1. পশুপালন

khaki Campbell : ঘৰৰ ওচৰৰ পুখুৰী বা জান-জুৰিত এশজনী খাকী কেম্ববেল হাঁহ পোহক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
khaki Campbell Duck Farming
khaki Campbell Duck Farming

অসমৰ জলবায়ু হাঁহপালনৰ উপযোগী বুলি কোৱা হয়। আমাৰ স্থানীয় জাতৰ হাঁহ অধিক উতপাদনশীল নহয়। কিন্তু গৱেষণাৰ পৰা দেখা গৈছে যে খাকী কেম্বেল হাঁহ আমাৰ পৰিৱেশতো বছৰি ২০০-৩০০ টাকৈ কণী পাৰিব পাৰে। বৰ্তমান বহু প্ৰগতিশীল পশুপালকে বাহিৰৰ পৰা খাকী কেম্পৱেল হাঁহ আনি পালল কৰা দেখা গৈছে।

খাকী কেম্ববেল হাঁহৰ মূৰ আৰু ডিঙি উগ্ৰ খাকী ৰঙৰ হয়। পাখিবোৰ সাধাৰণ খাকী ৰঙৰ। মাইকী হাঁহ এজনীৰ ওজন ২ কেজিৰ পৰা ২ কেজি ২০০ গ্ৰাম ওজনৰ হয়। মতা হাঁহ এটাৰ ওজন ২ কেজি ২০০ গ্ৰামৰ পৰা ২ কেজি ৪০০ গ্ৰাম পৰ্যন্ত হয়। খাকী কেম্বৱেল হাঁহৰ কণী  ৮-১০ টা আনি ওমনিত বা কুকুৰাৰ দ্বাৰা ওমনি দিয়াব পাৰি। সিহঁতক ভালদৰে প্ৰতিপালন কৰি ডাঙৰ কৰি মূল হাঁহৰ জাক এটা গঢ়ি তুলিব পাৰি। ঘৰত থকা দেশী হাঁহৰ জাকৰ পৰা দেশী মতাবোৰক আঁতৰাই ৫ জনী হাঁহত এটাক মতা খাকী কেম্ববেল হাঁহ ৰাখিব লাগে। খাকী হাঁহৰ সংমিশ্ৰনৰ ফলত হোৱা হাঁহবোৰক  দোভচীয়া খাকী হাঁহ বুলি কোৱা হয়। এই সংমিশ্ৰণৰ ফলত সৃষ্টি হোৱা  হাঁহ পোৱালীবোৰ যেতিয়া ডাঙৰ হব, তেতিয়া তাৰ পৰা দেশী হাঁহবোৰ পৰ্যায়ক্ৰমে আঁতৰাই পেলাব লাগে। কিন্তু খাকী মতা হাঁহবোৰ ৰাখি থব লাগে। অৱশ্যে কণী উমনি দিবলৈ ৬ জনী মান দেশী হাঁহ ৰাখি থব লাগে। এনেদৰে দেশী হাঁহ জাকক খাকী কেম্ববেল হাঁহলৈ ৰূপান্তৰ কৰিব পাৰি। আৰু এনে দোভচীয়া খাকী হাঁহ জাকৰ পৰা পোৱালী জগাই হাঁহৰ সংখ্যাৰ লগতে কণীৰ উতপাদনো বঢ়াব পাৰি।

লগতে পঢ়ক- 

Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ

অসমৰ বহু কৃষকৰ ঘৰত পুখুৰী আছে, লগতে জান-জুৰিয়ো আছে। পুখুৰীসমহূৰ চাৰিওফালটো বেৰি মানে হাঁহ ওলাই যাব নোৱৰা কৰি বেৰা মাৰিব লাগে আৰু পুখুৰীতে এটা গঁড়াল বনাই হাঁহ পালন কৰিব পাৰে। হাঁহ পালন কামটো আমাৰ গ্ৰাম্য মহিলাসকলেও কৰিব পাৰে। ই এটা লাভজনক ব্যৱসায়। এজনী হাঁহে বছৰি ২০০ টা কণী পাৰে  তেন্তে বছৰি এজনী হাঁহৰ পৰা লাভ কৰিব ২ হাজাৰ টকা। তদুপৰি মাংসৰ বাবে হাঁহ এটা বা এজনী বিক্ৰি কৰিলে পাব ৫০০ টকা। এই হিচাপত এশজনী হাঁহৰ পৰা এগৰাকী হাঁহ পালকে ২ লাখ ৫০ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব।

লগতে পঢ়ক- 

3 Tips of Duck Farming : হাঁহ পালনৰ তিনিটা আধুনিক পদ্ধতি

English Summary: khaki Campbell Duck Farming Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.