উষ্ণতাৰ লগত মাছ উৎপাদনৰ প্ৰত্যক্ষ সম্বন্ধ আছে। মাছ পালনৰ বাবে পানীৰ উষ্ণতাৰ অনুকূল পৰিসৰ ২৬০-৩২০ চেলছিয়াছ। অসমৰ জলবায়ুত পানীৰ অনুকূল উষ্ণতা মাত্ৰ আঠ মাহৰ (মাৰ্চ-অক্টোবৰ) বাবেহে থাকে। বছৰটোৰ বাকী চাৰি মাহত শীতৰ বাবে মাছৰ শাৰীৰিক বৃদ্ধিৰ হাৰ ব্যাহত হয়। তদুপৰি জলাশয়ত পানীৰ পৰিমাণ কমি আহে আৰু মাছবোৰ ইতিমধ্যে ডাঙৰ হৈ পৰাত পানীৰ গুণাগুণ নিম্নগামী হয়। শীতকালি মাছৰ ঘা লগা মহামাৰী অৰ্থাৎ ই ইউ এছ বেমাৰৰ আশংকাও বেছি। তদুপৰি শীতকালি মেঘাচ্ছন্ন বতৰত পুৱতি নিশা পানীত দ্ৰ্ৱীভূত অম্লজানৰ পৰিমাণ কমি যায় বাবে মাছবোৰে কাপ কাপ কৰি ওপৰলৈ উঠি আহে। এনে হোৱা দেখা মাত্ৰেই পাম্পৰ দ্বাৰা পানী উঠাই পুনৰ পুখুৰীত পেলাই দিব লাগে যাতে এই পানীখিনিয়ে বায়ুমণ্ডলৰ অক্সিজেন মিহলি কৰিব পাৰে। বজাৰত আজিকালি অক্সিফ্লো নামৰ এবিধ ৰাসায়নিক পদাৰ্থ ওলাইছে। প্ৰতিবিঘা পানীকালিত নিৰ্দিষ্ট পৰিমাণত এইবিধ ঔষধ প্ৰয়োগ কৰিলে সোনকালে সুফল পোৱা যায়।
শীতকাল পৰাৰ লগে লগে ৭০০-৮০০ গ্ৰাম ওজনপ্ৰাপ্ত মাছখিনি উঠাই বিক্ৰী কৰি দিব লাগে আৰু এই মাছৰ পৰিৱৰ্তে সমসংখ্যক একে প্ৰজাতিৰ মাছপোনা পুনৰ মেলিব লাগে। পুখুৰীত মেলিব বিচৰা সকলো মাছ পটাচিয়াম পাৰমেংগানেট দ্ৰ্ৱণত কিছু সময় ৰাখিহে মেলিব লাগে। আনকি পুখুৰীত মেলিব লগা জাল পটাছিয়াম পাৰমেংগানেট (০.৫ শতাংশ) দ্ৰৱণত ৰাখি শুকুৱাই ল’ব লাগে। পানীৰ পি এইচ সদায় ৭-৮.৫ৰ নিৰিখত ৰাখিব লাগে। পি এইচৰ পৰিমাণ নিৰ্ধাৰণত অসুবিধা হ’লে প্ৰতিবিঘা পানীকালিৰ পুখুৰীত অন্ততঃ শীতকালি ১৫-২০ কিঃ গ্ৰাঃ খোৱা চূণ প্ৰয়োগ কৰিব লাগে। এনেদৰে সাৱধানতা অৱলম্বন কৰিলে পুখুৰীটো মাছৰ ৰোগৰ পৰা হাত সৰাই ৰাখিব পাৰি।
যদি অসাৱধানবশতঃ জলাশয়টোত মাছৰ ঘা লগা মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটে, তেন্তে প্ৰতিৰোধক জালেৰে মাছ ধৰি ৫০০ পি পি এম পটাছিয়াম পাৰমেংগানেট দ্ৰ্ৱণত ডুবাই পুখুৰীত এৰি দিব লাগে। ৰোগৰ প্ৰাৰ্দুভাৱৰ লগে লগে জৈৱিক আৰু অজৈৱিক সাৰ প্ৰয়োগ বন্ধ কৰি ৰাখিব লাগে। ‘CIFAX’ নামৰ দৰবেৰে এইবিধ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।
শীতকালীন মাছক খাদ্যৰ যোগান কমকৈ ধৰিব লাগে, কিন্তু গ্ৰাছকাৰ্পৰ বাবে খাদ্য যেনে- কলপাত, ঘাঁহ আদি নিয়মিত যোগান ধৰিব লাগে।
সাধাৰণতে মাছৰ ঔষধ অসমৰ সকলো ঠাইতে সহজে উপলভ্য নহয়। ইয়াৰ ব্যৱসায় কৰিও বহুতো নিবনুৱা যুৱক-যুৱতীয়ে আত্মসংস্থাপন লাভ কৰিব পাৰে।
Share your comments