1. পশুপালন

Karan fries cow Price & Benefit : কৰণ ফ্ৰাই বৈশিষ্ট্য আৰু দাম জানো আহঁক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Karan Fries Cow Price & Benefit
Karan Fries Cow Price & Benefit

হ’লষ্টেইন ফ্ৰিজিয়ান ষাঁড়ৰ লগত হাৰিয়ানাত পোৱা থাৰপাকাৰ প্ৰজাতিৰ গাইৰ কৃত্ৰিম প্ৰজনন ঘটাই কৰন ফ্ৰাই প্ৰজাতিটো পোৱা হৈছে। গাখীৰ উৎপাদন কম যদিও গৰম আৰু সেমেকা জলবায়ুত তিষ্ঠি থাকিব পাৰে বাবে থাৰপাকাৰ প্ৰজাতিটো ভাল মূল্যায়ন কৰা হয়।

প্ৰজাতিটোৰ বৈশিষ্ট্যসমূহ

গৰু বিলাকৰ গা, কপাল আৰু নেজৰ আগভাগত ক’লা আৰু বগা আঁক থাকে। কৰন ফ্ৰাই প্ৰজাতিটো অতিশয় শান্ত। দামুৰিবিলাক দমৰাৰ তুলনাত সোনকালে বয়সপ্ৰাপ্ত হয় আৰু ৩২-৩৪ মাহ বয়সৰ ভিতৰত গাভিনী হয়। গৰ্ভধাৰণ কাল প্ৰায় ২৮০ দিন। পোৱালি দিয়াৰ পিছত ৩ ৰ পৰা ৪ মাহৰ ভিতৰত পুনৰাই গাভিনী হয়, গতিকে থলুৱা গৰুৰ ক্ষেত্ৰত সাধাৰণতে পুনৰাই গাভিনী হ’বলৈ প্ৰয়োজন হোৱা ৫ মাহৰ তুলনাত ৩-৬ মাহ অধিক লাভদায়ক।

লগতে পঢ়ক- 

Foot and mouth disease :গৰু-ছাগলীৰ চবকা হ'লে এইকেইটা কাম কৰক

৩২০ দিনৰ গাখীৰতী অৱস্থাত কৰন ফ্ৰাই প্ৰজাতিৰ গাই গৰুৱে প্ৰতিষ্ঠানৰ পামত বছৰত গড়ে প্ৰায় ২,৭০০ ৰ পৰা ৩,৪০০ লিটাৰ, ৪৩ শতাংশ চৰ্বীযুক্ত গাখীৰ উৎপাদন কৰে। যথেষ্ট পৰিমানে সেউজীয়া ঘাঁহ আৰু সন্তুলিত ঘন দানা খোৱালে এই প্ৰজাতিটোৱে ভাল ফল দেখুৱায় আৰু দৈনিক ১৫-২০ লিটাৰ উৎপাদন কৰে (দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম)। গাখীৰ উৎপাদনৰ শীৰ্ষ কালত দৈনিক ২৫-৩৫ লিটাৰলৈকে গাখীৰ উৎপাদন পাব পৰা যায় (পোৱালি দিয়াৰ ৩-৪ মাহৰ পিছত)।

উচ্চ গাখীৰ দিয়াৰ প্ৰৱনতা থকা বাবে, অধিক গাখীৰ দিয়া গৰুৰ ওহাৰৰ সংক্ৰমিত হোৱাৰ (মেষ্টাইটিছ)আৰু খনিজ লৱনৰ অভাৱ সম্ভাৱনা থাকে যিটো সোনকালে ধৰা পেলাব পাৰিলে ভাল কৰিব পাৰি।


দামুৰিৰ দাম:

গাখীৰ উৎপাদনৰ ওপৰত ভিত্তি কৰি নতুনকৈ পোৱালি দিয়া গাইৰ দাম সাধাৰনতে ২০,০০০ টকাৰ পৰা ২৫,০০০ টকালৈকে হয়। 

লগতে পঢ়ক- 

Gir Gaai : এজনী গিৰ গাইৰ দাম কিমান, দৈনিক কিমান লিটাৰ গাখীৰ দিয়ে!

English Summary: Karan Fries Cow Price & Benefit

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.