1. পশুপালন

শীত কালত মাছৰ পোনা উৎপাদন আৰু প্ৰতিপালন কেনেকৈ কৰিব!

KJ Staff
KJ Staff

অসমত মাছ পালনৰ ক্ষেত্ৰত মীনপালকসকলে ভুগি থকা ডাঙৰ সমস্যাটো হ'ল উপযুক্ত সময়ত পালনৰ উপযোগী মীন পোনা নোপোৱাটো। ৰাজ্যখনৰ জলবায়বীয় পৰিবেশত মার্চ-এপ্রিল মাহৰ পৰা অক্টোবৰ-নবেম্বৰ মাহলৈকে মাছ বাঢ়নৰ উপযুক্ত সয়ম। এইখিনি সময়ত পানীৰ উষ্ণতা ২৮-৩২° চেন্টিগ্রেড থাকে যিটো মাছৰ বৃদ্ধিৰ বাবে অনুকূল। গতিকে মার্চ-এপ্রিল মাহত অন্ততঃ ২৫ গ্রাম ওজনৰ উন্নত মীন পোনা জলাশয়ত মেলিবলৈ আগৰ বছৰৰ আগস্ট-ছেপ্টেম্বৰেই পোনা মজুতকৰণৰ উপযুক্ত সময়।

পুখুৰীটো ভালদৰে প্ৰস্তুত কৰি লৈ আগৰ বছৰৰ পোনা পিচৰ বছৰলৈ প্রতিপালনৰ বাবে পোনা সংমিশ্ৰণৰ হাৰ তলৰ তালিকাত দেখুওৱাধৰণৰ।

প্ৰজাতি

 

শতকৰা হাৰ

 প্ৰতি বিঘাত সংখ্যা

 

ভকুৱা

২৫

৭,৫০০

 

ৰৌ

২৫

৭,৫০০

 

মিৰিকা

৩৩

৯,,৯০০

গ্ৰাছকাৰ্প

 

১৭

৫,১০০

 

                                          মুঠ ৩০,০০০

চাহিদা অনুযায়ী এটা মিৰিকা মাছৰ পোনাৰ বিপৰীতে দুটা কুঢ়ি বা মালি মাছৰ পোনা প্রতিপালন কৰিব পাৰি। দূবিঘা পানীকালিৰ পালন পুখুৰীৰ বিপৰীতে এক কঠাৰ এটা পোনা প্রতিপালন পুখুৰী থকাটো নিতান্তই প্রয়োজনীয়।

কিন্তু শীতৰ আগমনৰ লগে লগে মীন পোনা প্রতিপালন পুখুৰীত পানী কমি আহিব পাৰে। অন্য উৎসৰ পৰা পানীখিনি যাতে বীজাণুমুক্ত হয় তালৈ লক্ষ্য ৰখা উচিত। তদুপৰি অগভীৰ নলীনাদৰ পৰা পানী যোগান ধৰিলে পানীখিনি নলাৰে কিছু বোৱাই আনি পুখুৰীত পৰিবলৈ দিব লাগে। এনে কৰিলে পানীত থাকিব পৰা আইবন মাটিত শোষণ হ'ব। পোনা প্রতিপালন পুখুৰীত মাহিলি প্রতিবিঘা পানীকালিত ৫ কিলোগ্রাম খোৱা চূণৰ (Cao) প্রয়োগ নিশ্চিত কৰিব লাগে। চূণ প্ৰয়োগৰ ফলত পানী বীজাণুমুক্ত হোৱাৰ লগতে পানীৰ p"ৰ পৰিমাণো বাঢ়ি মাছ পালনৰ অনুকূল পৰিসৰত থাকে। পোনা প্রতিপালন পুখুৰীত মাছৰ খাদ্য যেনে চাউলৰ মল আৰু সৰিয়হৰ খলিহৈ নির্দিষ্ট অনুপাতত মিহলাই পাতল বস্তাত ভৰাই পুখুৰীত নিতৌ পুৱা দিয়াৰ ব্যবস্থা কৰিব লাগে। তদুপৰি পোনা প্রতি পালন পুখুৰীত যাতে শেলুৱৈৰ অতিচাৰ বৃদ্ধি হৈ ৰঙচুৱা আবৰণ পৰিব নোৱাৰে সেইটো নিশ্চিত কৰিব লাগে। পুখুৰীত কোনোধৰণৰ জলজ অপতৃণ থাকিব নালাগে আৰু পুখুৰীৰ পাৰত ওখ গছ-গছনি থাকিলে তাৰ ডালবোৰ কাটি দিব লাগে যাতে পুখুৰীটোত ৰদ পৰিব পাৰে।

তদুপৰি ঠাণ্ডাকালি সাধাৰণতে প্রাদুর্ভাব হোবা মাছৰ ঘা লগা মহামাৰী (EUS- Epizootic Ulcerative Syndrome)ৰ প্ৰতিষেধক হিচাপে প্রতি বিঘা পানীকালিত মাহিলি চূণ প্রয়োগৰ ৭-৮ দিন পাচত CIFAX নামৰ দৰববিধ ১০০ মিলিলিটাৰ, ১০ লিটাৰ পানীত মিহলাই পুখুৰীত ছটিয়াই দিব লাগে। এনেধৰণৰ ব্যৱস্থা হাতত ল'লে মীন পোনা প্রতিপালনৰ দ্বাৰা প্রতিবিঘা পুখুৰীৰ পৰা ছমাহত সকলো খৰচ বাদ দি ৩৫,০০০-৪০,০০০ টকা আয় কৰিব পাৰি।

 

-ড০ সঞ্জয় শৰ্মা

লগতে পঢ়ক-

Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ

 

English Summary: How to Produce and Care breed fish in winter!

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.