1. পশুপালন

শূন্য বাজেটেৰে শূন্য পৰিশ্ৰমেৰে কৃষিভূমিৰ চাৰিসীমাতে ৰোপন কৰক এইবোৰ ঘাঁহ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Napier grass farming Easy process & its benefit
Napier grass farming Easy process & its benefit

আমাৰ পাঠকসকলক, আজি ঘৰৰ বাৰীখনত বা অন্য শস্যৰ লগতে কেনেকৈ ঘাঁহ ৰোপন কৰি গৰু-ছাগলীকেইটাক ঘাঁহৰ যোগান ধৰিব পাৰিব সেই বিষয়ে জনাম। আমাৰ আমাৰ অধিকাংশ কৃষকৰে গৰু-ছাগলী আছে। কিন্তু গৰু-ছাগলীসমূহৰ চৰণীয়াভূমি দিনক দিনে কমি আহিছে। এই চৰণীয়া ভূমিসমূহ কমি অহাৰ ফলত গৰু-ছাগলীসমূহ পালন কৰাত অসুবিধাৰ সন্মুখীন হৈছে আমাৰ কৃষকসকল। এই সমস্যাতো পাঞ্জাৱ-হাৰিয়াৰ দৰে ৰাজ্যৰ কৃষকসকলৰ মাজত বহু দশক পূৰ্বেই হৈছিল। আৰু তেওঁলোকে এই সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি অন্য খেতিৰ লগতে ঘাঁহ খেতিও কৰিবলৈ আৰম্ভ কৰে।

আমাৰ অসমতো শেহতীয়াকৈ দুই এজন কৃষকৰ মাজত ঘাঁহ খেতি কৰা প্ৰৱণতা এটা দেখিবলৈ পোৱা গৈছে। কিন্তু সেয়া মুষ্টিমেয় কেইজনমান কৃষকৰ মাজতে আবদ্ধ হৈ আছে। কিন্তু এনেদৰে বাকৰি মাটি এডোখৰত ঘাঁহৰ খেতি কৰি ললে বিভিন্ন দিশত উপকৃত হ’ব আমাৰ কৃষকসকল।

নেপিয়াৰ ঘাঁহ :

কেইবা ঋতুজোৰা নেপিয়াৰ, অসমৰ কৃষি জলবায়ুৰ সৈতে খাপ্ খোৱা এবিধ অতি উত্ত্ম ঘাঁহ। ইয়াক বৰষুণপুষ্ট মাটি এডোখৰত দুই তিনিটা গাঁঠিযুক্ত পূৰঠ গাগছ ৰোপণৰ পদ্ধতিৰে ৰোৱা হয়। গাঁঠিবোৰ দুফুট আঁতৰৰ শাৰীত প্ৰতিজোপা নেপিয়াৰ ঘাঁহ ডেৰ ফুটৰ পৰা ২ ফুট অন্তৰত ৰুব লাগে। হাইব্ৰিড নেপিয়াৰ ঘাঁহৰ উৎপাদন বিঘাই প্ৰতি ১০-১২ টন সেউজীয়া ঘাঁহ।

লগতে পঢ়ক- 

মাছক Horlicks খুৱাই বছৰি ৫,০০০ কেজি মৎস্য উৎপাদন উত্তম মন্ডলৰ

 

গিনি ঘাঁহ :

গিনি ঘাঁহ ওখ কিন্তু বৰষুণপুষ্ট মাটিত কৰা হয়। ইয়াক তিনিফুট আঁতৰে আঁতৰে লাইন কৰি তিনিফুট ব্যৱধানত (প্ৰতিটো শাৰীত) দুই তিনিটাকৈ শিপাযুক্ত মূল, ধানৰ কঠিয়া ৰোৱাদি ৰুব লাগে। এই ঘাঁহ ছমাহ পিছৰ পৰা প্ৰতি মাহত কাটিব পৰা হয়। গিনি ঘাঁহৰ উৎপাদন ক্ষমতা নেপিয়াৰৰ সদৃশ।

ৰীণা ঘাঁহ :

মাটিত সহজে খোপনি পুতি লহপহীয়াকৈ বাঢ়ি আহিব পৰা ক্ষমতাৰ এইবিধ ঘাঁহে শেহতীয়াকৈ পশুপালকসকলৰ ব্যাপক সঁহাৰি পাইছে। গাঢ় সেউজ বৰণৰ এই বিধ ঘাঁহ অতি ওখ হয়। (৬-৮ ফুট) বিঘাই প্ৰতি ৮৫০০ গ্ৰাম বীজৰ দৰকাৰ।

উৎপাদন ক্ষমতা: বিঘাই প্ৰতি ৬-৭ টন সেউজীয়া ঘাঁহ।

ওটচ :

গো পালক সকলে সচৰাচৰ জাৰকালি ঘাঁহৰ অভাৱত জুৰলা হয়। তেওঁলোকক বিশেষ সকাঁহ দিয়াৰ বাবে নবেম্বৰ মাহত এই ঘাঁহৰ ৰোপণ অতি প্ৰয়োজনীয়।

এই ঘাঁহৰ খেতিসমূহ আমাৰ কৃষকসকলে নিৰ্দিষ্ট কৃষিভূমিত নকৰিলেও কৃষিভূমিৰ চাৰিসীমাত ইয়াৰ খেতি কৰিব পাৰে। খুব কম খৰচতে আৰু কোনো যত্ন নোলোৱাকৈ ইয়াৰ ইয়াৰ খেতি কৰিব পাৰে আমাৰ কৃষকসকলে। এবাৰ লগাই ললে দীৰ্ঘদিনলৈ পশুসমহূক ঘাঁহৰ যোগান ধৰিব পাৰিব আমাৰ কৃষকসকলে। আৰু নিজে নিজ বংশবৃদ্ধিও হয়।

লগতে পঢ়ক- 

Grass : পোহনীয়া জন্তুকেইটাৰ বাবে এডৰা মাটিতে কেনেকৈ কৰিব ঘাঁহৰ খেতি!

English Summary: Napier grass farming Easy process & its benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.