
খানাপাৰত ২৬ নৱেম্বৰত ভাৰত চৰকাৰৰ দুগ্ধ মন্ত্ৰালয়ৰ উদ্যোগত অসমত 'ৰাষ্ট্ৰীয় দুগ্ধ দিৱস' উদযাপনৰ প্ৰস্তুতি চলিছে। দেশত দুগ্ধ উৎপাদন বৃদ্ধিৰ ভিজন ত্বৰান্বিত কৰা তথা গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা আৰু পুষ্টিকৰ গুণসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰিবলৈ প্ৰতি বছৰে ২৬ নৱেম্বৰ তাৰিখে "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস" উদযাপন কৰি অহা হৈছে।
ভাৰতৰ "শ্বেত বিপ্লৱ"ৰ পিতৃপুৰুষ হিচাপে খ্যাত ড° ভাৰ্গিজ কুৰিয়েনৰ জন্মজয়ন্তী উপলক্ষে প্ৰতিবছৰে ২৬ নৱেম্বৰত উদযাপন কৰি অহা "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস" এইবাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব। হৈছে।
লগতে পঢ়ক-
MFOI-2023 মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয়মন্ত্ৰী নীতিন গাডকাৰী
এই বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ গো-পালকসকল তথা দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিসকলৰ উপস্থিতিত গুৱাহাটীত "ৰাষ্ট্ৰীয় দুগ্ধ দিৱস"ৰ মুখ্য কেন্দ্ৰীয় অনুষ্ঠানটো উদযাপন কৰা হ'ব। কৃষিমন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় দুগ্ধ দিৱসত ৯ গৰাকী প্ৰগতিশীল পশুপালকক ৰাষ্ট্ৰীয় গোপালৰত্ন বঁটা প্ৰদান কৰিব।
বৃহস্বাপতিবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই অনুষ্ঠানটি সফল কৰি তোলাৰ লক্ষ্যৰে বৃহস্পতিবাৰে খানাপাৰাৰ অনুষ্ঠানস্থলী পৰিদৰ্শন কৰি সামগ্ৰিক প্ৰস্তুতিৰ সবিশেষ বুজ লয় কৃষিমন্ত্ৰী অতুল বৰাই। পৰিদৰ্শনকালত কৃষিমন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জাভিৰ ৰাহুল সুৰেশ প্ৰমুখ্যে বিভাগৰ অন্যান্য বিষয়াসকল।
লগতে পঢ়ক-
Share your comments