1. পশুপালন

গৰুৰ গোবৰ আৰু কৃষি আৱৰ্জনাৰ পৰা উৎপাদন কৰিব বিদ্যুৎ

KJ Staff
KJ Staff
Chhattisgarh to Generate Electricity from Cattle Dung & Agriculture Waste
Chhattisgarh to Generate Electricity from Cattle Dung & Agriculture Waste

ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ (Bhabha Atomic Research Centre) ছত্তীশগড় চৰকাৰক বিদ্যুৎ উৎপাদন গোট স্থাপনত সহায় কৰিব যিটো  গোবৰ আৰু কৃষিজাত আৱৰ্জনা ব্যৱহাৰ কৰি উৎপাদন কৰা হ’ব ।

গোধান ন্যায় আঁচনিৰ জৰিয়তে  গো-মুত্ৰ আৰু গৰু গোৱৰ ক্ৰয় কৰা হ’ব । মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে শুকুৰবাৰে ৰাজ্যৰ মুখ্য সচিব অমিতাভ জৈনক -কৃষি খণ্ডত গৰুৰ প্ৰস্ৰাৱৰ বৈজ্ঞানিক আৰু প্ৰণালীবদ্ধতাৰ বাবে সপ্তাহৰ ভিতৰত এক কাৰ্য পৰিকল্পনা দাখিল কৰিবলৈ কৈছিল ।

কৃষি বিজ্ঞানী, কৃষক, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰস্ৰাৱ প্ৰতিষ্ঠান আৰু কামধেনু বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞ সৈতে পৰামৰ্শ গ্ৰহণ কৰি পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰিবলৈ মুখ্যমন্তীগৰাকীয়ে মুখ্য সচিবক নিৰ্দেশ দিয়ে ।

"ৰাসায়নিক সাৰ আৰু বিষাক্ত কীটনাশকৰ নিৰন্তৰ ব্যৱহাৰৰ সৈতে মাটিৰ উৰ্বৰতা ক্ৰমান্বয়ে হ্ৰাস পাইছে," বাঘেলে সংবাদ মাধ্যমৰ কয় । কৃষিক্ষেত্ৰত ৰাসায়নিক পদাৰ্থৰ অত্যাধিক পৰিমাণে সাধাৰণ জনতাৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে । ৰাজ্যখনৰ গৌথানত তৈয়াৰ কৰা ভেৰ্মিন কম্পোষ্ট আৰু চুপাৰ কম্পোষ্টৰ ব্যৱহাৰে অনুকূল ফলাফল দেখুৱাইছে । ছত্তীশগড় জৈৱিক আৰু পুনৰ্গঠনমূলক কৃষিৰ দিশে আগবাঢ়িছে।"

শনিবাৰে, Bhabha Atomic Research Centre (BARC) য়ে গোবৰ আৰু খেতিৰ আৱৰ্জনা ব্যৱহাৰ কৰি বিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ৰাজ্যখনৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।

কৰ্তৃপক্ষৰ মতে, কেন্দ্ৰটোৱে খাদ্য সামগ্ৰী, বিশেষকৈ ফল, পাচলি আৰু মাহজাতীয় শস্য নষ্ট হোৱা প্ৰতিহত কৰাৰ লগতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ উন্নত মূল্য নিশ্চিত কৰাত সহায় কৰিব।

কৃষি উৎপাদন আয়ুক্ত কমল প্ৰীত সিঙৰ মতে, বিকিৰণ প্ৰযুক্তিৰ ব্যৱহাৰ চেল্ফ লাইফ সম্প্ৰসাৰিত কৰিবলৈ আৰু খাদ্য সামগ্ৰীৰ মানদণ্ড বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হ’ব । সিঙৰ মতে, লোকসকলক এই প্ৰযুক্তিব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ দিয়া হ'ব।

লগতে পঢ়কঃ ৪২% লৈ বৃদ্ধি হালধিৰ ৰপ্তানি, কৃষকৰ উপাৰ্জনত হ'ব এক ডাঙৰ বৃদ্ধি

English Summary: Chhattisgarh to Generate Electricity from Cattle Dung & Agriculture Waste

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.