে মীন পালনক ৩ লাখ টকাৰ ঋণ প্ৰদান কৰি আছে । এই আঁচনিৰ লাভালাভ মাছ বিক্ৰেতা, মাছ শ্ৰমিক, মাছ খেতিয়ক উৎপাদক সংগঠন, মীন সমবায়, উদ্যোগী আৰু ব্যক্তিগত প্ৰতিষ্ঠান, স্ব-সহায়ক গোট, মীন পালন সংস্থা, মীন পালন উন্নয়ন নিগম আৰু মীন পালন খণ্ডত কাম কৰা লোকসকলে লাভ কৰিব পাৰে।

Cat Fish Farming
Cat Fish Farming

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাত আবেদন প্ৰক্ৰিয়া (Application Process in Pradhan Mantri Matsya Sampada Yojna)

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাত অনলাইন আবেদন কৰিবলৈ, আপুনি ইয়াৰ অফিচিয়েল ৱেবছাইট https://pmmsy.dof.gov.in/ চাব লাগিব ।

প্ৰয়োজনীয় নথিপত্ৰ (Required Document)

  • আধাৰ কাৰ্ড (Adhar Card)

  • মীন পালন কাৰ্ড

  • বাসস্থানৰ প্ৰমাণপত্ৰ (Domical Certificate)

  • মোবাইল নম্বৰ (Mobile Number)

  • বেঙ্ক একাউণ্টৰ বিৱৰণ (Bank Account Details)

  • আবেদনকাৰীৰ জাতিৰ প্ৰমাণপত্ৰ (Caste Certificate)

লগতে পঢ়কঃ কৃত্ৰিম প্ৰজনন কৰাই অধিক লাভবান হ’ব পাৰে পশুপালক সকল, অধিক তথ্যৰ বাবে পঢ়ক

English Summary: PMMSY Update 2022

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.