ছাগলী পাম এখনৰ সফলতা নিৰ্ভৰ কৰে বিজ্ঞানসন্মত প্ৰতিপালনৰ ওপৰত যাতে পোৱালিবোৰ স্বাস্থ্যবান হয় আৰু মৃত্যুৰ হাৰ কমে।
- জন্মৰ পাছতেই চকু, মুখ, নাক, কাণ আদিৰ পৰা বিজলুৱা পদার্থসমূহ পাতল চাফা কাপোৰেৰে শুকানকৈ মচিব লাগে। পোৱালিটো মাকৰ আগত থলে বিজলুৱা পদার্থবোৰ জিভাৰে চেলেকি চাফা কৰে।
- নাড়ী যদি চিঙি নাযায় তেনেহলে ৪৭ চেঃমিঃ দূৰত কাটি টিনচাৰ আয়’ডিন লগাই দিব লাগে।
- পোৱালি দিয়াৰ আধাঘণ্টা পাছত মাকৰ প্ৰথম গাখীৰ (ফেহু) খাবলৈ দিব লাগে আৰু ৩/৪ দিনলৈ খুৱাব লাগে।
- পোৱালি জন্মৰ পিছত ওহাৰখন কুহুমীয়া পটাছ পানীৰে ধুই মছি শুকান কৰি পোৱালিক গাখীৰ খুৱাব লাগে।
- পোৱালিক দিনত মাকৰ গাখীৰ ৩/৪ বাৰ খুৱাব লাগে। বয়স ২১-২৮ দিন হলে পোৱালিৰ দানা গাখীৰৰ লগত মিহলাই খুৱালে ভাল।
লগতে পঢ়ক-
ছাগলীৰ কেইবিধমান উন্নত প্ৰকাৰৰ জাত; ইয়াক পালন কৰিলে ক’ম সময়তে হ'ব অধিক লাভৱান!
- এমাহ পূর্ণ হলে কৃমিৰ ঔষধ খুৱাব লাগে।
- পোৱালিবোৰক ৩-৪ মাহত গাখীৰ এৰুৱাব লাগে আৰু কটা ঘাঁহ, খেৰ, দানাৰ যোগান ধৰিব লাগে।
গাভিনী ছাগলীৰ যত্নঃ
- ছাগলী এজনীয়ে গর্ভধাৰণৰ ১৪৮ দিনৰ মুৰত পোৱালি দিয়ে।
- পৰাপক্ষত জাকৰ পৰা আতৰাই বিশেষভাবে যত্ন লৈ উপযুক্ত পৰিমাণৰ খাদ্যৰ যোগান ধৰিব লাগে।
- গাভিনী ছাগলী পৰিবহণ কৰিব বা দূৰলৈ চৰাব নিবলৈ নালাগে।
- পোৱালি জন্ম হোৱা কোঠাটো পৰিষ্কাৰ হব লাগে।
- অকলশৰে থাকিব দি মাজে মাজে নিৰীক্ষণ কৰি থাকিব লাগে।
- পোৱালি জন্মৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ফুল নসৰিলে ওচৰৰ পশুচিকিৎসকক খবৰ দিব লাগে।
অধিক জানিবৰ বাবে নিকটবর্তী পশুপালন আৰু পশুচিকিৎসা বিষয়াৰ সৈতে যোগাযোগ কৰক।
লেখাটোৰ উৎস- Animal Husbandry and Veterinary Department, Assam ৰ ফেচবুক পোষ্ট।
লগতে পঢ়ক-
Share your comments