অসমৰ নদী, বিল,জলাশয় আদিত বিভিন্ন ধৰণৰ মাছ পোৱা যায়। অসমৰ কাৱৈ, তোৰা, গৰৈ, পুঠি, চন্দা, মাগুৰ, শিঙি, বামি ইত্যাদি থলুৱা মাছবোৰৰ চাহিদা বজাৰত যথেষ্ট বেছি। অসমৰ থলুৱা মাছ বিভিন্ন ঠাইলৈ ৰপ্তানি হোৱা দেখা যায়।
বাৰিষা আৰম্ভ হোৱাৰ লগে লগে চ’ত-বহাগ মাহৰ পৰা আহাৰ মাহৰ ভিতৰত মাছবোৰ প্ৰজননক্ষমতা হৈ উঠে।মাছৰ কণীবোৰৰ আকৃতি যথেষ্ট সৰু হোৱাৰ কাৰণে এজনী মাইকী মাছে পাঁচশৰ পৰা পোন্ধৰ হাজাৰতকৈ অধিক কণী দিব পাৰে।আহাৰ মাহৰ পাছত নদী,জলাশয় বোৰত মাছেৰে ওপচি পৰে।
বৰ্তমান অসমত থলুৱা মাছৰ সংখ্যা কমি আহিছে। অসমৰ পানীৰ প্ৰাকৃতিক উৎস নদী,জলাশয় সমূহত নাৰ,পাভ,বাট,লাল ইত্যাদি মাছ বিলুপ্ত হোৱা দেখা গৈছে। থলুৱা মাছ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱতন কৰা থলুৱা মাছৰ আইনখনক গুৰুত্ব নিদি মানুহে সময়ে সময়ে কণীযুক্ত প্ৰজননক্ষম মাছ নিধন কৰি আহিছে।
চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাং বেপাৰীৰ লগতে গ্ৰাম্য অঞ্চলৰ এচাম মানুহ একেবাৰে সজাগ নহয়। সজাগ হোৱাৰ বিপৰীতে কণীযুক্ত মাছবোৰ ধৰি বেপাৰ কৰে। বৰষুণ পালে উজান পৰা প্ৰজননক্ষম মাছবোৰ বিভিন্ন সজুলিৰ সহায়ত ধৰি মানুহে শেষ কৰি দিয়ে। এজনী মাইকী গাভিনী মাছ ধৰাৰ ফলত কেইবা হাজাৰো মাছৰ পোৱালি ধ্বংস হয়। এনেদৰে ধ্বংস কৰি থাকিলে ৰাজ্যখন সম্পদ স্বৰূপ থলুৱা মাছবোৰ হয়তো এদিন অসমৰ নদী, বিল সমূহৰ পৰা হেৰাই যাব।
অসমৰ থলুৱা প্ৰজাতিৰ মাছবোৰে যাতে বংশবৃদ্ধি কৰিব পাৰে তাৰ প্ৰতি মানুহ জাতিটোৱে সুবিধা আৰু গুৰুত্ব দিয়া উচিত। তেতিয়াহে অসমৰ থলুৱা তথা আলংকৰিক মাছবোৰ জীয়াই থাকিব। বিভিন্ন প্ৰজাতিৰ মাছবোৰ জীয়াই ৰখাৰ দায়িত্ব আমাৰ, ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই।
প্ৰজননক্ষম থলুৱা মাছবোৰ যদি আমি ধ্বংস কৰি থাকো মাছৰ চাহিদা পূৰ্ণ কৰিবলৈ অন্ধপ্ৰদেশ, পশ্চিমবংগ আদি ৰাজ্যৰ ওপৰত অসমখন অধিক নিৰ্ভৰশীল হৈ পৰিব। গতিকে সচেতনতা গঢ়ি তুলি থলুৱা প্ৰজননক্ষম আৰু আলংকৰিক মাছবোৰ ৰক্ষা কৰো আহক।
লেখক-নিবেদিতা ৰাজখোৱা (সংগৃহীত)
ফোন নং-৯১০১৮৩৬৯৪৪
Share your comments