1. পশুপালন

অধিক গাখীৰ উৎপাদনৰ বাবে থলুৱা জাতৰ গৰুৰ উন্নতিকৰন

KJ Staff
KJ Staff
Improvement of indigenous breeds of cows for higher milk production
Improvement of indigenous breeds of cows for higher milk production

দেশ তথা ৰাজ্যত গাখীৰ উৎপাদন বৃদ্ধি কৰিবলৈ আৰু অসমৰ মানুহক প্ৰয়োজনীয় জৈৱ প্ৰটিন যোগাবলৈ আমাৰ স্থানীয় গাই গৰু উচ্চ উৎপাদনক্ষম বিদেশী জাতৰ ষাড়ৰ লগত দোভচীয়া চেউৰী উৎপাদন কৰিলেহে সম্ভৱপৰ হব। এই উদ্দেশ্য আগত ৰাখি ভালেমান ইউৰোপীয়ান উন্নত জাতৰ গৰু আমাৰ দেশলৈ আমদানি কৰোৱা হয় আৰু কৃত্ৰিম পদ্ধতিৰে দিশৰ বিভিন্ন অঞ্চলত বৰ্ন-সংকৰ বা দোভচীয়া গাই উৎপাদনৰ কাম হাতত হয়।

অসমৰ থলুৱা জাতৰ গৰু

  • অসমৰ স্থানীয় গৰুবোৰ সৰু আৰু বিশেষ জাত হিচাপে গন্য কৰা নহয়।

  • মতা গৰুবোৰ অৱশ্যে বেছি কৰ্মঠ।

  • গাইবোৰৰ গাখীৰ দিয়া ক্ষমতা গড়ে আধা লিটাৰৰ পৰা দুই লিটাৰলৈ।

  • পূৰ্ন বয়স্ক একেটা গৰুৰ গাৰ ওজন ১৫০-২৫০ কি:গ্ৰা ।

বিদেশী উন্নত জাতৰ জাৰ্চী গৰু

  • জাৰ্চী জাতৰ গৰুবোৰ ইউৰোপ ইংলিছ চেনেলৰ জাৰ্চী দ্বীপৰ আদিম আধিবাসী।

  • ইহনতে গৰম জলবায়ু সহিব পাৰে।

  • জাৰ্চীগৰু আকাৰত বৰ ডাঙৰ নহয় বাবে প্ৰতিপালন কৰা বেছি কষ্ট নহয়।

  • প্ৰাপ্তবয়স্ক একোটা গাইৰ এজন ৪০০-৫০০ কি:গ্ৰা ।

  • ইহতৰ গাখীৰ দিয়া দিন প্ৰ্তি পিয়নত প্ৰায় ৩০০ দিন আৰি প্ৰ্তি দিনে ২০/২৫ লিটাৰ।

  • জাৰ্চী চেউৰীবোৰ কম বয়সত অৰ্থাৎ ১০/১১ মাহতে প্ৰজননক্ষম হৈ উঠে।

  • ইহতেঁ এটা পোৱালী দিয়াৰ পাছত আনটো পোৱালীলৈ ১৩/১৪ মাহ সময় লয়।

অসমৰ থলুৱা গৰুৰ গাখীৰ উৎপাদন গুন উন্নত কৰিবলৈ বিদেশী উচ্চ উৎপাদনক্ষম জাতৰ গৰু নিৰ্ব্বাচন

  • বিদেশী উন্নত জাতৰ গৰুবোৰৰ ভিতৰত জাৰ্চী জাতৰ গৰুৱে অসমৰ বাবে উপযোগী বুলি প্ৰমানিত হৈছে।

  • জাৰ্চী ষাড়ৰ দ্বাৰা থলুবা মাইকী গৰুৰ প্ৰজনন ঘটাই দোভচীয়া চেউৰী উৎপন্ন কৰা আমাৰ জলবায়ুত বেছিকৈ থাকে।

  • এই বৰ্ন স্ংকৰ জাতৰ গৰুবে অসমৰ গৰম জলবায়ু সহিব পৰা ক্ষমতা অতুত থাকে আৰু স্থানীয় বেমাৰ আজাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে।

  • দোভচীয়া গৰুৰ জাৰ্চী গুন ৫০ শতাংশতকৈ অধিক হলে গুন কেইটা লোপ পায়।

অসমৰ উপযোগী বৰ্ন সংকৰ খীৰতি গাইৰ গুণ সমূহ

  • প্ৰতি পিয়নত গাখীৰ উৎপাদন ক্ষমতা ১৫০০ কি:গ্ৰা: বা অধিক হব লাগিব।

  • জন্মৰ সময়ত পোৱালীৰ ওজন ১৬ কি:গ্ৰা বা ওপৰত খব লাগিব।

  • প্ৰাপ্ত বয়স্ক গাইৰ ওজন ৩৫০ কি:গ্ৰা:

  • প্ৰজননক্ষম বয়স ২০-২৪ মাহ।

  • প্ৰথম-পোৱালী দিওতে বয়স ৩০-৩৬ মাহ।

  • এটা পোবালী দিয়াৰ পাছত আনটো পোৱালীলৈ সময় ১২-১৩ মাহ।

  • প্ৰ্তি পিয়নত গাখীৰ দিয়া দিন ১০ মাহ।

  • গৰম জলবায়ু সহিব পৰা ক্ষমতা।

  • স্থানীয় বেমাৰ আজাৰ প্ৰ্তিৰোধ ক্ষমতা।

  • গাখীৰ উৎপাদন প্ৰ্তিদিনে ৫ কি:গ্ৰা বা অধিক হব লাগিব।

লগতে পঢ়ক-অধিক উৎপাদনত কৃত্ৰিম গো-প্ৰজনন পদ্ধতি

লেখকঃ ড০ দীপক কুমাৰ বৰা, অসম কৃষি বিশ্ববিদ্যালয় (সংগৃহীত)

English Summary: Improvement of indigenous breeds of cows for higher milk production

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.