
ধৰালৈ শৰৎৰ আগমন হ’ল। শৰৎৰ আগমনৰ লগে লগে শীতকালও আৰম্ভ হ’ল। দূৰ্গাপূজা যোৱাৰ লগে লগে অসমত জাৰকালি আৰম্ভ হয়। শীতকালত আমাৰ মীনপালক সকলৰ বহু কৰণীয় থাকে। এই সময়খিনি বৰ জটিল। বাৰিষাকালত আমাৰ মীন পালকসকলৰ পুখুৰীত বাহিৰৰ পৰা সোমোৱা প্ৰদূষিত পানীয়ে পুখুৰীৰ পানীত বিভিন্ন বীজানুৰ সৃষ্টি কৰিব পাৰে আৰু এই বীজানুসমূহে শীতকালত পানীৰ উষ্ণতা কমি অহাৰ লগে লগে মাছৰ দেহত বেমাৰ সৃষ্টি কৰি মীনপালক সকলক লোকচানৰ সন্মুখীন কৰাব পাৰে।
সেয়েহে শীতকালৰ সময়ত আমাৰ মীন পালকসকলে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লাগে। মাছ শীতলৰক্তি প্ৰাণী, ই যিহেতু পানীত থাকে সেয়েহে মাছৰ দেহত বেমাৰ হ’লে তাক নিৰ্মূল কৰোতে খুব কষ্ট কৰিব লগা হয়। গতিকে পুখুৰীত মাছৰ বেমাৰ হোৱাৰ পিছত চিকিৎসা কৰাতকৈ পুখুৰীত যাতে মাছৰ বেমাৰ হ’ব নোৱাৰে তাৰ ওপৰত আমাৰ মীনপালকসকলে জাৰকালি অহাৰ আগে আগে অৰ্থাৎ অক্টোবৰ মাহত পুখুৰীত বহাগ জেঠ মাহত মেলা চিলভাৰ কাৰ্প আৰু গ্ৰাছ কাৰ্প মাছখিনি যাৰ গড় ওজন ১ কিঃ গ্ৰাঃ হৈছে তাক উঠাই বিক্ৰীৰ ব্যৱস্হা কৰিব লাগে। জাৰকালিৰ সময়ছোৱাত মাছৰ বেমাৰ-আজাৰ বেছি হয়, এই সময়ত পানীৰ গভীৰতাও কমি যায়, পুখুৰীত শেলাইৰ চামনিও পৰে। সেয়েহে চিলভাৰ কাৰ্পখিনি পুখুৰীত আৰু বেছি ডাঙৰ হ’ব বুলি ৰাখি থলে লগত থকা বাহু বাহু মাছখিনিও ডাঙৰ নহ’ব।
গতিকে অক্টোবৰ মাহৰ শেষৰ ফালে পুখুৰীৰ পৰা চিলভাৰ কাৰ্প আৰু ৫০ শতাংশ গ্ৰাছ কাৰ্প তুলি পেলাব পাৰিলে বাহু আৰু ৰৌ মাছ সোনকালে বাঢ়িব। শীতকালত অৰ্থাৎ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহত আমাৰ মীন পালকসকলে মীন পালনৰ বাবে কৰিবলগীয়া কাৰ্যপঞ্জী তলত দিয়া হ’ল-
নৱেম্বৰঃ
(ক) আমাৰ মীন পালকসকলে পুখুৰীৰ পানীৰ গুণাগুণ লক্ষ্য কৰিব লাগে। এবাৰ জাল মাৰি পুখুৰীত কোনবিধ মাছ কি হাৰত বাঢ়িছে সেয়া নিৰূপন কৰিব লাগে। জাল মৰাৰ পিছত মাছখিনি পুখুৰীত মেলোতে পটাছিয়াম পাৰমাংগা নেটযুক্ত পানীত জুবুৰিয়াই মেলিব। পটাছিয়াম পাৰমাংগানেটে ডেটলৰ দৰে কাম কৰে। অৰ্থাৎ জাল মাৰোতে যদি মাছৰ গাঁত আচোৰ পৰিছে তেন্তে সেই ঠাইত ঘাঁ হোৱাত পটাছিয়াম পাৰমাংগানেটে বাধা দিব।
(খ) পুখুৰীত পানীৰ পি. এইচ অনুসৰি ইতিমধ্যে নিৰ্ধাৰণ কৰি লোৱা নিৰিখত চূণ প্ৰয়োগ কৰিব লাগে। নিৰ্ধাৰিত চূণৰ পৰিমাণত ১০:১ অনুপাতত চূণৰ লগত হালধি মিহলাই পানীত ছটিয়াই দিব লাগে। ১০:১ মানে হ’ল ১০ কেজি চূণৰ লগত ১ কেজি হালধি গুৰি গুলি লৈ পুখুৰীৰ পানীত ছটিয়াই দিব লাগে। পুখুৰীৰ আকাৰ অনুসৰি ইয়াৰ পৰিমাণ বেলেগ বেলেগ হয়।
(গ)পুখুৰীৰ পানীত যদি চূণৰ লগত হালধি ব্যৱহাৰ নকৰে তেনেহ’লে প্ৰতিশেধক হিচাপে চুক্ৰেনা ডব্লিউ এচ (sukrena W S) বা CIFAX ও ব্যৱহাৰ কৰিব পাৰো। ৰাসায়নিক দ্ৰব্য CIFAX বা sukrena W S ব্যৱহাৰ কৰিলে অতি কমেও তিনিদিন সেই পুখুৰীৰ পানী মানুহ, গৰু, ছাগলী, হাঁহ-কুকুৰা আদিয়ে খোৱা অনুচিত।

(ঘ) যদি পুখুৰীৰ পানী গোন্ধোৱা নাই অথবা পুখুৰীত শেলাই পৰা নাই তেন্তে বিঘাই প্ৰতি ১৩৫ কিঃ গ্ৰাঃ হাৰত কেঁচা গোবৰ প্ৰয়োগ কৰক।
(ঙ) কেঁচা গোৱৰ প্ৰয়োগ কৰাৰ ৭ দিন পিছত বিঘাই প্ৰতি ২.৫ কিঃ গ্ৰাঃ ইউৰিয়া আৰু ৩.৭ কিঃ গ্ৰাঃ চিঙ্গল চুপাৰ ফছফেট সাৰ প্ৰয়োগ কৰক।
(চ) প্ৰতিদিনে মাছৰ খাদ্য যোগান ধৰক। কৃত্ৰিম খাদ্য দৈনিক লাৰু কৰি পুখুৰীত দিয়াৰ ব্যৱস্হা কৰক।
(ছ) গ্ৰাছ কাৰ্পৰ বাবে নিয়মীয়া ঘাহঁৰ যোগান ধৰক।
(জ) প্ৰতিদিনে পুৱা পুখুৰীটো নিৰীক্ষণ কৰক। পুখুৰীটোত যাতে চৰাই নপৰে তাৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখক।
ডিচেম্বৰঃ
নৱেম্বৰ মাহত কৰা কামখিনি ডিচেম্বৰ মাহতো কৰিব লাগে। এই সময়ছোৱাত পানীৰ উষ্ণতা কমি যায় আৰু গভীৰতা কমি যায়। সেয়েহে এই সময়খিনি মাছৰ ঘাঁ মহামাৰী (এপিজুটিক আলচাৰেচিভ চিনড্ৰম) হোৱাৰ ভৰপক সময়। গতিকে বাহিৰৰ পৰা অহা গৰু ছাগলী অথবা চৰাই চিৰিকটিয়ে যাতে পুখুৰীলৈ এই বেমাৰৰ বীজানু কঢ়িয়াব নোৱাৰে তাৰ বাবে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। ডিচেম্বৰ মাহত পুখুৰীত জাল মাৰিব নালাগে, জাল মাৰিলেও জালখন বীজানুমুক্ত কৰি লৈহে ব্যৱহাৰ কৰিব লাগে। পুখুৰীৰ পানী কমি যোৱাৰ বাবে পুখুৰীত সাৰ প্ৰয়োগ অথবা খাদ্য যোগান স্হগিত ৰাখিব লগীয়া হবও পাৰে। পৰাপক্ষত ওচৰতে থকা মীন উন্নয়ন বিষয়াৰ লগত এই সময়ছোৱাত যোগাযোগ কৰিব লাগে।
জানুৱাৰীঃ
পুখুৰীত সমুদায় মাছৰ ওজন কিমান হ’ব পাৰে তাক অনুমান কৰিব লাগে। জানুৱাৰী মাহৰ মাছ ভাগ অৰ্থাৎ মাঘ বিহুৰ আগে আগে পুখুৰীৰ মাছ বিক্ৰীৰ ব্যৱস্হা কৰিব লাগে। পুখুৰীৰ পানী সিচি সকলো মাছ উঠাই পেলাওক। মনত ৰাখিব মাছ দুবছৰীয়া খেতি নহয়। পুখুৰীৰ মাছ বিক্ৰীৰ পিছত মাঘ বিহু শেষ হোৱাৰ লগে লগে পুখুৰীটোৰ তলিৰ বোকা আঁতৰাই তলিখন ভালদৰে ৰদত শুকাই লৈ পিছৰ বছৰত মাছ পালনৰ বাবে পুখুৰীটো প্ৰস্তুতৰ ব্যৱস্হা কৰিব লাগে। বৈজ্ঞানিক পদ্ধতিৰে পুখুৰীত মাছ পালনৰ বাবে এক নিয়ম ভিত্তিক সকলো কাম সময় অনুসৰি কৰিলে মাছৰ উৎপাদন বৃদ্ধি হ’ব। মাছৰ উৎপাদন বৃদ্ধি হ’লেহে আমি স্বাৱলম্বী হ’ব পাৰিম। মাছৰ চাহিদা অনুপাতে উৎপাদন হ’লে আমিও মাছ খাব পাৰিম ক’ম দামত। বিহু বা অন্য উৎসৱ পাৰ্বনত স্হানীয় মাছেৰে এখাজ উদৰ পূৰাই খাব পাৰিম।
লগতে পঢ়ক-শীতকালত মীনপালকসকলে মাছৰ ল’বলগীয়া যতন!
প্ৰতুল ডেকা,
মীন উন্নয়ন বিষয়া,
মীন বিভাগ, অসম চৰকাৰ
Share your comments